Tuesday, August 29, 2017

মার্ক্সবাদ, উদাৰবাদ আৰু সমকালীন পৃথিৱী

ৰুছ বিপ্লৱৰ শতবার্ষিকী বক্তৃতা -৪ 
মূলঃ প্রভাত পাটনায়ক
ভাবানুবাদঃ ময়ূৰ চেতিয়া

(ৰুছ বিপ্লৱৰ শতবর্ষ উপলক্ষে প্রদান কৰা ভাষণাৱলীৰ চতুর্থ তথা অন্তিমটো ভাষণৰ মুকলি অনুবাদ। ইতিমধ্যেই “অক্টোবৰ বিপ্লৱ আৰু মার্ক্সীয় তত্ত্ব”, “লেনিনীয় সন্ধিক্ষণ”, তথা “পুঁজিবাদৰ স্বতঃস্ফূর্ততা” শীর্ষক প্রথম তিনিটা ভাষণৰ অনুবাদ আগবঢ়োৱা হৈছে – অনুবাদক)।

পূর্বৰ ভাষণটোত মই “পুঁজিবাদৰ স্বতঃস্ফূর্ততা” সম্পর্কে আলোচনা কৰিছিলো। এই স্বতঃস্ফূর্ততাক চিনাক্ত কৰিব পৰাৰ মাজতেই মার্ক্সবাদ তথা উদাৰবাদৰ মূল পার্থক্য লুকাই আছে। মই ভাবো যে ইয়েই মার্ক্সবাদৰ স্বকীয়তাও প্রদর্শন কৰে; ৰিকার্ডো আৰু স্মিথৰ পৰা মার্ক্স কিমানখিনিলৈ আগুৱাই গৈছিল, ই আমাক তাৰো সন্ধান দিয়ে। এই পার্থক্যৰ কথা সাধাৰণতেই মানি লোৱা নহয়। কেৱল পল চেমুৱেলচনৰ দৰে উদাৰবাদীয়েই নহয় - যি মার্ক্সক এজন “সৰু সুৰা উত্তৰ ৰিকার্ডোবাদী” বুলি কৈছিল- আনকি বহুতো মার্ক্সবাদীয়েও এই কথাষাৰৰ ওপৰত গুৰুত্ব নিদিয়ে। এনে বহুতো মার্ক্সবাদীৰ মতে মার্ক্সৰ অৱদান এইখিনিতেই আছিল যে তেওঁ ধ্রুপদী ৰাজনৈতিক অর্থনীতিক এক ঐতিহাসিক দৃষ্টি প্রদান কৰিছিল (বা “ৰিকার্ডোৰ ঐতিহাসিকীকৰণ” কৰিছিল)। কিন্তু কেনেদৰে মার্ক্সে ব্যৱস্থাটোৰ “স্বতঃস্ফূর্ততা”ৰ দিশটোৰ ওপৰত আলোকপাত কৰি সমস্ত ধ্রুপদী ৰাজনৈতিক অর্থনীতিৰ ধাৰাটোকেই উলট-পালট কৰি দিছিল, সেয়া তেওঁলোকে মন নকৰে। 

Saturday, May 27, 2017

পুঁজিবাদৰ স্বতঃস্ফূর্ততা: প্রভাত পাটনায়ক

অনুবাদঃ ময়ূৰ চেতিয়া



(ৰুছ বিপ্লৱৰ শতবর্ষ উপলক্ষে প্রদান কৰা ভাষণাৱলীৰ তৃতীয়টো ভাষণৰ মুকলি অনুবাদ। ইতিমধ্যেই “অক্টোবৰ বিপ্লৱ আৰু মার্ক্সীয় তত্ত্ব” তথা “লেনিনীয় সন্ধিক্ষণ” শীর্ষক প্রথম দুটা ভাষণৰ অনুবাদ আগবঢ়োৱা হৈছে। সোনকালেই চতুর্থটো ভাষণৰো অনুবাদ আগবঢ়োৱা হব – অনুবাদক)। 

উত্তৰ-বিশ্বযুদ্ধ কালছোৱাত পুঁজিবাদৰ এক পুণর্গঠন প্রক্রিয়া সম্পন্ন কৰা হৈছিল যাৰ ভিতৰত উপনিবেশবোৰৰ মুক্তকৰণ, কেইনচীয় চাহিদা মেনেজমেণ্ট নীতি তথা সার্বজনীন ভোটাধিকাৰভিত্তিক গণতন্ত্র স্থাপন অন্যতম উপাদান আছিল। ই আচলতে পুঁজিবাদে আগবঢ়োৱা কেতবোৰ ৰেহাইকেই সূচীত কৰিছিল কিয়নো সেই সময়ছোৱাত কমিউনিজমৰ ভূতে সমগ্র বিশ্বখন পেপুঁৱা লগাই থৈছিল। এফালে ফেচীবাদবিৰোধী সংগ্রামত সিবিলাকৰ ভূমিকাৰ বাবে ছোভিয়েট ইউনিয়ন তথা ইউৰোপৰ বিভিন্ন কমিউনিষ্ট দলবোৰ সকলোৰে সন্মানৰ পাত্র হৈ পৰিছিল, আনফালে চীনত নব্য গণতান্ত্রিক বিপ্লৱ সংঘটিত হৈছিল। পূব ইউৰোপৰ বিভিন্ন দেশো ৰেড আর্মিৰ দখললৈ আহিছিল। অৱশ্যে এইটোও সঁচা যে য়াল্টা চুক্তিয়ে পশ্চিম ইউৰোপত ছোভিয়েট ইউনিয়নৰ হাত বান্ধি থৈছিল; পূব ইউৰোপত সমাজবাদ স্থাপনৰ প্রতিদান হিচাপে ছোভিয়েট ইউনিয়নে ফ্রাঞ্চ, ইটালী তথা গ্রীচৰ কমিউনিষ্ট জনজাগৰণত কোনো হস্তক্ষেপ কৰিব পৰা নাছিল। উত্তৰ যুদ্ধকালৰ প্রথমটো নির্বাচনত ইটালীৰ কমিউনিষ্ট পার্টি দেশখনৰ সর্ববৃহৎ দল হিচাপে আৱির্ভাৱ হোৱা সত্তেও দলটোক চৰকাৰ গঠন কৰিবলৈ দিয়া হোৱা নাছিল। ঠিক তেনেকৈয়ে গ্রীচৰ গৃহযুদ্ধত স্থানীয় কমিউনিষ্ট পার্টিয়ে অকলেই বৃটিছ সাম্রাজ্যবাদৰ আশীর্বাদপুষ্ট প্রতিক্রিয়াশীল শক্তিবোৰৰ সৈতে যুঁজিব লগা হৈছিল। যি কি নহওঁক, মুঠৰ ওপৰত মেট্র’পলিটান পুঁজিবাদে কমিউনিজমৰ ভাবুকিটোক অতি গম্ভীৰভাৱে গ্রহণ কৰিছিল। অতি সোনকালেই শীতল যুদ্ধৰ আৰম্ভণি ঘটিছিল আৰু আমি ইতিমধ্যেই উল্লেখ কৰাৰ দৰে কমিউনিজমৰ প্রত্যাহবানটোৰ সৈতে মোকাবিলা কৰিবলৈ পুঁজিবাদৰ এক পুণর্গঠন প্রক্রিয়া হাতত লোৱা হৈছিল।

Wednesday, May 3, 2017

থেছিছ অন ফয়াৰবাখ - কার্ল মার্ক্স

অনুবাদঃ ময়ূৰ চেতিয়া

মার্ক্সৰ এই পাঠটো লিখা হৈছিল ১৮৪৫ চনত কিন্তু ১৯২৪ চনতহে ই প্রথমবাৰৰ বাবে ছপাশালৰ মুখ দেখিছিল; মস্কোস্থিত ‘ইনষ্টিট্যুট অফ মার্ক্সিজিম লেনিনিজিম’ৰ দ্বাৰা ৰাছিয়ান আৰু জার্মান ভাষাত পাঠটো প্রথমবাৰ প্রকাশ কৰা হৈছিল। ইংৰাজীত প্রথমবাৰৰ বাবে পাঠটো প্রকাশ কৰা হৈছিল ‘জার্মান আইডিয়লজী’ গ্রন্থখনৰ অংশ হিচাপে, ১৯৩৮ চনত। 
--------------------------------------------------------------
(১)
আজিলৈকে অস্তিত্বমান সকলো ভৌতিকবাদৰ (যাৰ ভিতৰত ফয়াৰবাখৰ ভৌতিকবাদো অন্তর্ভুক্ত) মূল সমস্যা আছিল এই যে ই বস্তু, বাস্তৱ তথা ইন্দ্রিয়গ্রাহ্যতাক কেৱল বস্তু বা চিন্তনৰ বস্তু বুলি গণ্য কৰিছিল; ই সিবিলাকক মানৱীয় ইন্দ্রিয়গ্রাহ্য(sensuous) কার্যকলাপ বা অনুশীলন হিচাপে অর্থাৎ বিষয়ীগতভাৱে গণ্য কৰা নাছিল। ফলত সক্রিয় দিশটো ভৌতিকবাদৰ বিপৰীতে ভাৱবাদেই বিকশিত কৰিছিল – কিন্তু এই বিকাশ কেৱল বিমূর্তভাৱেহে সম্ভৱপৰ হৈছিল কিয়নো ভাৱবাদে বাস্তৱিক ইন্দ্রিয়গ্রাহ্য কার্যকলাপক চিনিব নোৱাৰে। ফয়াৰবাখে ইন্দ্রিয়গ্রাহ্য বস্তুবোৰক চিন্তনৰ বস্তুৰ পৰা পৃথককৈ চাব খোজে কিন্তু তেওঁ স্বয়ং মানৱীয় কার্যকলাপক বস্তুগত কার্যকলাপ হিচাপে গণ্য নকৰে। সেয়েহে তেওঁ The Essence of Christianity গ্রন্থখনত কেৱল তাত্ত্বিক দৃষ্টিভংগীকেই একমাত্র সঠিক মানৱীয় দৃষ্টিভংগী বুলি অভিহিত কৰিছে আৰু আনহাতে অনুশীলনক কেৱল পৰিঘটনাৰ স্তৰত সূত্রায়িত কৰিছে। সেয়েহে তেওঁ বৈপ্লৱিক কার্যকলাপ বা ‘ব্যৱহাৰিক-সমালোচনামূলক কার্যকলাপ’ৰ তাৎপর্য বুজিব পৰা নাই। 

(২)
মানৱ চিন্তনক বস্তুগত সত্য বুলি গণ্য কৰিব পাৰিনে নাই – এই প্রশ্নটো তত্ত্বগত প্রশ্ন নহয়, বৰং ই হৈছে এটা ব্যৱহাৰিক প্রশ্ন। মানুহে তেওঁৰ সত্যক – অর্থাৎ তেওঁৰ চিন্তনৰ বাস্তৱতা, শক্তি তথা একপক্ষীয়তাক অনুশীলনৰ জৰিয়তে প্রমাণিত কৰিব লাগিব। চিন্তন বাস্তৱ হয়নে নহয় - এই বিষয়ক সমস্ত প্রশ্নবোৰ – যি অনুশীলনৰ পৰা নিজকে আঁতৰাই ৰাখে –বিশুদ্ধ বিদ্যায়তনিক প্রশ্নৰ বাহিৰে আন একো নহয়।

(৩) 
এই ভৌতিকবাদী ধাৰণাটো – যে মানুহ হৈছে পৰিস্থিতি আৰু লালন-পালনৰ উৎপাদ আৰু সেয়েহে পৰিস্থিতি আৰু লালন-পালন পৰিবর্তিত হলে মানুহৰো পৰিবর্তন ঘটিব – এই ধাৰণাটোৱে পাহৰি যায় যে স্বয়ং মানুহেই পৰিস্থিতিও সলনি কৰে; অর্থাৎ শিক্ষকসকল নিজেও শিক্ষিত হৈ লব লাগিব। ফলত এই ধাৰণাটোৱে সমাজখনক দুটা ভাগত বিভক্ত কৰে যাৰ এটা ভাগক সমাজখনতকৈ শ্রেষ্ঠ বুলি কোৱা হয়। পৰিবর্তিত পৰিস্থিতি আৰু মানুহৰ স্ব-পৰিবর্তন (অর্থাৎ মানৱীয় কার্যকলাপ) – এই দুয়োৰে সংযোগ(coincidence) কেৱল বিপ্লৱী অনুশীলনৰ ৰূপতহে চিত্রায়িত তথা বুজিব পৰা যায়।

(৪)
ফয়াৰবাখে ধর্মীয় আত্ম-বিচ্ছেদৰ পৰিঘটনাটোৰ পৰা আৰম্ভ কৰিছে; এই পৰিঘটনাটোৱে পৃথিৱীখনক দুখন পৃথিৱীলৈ পৰিণত কৰে - এফালে এখন ধর্মীয় তথা কাল্পনিক পৃথিৱী, আনফালে এখন চেকুলাৰ পৃথিৱী। ফয়াৰবাখে ধর্মীয় পৃথিৱীখনৰ ৰহস্যৰ সন্ধান চেকুলাৰ পৃথিৱীখনৰ মাজতেই কৰিছে। কিন্তু ফয়াৰবাখে মন কৰা নাই যে এয়া কামৰ আৰম্ভণিহে মাত্র; এতিয়াও মূল কামফেৰা কৰিবলৈ বাকী আছে। এই যে চেকুলাৰ পৃথিৱীখনে নিজকে আকাশলৈ [ধর্মীয় পৃথিৱীখনৰ ৰূপত] প্রক্ষেপ কৰে আৰু ডাৱৰৰ মাজত লুকাই ৰহস্যঘন হৈ পৰে, তাৰ অর্থ হৈছে – এই পৰিঘটনাটোৰ কাৰণ চেকুলাৰ পৃথিৱীখনৰ আভ্যন্তৰীণ সংঘাত তথা অন্তর্নিহিত অন্তর্বিৰোধবোৰৰ মাজতেই লুকাই আছে। চেকুলাৰ পৃথিৱীখনৰ অন্তর্বিৰোধবোৰ প্রথমে বুজি লব লাগিব আৰু সিবিলাকক আঁতৰাই পেলাব লাগিব – অর্থাৎ চেকুলাৰ পৃথিৱীখনৰ বৈপ্লৱিক পৰিবর্তন সাধন কৰিব লাগিব। অর্থাৎ উদাহৰণস্বৰূপে কবলৈ গলে - পবিত্র পৰিয়ালৰ ৰহস্যৰ উৎস লৌকিক পৰিয়াল বুলি বুজি পোৱাৰ পাছত এই লৌকিক পৰিয়ালক তত্ত্বগত তথা প্রায়োগিকভাৱে নির্মূল কৰিব লাগিব। 

(৫)
ফয়াৰবাখ বিমূর্ত চিন্তনত সন্তুষ্ট নহয় আৰু তেওঁ ইন্দ্রিয়গ্রাহ্য চিন্তন বিচাৰে। কিন্তু তেওঁ এই ইন্দ্রিয়গ্রাহ্যতাক ব্যৱহাৰিক, মানৱীয়-ইন্দ্রিয়গ্রাহ্য কার্যকলাপ হিচাপে চিহ্নিত কৰিব পৰা নাই।

(৬)
ফয়াৰবাখে ধর্মৰ সাৰমর্মৰ সমাধান মানৱ সাৰমর্মৰ [মানৱ চৰিত্রৰ] মাজত বিচাৰি পাইছে। কিন্তু মানৱ সাৰমর্ম কোনো বিমূর্তকৰণ নহয় যে ই প্রতিজন ব্যক্তিৰ মাজত অন্তর্নিহিত হৈ থাকিব। আচলতে মানৱ সাৰমর্ম হৈছে সামাজিক সম্পর্কবোৰৰ সমাহাৰ (ensemble) মাথো। ফয়াৰবাখে এই প্রকৃত সাৰমর্মৰ কোনো সমালোচনা বিকশিত নকৰাৰ ফলত তেওঁ আন কেইটামান কাম কৰিবলৈ বাধ্য হৈছেঃ
ক) তেওঁ ঐতিহাসিক প্রক্রিয়াটোৰ পৰা বিচ্ছিন্ন কৰি ধর্মীয় ভাৱাবেগক এটা সুকীয়া বস্তু হিচাপে দাঙি ধৰিছে আৰু প্রতিজন ব্যক্তিক একোটাহঁত বিমূর্ত তথা বিচ্ছিন্ন সত্ত্বা হিচাপে প্রক্ষেপ কৰিছে। 
খ) মানৱ সাৰমর্মক সেয়েহে তেওঁ এক ‘জীৱসত্তা’ মাত্র হিচাপে সংজ্ঞায়িত কৰিবলৈ বাধ্য হৈছে; ই হৈছে এনে এক জীৱসত্তা, যি বিভিন্ন ব্যক্তিক একেবাৰে স্থূল সাধাৰণীকৰণৰ জৰিয়তে প্রাকৃতিক স্তৰতহে ঐক্যৱদ্ধ কৰে। 

(৭)
ফয়াৰবাখে সেয়েহে বুজিব পৰা নাই যে স্বয়ং ‘ধর্মীয় ভাৱাবেগো’ হৈছে এক সামাজিক উৎপাদ আৰু তেওঁ বিশ্লেষণ কৰা বিমূর্ত ব্যক্তিসকল হৈছে একোখন বিশিষ্ট সমাজৰ ব্যক্তি।

(৮) 
সকলো সামাজিক জীৱন হৈছে মূলতঃ ব্যৱহাৰিক জীৱন। এনে সমস্ত ৰহস্য -যি তত্ত্বক অতীন্দ্রিয়বাদৰ দিশেৰে লৈ যায় – সিবিলাকৰ যুক্তিসিদ্ধ সমাধানৰ পথ মানৱীয় অনুশীলন তথা এই অনুশীলনৰ অনুধাৱনৰ মাজতেই লুকাই আছে। 

(৯)
মননসর্বস্ব ভৌতিকবাদে অর্থাৎ এনে ভৌতিকবাদে যি ইন্দ্রিয়গ্রাহ্যতাক ব্যৱহাৰিক কার্যকলাপ হিচাপে গণ্য নকৰে – একক ব্যক্তি আৰু নাগৰিক সমাজৰ চিন্তনৰ মাজতেই সি সীমাৱদ্ধ হৈ ৰবলৈ বাধ্য; এয়াই হৈছে এনে ভৌতিকবাদে লাভ কৰিব পৰা চৰম উপলব্ধি। 

(১০)
পুৰণা ভৌতিকবাদৰ দৃষ্টিকোণ হৈছে নাগৰিক সমাজ; নতুন ভৌতিকবাদৰ দৃষ্টিকোণ হৈছে মানৱ সমাজ বা সামাজিকৃত মানৱজাতি। 

(১১)
দার্শনিকসকলে আজিলৈকে কেৱল পৃথিৱীখনৰ ব্যাখ্যাহে কৰি আহিছে; কিন্তু আচল কথাটো হল – পৃথিৱীখন সলনি কৰা।

Sunday, April 23, 2017

লেনিনীয় সন্ধিক্ষণঃ প্রভাত পাটনায়ক

অনুবাদঃ ময়ূৰ চেতিয়া

(কিছুদিন পূর্বে বিশিষ্ট মার্ক্সবাদী পণ্ডিত প্রভাত পাটনায়কে ৰূছ বিপ্লৱৰ শতবর্ষ উপলক্ষে এলানি বক্তৃতা প্রদান কৰিছিল। প্রথম বক্তৃতাটো কিছুদিন পূর্বে আমি অনুবাদ কৰিছিলো।http://bauponthibotora.blogspot.in/2017/04/blog-post_64.html সদ্যহতে দ্বিতীয় বক্তৃতাটোৰ অনুবাদ আগবঢ়োৱা হৈছে।) 

অক্টোবৰ বিপ্লৱৰ আঁৰৰ মূল তাত্ত্বিক পূর্বধাৰণাটো আছিল এই যে যিহেতু আন্তঃসাম্রাজ্যবাদী সংঘাতে যুদ্ধৰ এটা নতুন যুগ সৃষ্টি কৰিছে, য’ত এখন দেশৰ শ্রমিকে আন দেশৰ শ্রমিকৰ তেজেৰে হাত ৰাঙলী কৰিবলৈ বাধ্য হব, ইয়াৰ অর্থ হৈছে – পুঁজিবাদ এক সংকটকালত উপনীত হৈছে। ই ঐতিহাসিকভাৱে “মৰণোন্মুখ” হৈ পৰিছে। ইয়েই সামাজিক বিপ্লৱৰ এটা নতুন যুগৰো সৃষ্টি কৰিছে যি বিকশিত পুঁজিবাদী দেশবোৰৰ লগতে ঔপনিবেশিক দেশবোৰকো সাঙুৰি লৈছে – যিহেতু ঔপনিবেশিক জনগণকো এই যুদ্ধবোৰলৈ বলিৰ পঠাৰ ৰূপত টানি অনা হৈছে। এনে পৰিস্থিতিত বিপ্লৱক অৱৰূদ্ধ কৰিব পৰা কোনো শক্তি যদি আছিল, সেয়া শ্রমিক শ্রেণীৰ এটা অংশৰ দোধোৰ-মোধোৰ মানসিকতা বুলি চিনাক্ত কৰা হল, যাৰ আঁৰত শ্রমিক নেতৃত্বৰ কেতবোৰ বিশেষ অংশৰ - যেনে “শ্রমিক অভিজাততন্ত্র”ৰ অংশবিশেষ ট্রেড ইউনিয়ন পদাধিকাৰীসকলৰ দোদুল্যমানতা বা দুর্নীতিগ্রস্ততা মূল কাৰক বুলি ভবা হল। ইয়াৰ অর্থ আছিল – বিপ্লৱীসকলে এনে সমস্ত আপোচকামী উপাদানৰ সতে সম্পর্ক চ্ছেদ কৰিব লাগিব আৰু প্রয়োজন হলে “অকলেই আগবাঢ়িব” লাগিব।

Thursday, April 13, 2017

অক্টোবৰ বিপ্লৱ আৰু মার্ক্সীয় তত্ত্ব


প্রভাত পাটনায়ক
অনুবাদঃ ময়ূৰ চেতিয়া

(কিছুদিন পূর্বে বিশিষ্ট মার্ক্সবাদী পণ্ডিত প্রভাত পাটনায়কেৰুছ বিপ্লৱৰ এশবছৰ" উপলক্ষে সম্পর্কে এলানি বক্তৃতা দিছিলবর্তমানৰ প্রৱন্ধটো হৈছে প্রথম বক্তৃতাটোৰ মুকলি অসমীয়া অনুবাদভৱিষ্যতে বাকী তিনিটা বক্তৃতাৰো অনুবাদ আগবঢ়াবলৈ চেষ্টা কৰা হব।)

মার্ক্সৰ তত্ত্ব যেতিয়া পোনপ্রথমবাৰৰ বাবে উপস্থাপিত হৈছিল, ৰাছিয়াৰ বৌদ্ধিক জীৱনটোক অন্যান্য দেশৰ তুলনাত অতি গভীৰভাৱে প্রভাৱিত কৰি পেলাইছিলএই কথা সঁচা যে জার্মানীৰ বিশাল শ্রমিক আন্দোলনযি সেই সময়ৰ আটাইতকৈ শক্তিশালী শ্রমিক আন্দোলন আছিল (প্রথম বিশ্বযুদ্ধৰ প্রাকক্ষণত জার্মান চচিয়েল ডেমক্রেটিক পার্টিয়ে দৈনিক ৮৬ খন বাতৰি কাকত প্রকাশ কৰিছিল), মার্ক্সৰ দ্বাৰা প্রত্যক্ষভাৱে প্রভাৱিত হৈছিল, কিন্তু ৰাছিয়াৰ সামগ্রিক বৌদ্ধিক জীৱনটোকেই মার্ক্সৰ চিন্তনে যেনেদৰে প্রভাৱিত কৰি পেলাইছিল, তাৰ আন কোনো উদাহৰণ সেই সময়ত নাছিল

Friday, March 3, 2017

উগ্ৰতাৰ যুগ : চমূ বিংশ শতিকাৰ ইতিহাস: এৰিক হবছবম

মূলঃ 'Age of Extremes',  Eric Hobsbawm. 
অনুবাদঃ ময়ূৰ চেতিয়া
প্রথম অধ্যায়
সর্বগ্রাসী যুদ্ধৰ যুগ

(১)
‘সমগ্র য়ুৰোপৰ বুকুৰ পৰা পোহৰৰ চাকিবোৰ আজি নুমাই গৈছে; আমাৰ জীৱন কালত দুনাই সিবিলাক জ্বলি উঠা হয়তো আমি দেখা নেপাম’ – এই ভাষ্য হৈছে গ্রেট ব্রিটেইনৰ বিদেশ সচিব এডৱার্ড গ্রেৰ; ১৯১৪ চনত জার্মানী আৰু ব্রিটেইনৰ মাজত যুদ্ধ ঘোষণা হোৱাৰ নিশা যেতিয়া ৱাইট হলৰ বন্তিবোৰ এটা এটাকৈ নুমুৱাই পেলোৱা হৈছিল, দৃশ্যটো চাই চাই গ্রেই এনেদৰে স্বগঃতোক্তি কৰিছিল। গ্রেৰ পৰা বহু যোজন দূৰৈত ৱিয়েনা চহৰৰ নিবাসী বিখ্যাত ব্যংগশিল্পী কার্ল ক্রাছেও নিজস্ব উপায়েৰে বিশ্বযুদ্ধৰ সৈতে মুখামুখি হবলৈ প্রস্তুতি চলাইছিল। যুদ্ধৰ বিতং বর্ণনা তথা যুদ্ধক নিন্দা কৰি ৭৯২ পৃষ্ঠাৰ এখন বিয়াগোম বিবৰণপূর্ণ নাটক তেওঁ লিখিবলৈ লৈছিল যাৰ নামাকৰণ তেওঁ এনেদৰে কৰিছিলঃ ‘মানৱ জাতিৰ অন্তিম দিনকেইটা’। গ্রে আৰু ক্রাছ – দুয়োজনেই অনুভৱ কৰিছিল – তেওঁলোকৰ পুৰণা পৃথিৱীখন চাৰখাৰ হৈ গৈছে আৰু এনে অনুভৱ কৰা মানুহ কেৱল তেওঁলোক দুজনেই নাছিল। অৱশ্যেই এয়া মানৱ জীৱনৰ অন্তিম সময় নিশ্চয় নাছিল – কিন্তু তথাপিও দুই বিশ্বযুদ্ধৰ মাজৰ সময়খিনিত –১৯১৪ৰ ২৮ জুলাইত অষ্ট্রিয়াই চার্বিয়াৰ ওপৰত যুদ্ধ ঘোষণা কৰাৰ পৰা  ১৯৪৫ৰ ১৪ আগষ্টলৈকে – যেতিয়া আনৱিক বিস্ফোৰণৰ চাৰি দিন পাছত জাপানে আত্মসমর্পন কৰিছিল – এই নাতিদীর্ঘ একত্রিছটা বছৰত এনে কেবাটাও মুহূর্ত আহিছিল যেতিয়া মানৱ জাতিৰ এক লেখত লবলগীয়া অংশৰ সামগ্রিক বিনাশ নির্ঘাটভাৱে হব পাৰে যেন অনুভৱ হৈছিল। এনে কেবাটাও মুহূর্ত আহিছিল যেতিয়া ঈশ্বৰে - যি পৃথিবীখন সৃষ্টি কৰিছে বুলি ধর্মপ্রাণ মানুহে বিশ্বাস কৰে - এনে ঈশ্বৰেও এই পৃথিবীখন কিয়নো স্রজন কৰিলো বুলি আক্ষেপ কৰাৰ আশা কৰিব পৰা গৈছিল

Saturday, January 21, 2017

নাচ গান কৰি ভাল পোৱা মানুহজন

মূলঃ সুহৃদ শংক চট্টোপাধ্যায়, 
‘ফ্রণ্টলাইন’ আলোচনী, ১১ নৱেম্ব, ২০১৬ সংখ্যা
অনুবাদঃ ময়ূ চেতিয়া

১৯৬৫ চনৰ এটা সাক্ষাৎকাৰত মানুহজনক  সোধা হৈছিল – তেওঁ নিজকে এজন কবি বুলি ভাবে নে গায়ক বুলি ভাবে। উত্তৰত মানুহজনে কৈছিল – “মই নিজকে এজন নাচ গান কৰি ভাল পোৱা মানুহ বুলিহে ভাবো”
এই সাক্ষাৎকাৰৰ সুদীর্ঘ ৫১ বছৰৰ পাছত মানুহজনক সাহিত্যৰ নবেল বঁটা প্রদান কৰা হল। কোৱা হল “আমেৰিকান সংগীত পৰম্পৰাৰ জগতখনত অভিন কাব্যিক প্রকাশভংগী সৃষ্টি কৰাৰ বাবে তেওঁক এই বঁটা প্রদান কৰা হৈছে”। কথাষাৰ মিছা নহয়। এই পাঁচোটা দশকত তেওঁ জনপ্রিয় সংগীতৰ সমস্ত ধাৰাটোকেই সলনি কৰি পেলালে, গীত ৰছনাৰ কলাটিক তেওঁ নতুনকৈ সংজ্ঞায়িত কৰিলে, তাক তেওঁ কবিতাৰ স্তৰলৈ লৈ গল। তেওঁ যে আধুনিক যুগৰ এজন অন্যতম সাংস্কৃতিক পুৰোধা ব্যক্তি – এই বিষয়ে কোনো সন্দেহ নাই।

আজিৰ যুগৰ সামগ্রিক সাংস্কৃতিক জগতখনৰ বিষয়ে ভাবক আৰু কল্পনা কৰক যে বব ডিলান বোলা ব্যক্তিজন কেতিয়াও নাছিলেই। কথাষাৰ অদ্ভুত নালাগিবনে? এইবুলি কলে হয়তো বেছি কোৱা নহব যে তেওঁৰ অবিহনে এই পৃথিবীখন বহুখিনি বেলেগ হলহেতেন। বিগত পঞ্চাছ বছৰ ধৰি ডিলানে তেওঁৰ গীতসমূহৰ জৰিয়তে মানুহক বৈকল্পিকভাৱে চিন্তা কৰিবলৈ শিকাই আহিছে। জীন আৰু সমাজৰ বিষয়ে তেওঁ এক বৈকল্পিক দৃষ্টিভংগী প্রদান কৰিছে আৰু পূর্বাগ্রহ, সংঘাত আৰু লোভেৰে পৰিপূর্ণ এই জগতখনত তেওঁ অনিচ্ছা স্বত্তেও যেন এক বিবেকৰ ভূমিকা পালন কৰি আহিছে।
 “Hey, hey, Woody Guthrie, I wrote you a song
’Bout a funny ol’ world that’s a-comin’ along
Seems sick an’ it’s hungry, it’s tired an’ it’s torn
It looks like it’s a-dyin’ an’ it’s hardly been born” (Bob Dylan, 1962).

কিন্তু একেসময়তে ডিলান প্রেম আৰু সৌন্দর্যৰো কবি, সুখ আৰু যন্ত্রণাৰ ক্ষণভঙ্গুৰ মুহূর্তবোৰো তেওঁৰ কবিতাত জীন্ত হৈ উঠে, তেওঁ আমাক গৰিমা আৰু মূঢ়তাৰে পৰিপূর্ণ জীনৰ কাহিনী শুনায়। তেওঁ প্রতিবাদৰ চিৰমুখৰ কণ্ঠ, শোষিতজনৰ কবি, চিৰসেউজ বিদ্রোহী গানৰ ৰচয়িতা, শব্দৰ খনিকৰতেওঁ কলাক তাৰ সংকীর্ণ বিভাজনবোৰৰ পৰা উলিয়াই আনি মুক্ত কৰে, সৃষ্টিৰ চূড়ান্ত সীমালৈকে তেওঁ তাক লৈ যায়। কিন্তু এই সমস্ত কৃতিত্বৰ পাছতো তেওঁ ৰাইজৰ সমুখত, মঞ্চত গীত গাবলৈ এৰা নাই – তেওঁ যে নাচ গান কৰি ভাল পোৱা মানুহ!

ৰামৰ অযোধ্যা

  মূলঃ সৰোজ মিশ্ৰ https://kafila.online/2024/01/02/rams-ayodhya-saroj-mishra/ অনুবাদঃ ময়ূ ৰ চেতিয়া   কোৱা হয় -   ৰামৰ জন্ম অযোধ্য...