মূলঃ সুহৃদ শংকৰ
চট্টোপাধ্যায়,
‘ফ্রণ্টলাইন’ আলোচনী, ১১ নৱেম্বৰ, ২০১৬ সংখ্যা
‘ফ্রণ্টলাইন’ আলোচনী, ১১ নৱেম্বৰ, ২০১৬ সংখ্যা
অনুবাদঃ ময়ূৰ চেতিয়া
১৯৬৫ চনৰ এটা সাক্ষাৎকাৰত মানুহজনক সোধা হৈছিল – তেওঁ নিজকে এজন কবি বুলি ভাবে নে
গায়ক বুলি ভাবে। উত্তৰত মানুহজনে কৈছিল – “মই নিজকে এজন নাচ গান কৰি ভাল পোৱা মানুহ বুলিহে ভাবো”।
এই সাক্ষাৎকাৰৰ সুদীর্ঘ ৫১ বছৰৰ পাছত মানুহজনক
সাহিত্যৰ নবেল বঁটা প্রদান কৰা হল। কোৱা হল “আমেৰিকান সংগীত পৰম্পৰাৰ জগতখনত অভিনৱ কাব্যিক প্রকাশভংগী সৃষ্টি কৰাৰ
বাবে তেওঁক এই বঁটা প্রদান কৰা হৈছে”। কথাষাৰ মিছা নহয়। এই পাঁচোটা দশকত তেওঁ
জনপ্রিয় সংগীতৰ সমস্ত ধাৰাটোকেই সলনি কৰি পেলালে, গীত ৰছনাৰ কলাটিক তেওঁ নতুনকৈ
সংজ্ঞায়িত কৰিলে, তাক তেওঁ কবিতাৰ স্তৰলৈ লৈ গল। তেওঁ যে আধুনিক যুগৰ এজন অন্যতম
সাংস্কৃতিক পুৰোধা ব্যক্তি – এই বিষয়ে কোনো সন্দেহ নাই।
আজিৰ যুগৰ সামগ্রিক সাংস্কৃতিক
জগতখনৰ বিষয়ে ভাবক আৰু কল্পনা কৰক যে বব ডিলান বোলা ব্যক্তিজন কেতিয়াও নাছিলেই।
কথাষাৰ অদ্ভুত নালাগিবনে? এইবুলি কলে হয়তো বেছি কোৱা নহব যে তেওঁৰ অবিহনে এই
পৃথিবীখন বহুখিনি বেলেগ হলহেতেন। বিগত পঞ্চাছ বছৰ ধৰি ডিলানে তেওঁৰ গীতসমূহৰ জৰিয়তে
মানুহক বৈকল্পিকভাৱে চিন্তা
কৰিবলৈ শিকাই আহিছে। জীৱন আৰু
সমাজৰ বিষয়ে তেওঁ এক বৈকল্পিক দৃষ্টিভংগী প্রদান কৰিছে আৰু পূর্বাগ্রহ, সংঘাত আৰু
লোভেৰে পৰিপূর্ণ এই জগতখনত তেওঁ অনিচ্ছা স্বত্তেও যেন এক বিবেকৰ ভূমিকা পালন কৰি
আহিছে।
“Hey, hey, Woody
Guthrie, I wrote you a song
’Bout a funny ol’ world that’s a-comin’ along
Seems sick an’ it’s hungry, it’s tired an’ it’s torn
It looks like it’s a-dyin’ an’ it’s hardly been born”
(Bob Dylan, 1962).
কিন্তু একেসময়তে ডিলান প্রেম আৰু সৌন্দর্যৰো
কবি, সুখ আৰু যন্ত্রণাৰ ক্ষণভঙ্গুৰ মুহূর্তবোৰো তেওঁৰ কবিতাত জীৱন্ত হৈ উঠে, তেওঁ আমাক গৰিমা আৰু
মূঢ়তাৰে পৰিপূর্ণ জীৱনৰ কাহিনী
শুনায়। তেওঁ প্রতিবাদৰ চিৰমুখৰ কণ্ঠ, শোষিতজনৰ কবি, চিৰসেউজ বিদ্রোহী গানৰ ৰচয়িতা,
শব্দৰ খনিকৰ। তেওঁ
কলাক তাৰ সংকীর্ণ বিভাজনবোৰৰ পৰা উলিয়াই আনি মুক্ত কৰে, সৃষ্টিৰ চূড়ান্ত সীমালৈকে
তেওঁ তাক লৈ যায়। কিন্তু এই সমস্ত কৃতিত্বৰ পাছতো তেওঁ ৰাইজৰ সমুখত, মঞ্চত গীত
গাবলৈ এৰা নাই – তেওঁ যে নাচ গান কৰি ভাল পোৱা মানুহ!