Thursday, December 29, 2016

প্রাচুর্যৰ ৰঙা সপোন [উপন্যাস] - ১

মূলঃ Red Plenty – by Francis Spufford
প্রকাশ কালঃ ২০১০ চন

অনুবাদকৰ পাতনিঃ


বাস্ত পৃথিবীখন বিশ্লেষণ ক্ষেত্রত ফিকচন কেতিয়াবা অধিক ফলপ্রসূ হব পাৰে। ফ্রাঞ্চিচ স্পুফর্ড এই কিতাপখন বিষয়েও এই কথাই কব পাৰি। এটা বৈকল্পিক ব্যস্থা, এখন বৈকল্পিক অর্থনীতি নির্মাণ ক্ষেত্রত ছোভিয়েট ইউনিয়ন কেনেধ সমস্যা সমুখীন হব লগা হৈছিল – তা বিস্তৃত বর্ণনা বিভিন্ন গ্রন্থত পোৱা যায়। এইক্ষেত্রত প্রফেচ Alec Nove গ্রন্থ An Economic History of the USSR বিশেষভাৱে উল্লেখযোগ্য। কিন্তু এনে সমস্ত সমস্যাবো স্পুফর্ড কিতাপখনত বিভিন্ন  মানৰিত্র তথা সাল ঘটনা ৰূপত জীন্ত হৈ উঠিছে। যিসকলে আর্থিক ইতিহাস পঢ়িবলৈ টান পায়, তেওঁলোকে এই কিতাপখন নিশ্চয় পঢ়া উচিত। আনহাতে এলেক নভ কিতাপখন পঢ়া পাঠকেও নিশ্চয় স্পুফর্ড এই গ্রন্থখন উপভোগ কৰিব। তেওঁলোকে নিশ্চয় অনুভৰিব যে যিবো কথা অতদিনে আমি মাথো বিমূর্ত ৰূপত জানি আহিছিলো, সিবিলাকে এতিয়া ক্ত-মাংসৰিত্র ৰূপ ধাণ কৰিছে।


যিসকল লোকে এতিয়াও সমাজবাদৰ সপোন দেখে, তেওঁলোক সমাজবাদ-নির্মাণ বাস্ত সমস্যাবোৰৰ প্রতি সচেতন হবই লাগিব। এইক্ষেত্রত স্পুফর্ড কিতাপখন এখন অশ্য পঠনীয় গ্রন্থ হব পাৰেকাহিনী আম্ভ হৈছে উত্ত-স্তালিন কাল অর্থাৎ  ১৯৫০ দশক শেহৰা। এইখিনি সময়লৈকে ছোভিয়েট ইউনিয়ন এক বিশ্ব শক্তি হিচাপে পৰিগণিত হৈছিল। কৃষি নির্ভশীল অর্থনীতিৰা দেশখন এক উদ্যোগিক অর্থনীতিলৈ পৰিণত হৈছিল। বর্হিশত্রু হেঁচাৰা আপেক্ষিকভাৱে মুক্ত হৈ এইখিনিতেই এক মানৱীয় সমাজবাদ নির্মাণ কার্য আম্ভ হোৱাকাশ আছিল। কিন্তু এই সপোন ফলতী নহল। কিয় নহল – তা অনুসন্ধান আজিও বাকী আছে আৰু স্পুফর্ড গ্রন্থখন এইক্ষেত্রত বিশেষভাৱে মার্গদর্শক হব পাৰে

স্পুফর্ড কোনো সমাজবাদী ব্যক্তি নহয়; বৰং সমাজবাদ বিৰোধী বুলিয়েই কব পাৰি। কিন্তু মতান্ধ বন্ধু বিপৰীতে বুদ্ধিমান শত্রুৰাও কেতিয়াবা অধিক মূল্যবান শিক্ষা লাভ কৰা যাব পাৰে। এই কিতাপখন এটা বিস্তৃত সমালোচনা মার্ক্সবাদী পণ্ডিত ফ্রেডৰিক জেমচনে ‘নিউ লেফট ৰিভিউ’ত লিখিছে। ভৱিষ্যতে তাৰো এটা অনুবাদ প্রকাশ কৰাৰিকল্পনা আছে

লেখকৰ পাতনি
এয়া কোনো উপন্যাস নহয়। উপন্যাসৰ বিপৰীতে ইয়াত বহুতো সত্য বিশ্লেষণে ঠাই পাইছে। কিন্তু ই ঠিক ইতিহাসো নহয় – কিয়নো বিশ্লেষণে ইয়াত এক কাহিনীৰ ৰূপ লৈছে।  এই কাহিনীটো হৈছে এটা আইডিয়াৰ কাহিনী। আইডিয়াটোৰ কাহিনী কোৱাৰ মাজেৰেই লাহে লাহে ইয়াৰ সতে জড়িত মানুহবোৰৰো কাহিনী আমি কবলৈ লৈছোঁ। আইডিয়াটোৱেই হৈছে এই কাহিনীৰ মূল নায়ক। বিভিন্ন বাধা-বিপদ, জল্পনা-কল্পনা, জিঘাংসা আৰু ৰূপান্তৰণেৰে ভৰা এখন পৃথিবীত এই কাহিনীটো আগবাঢ়ি গৈছে; কেতিয়াবা কিছুমান উপাদানে তাক সহায় কৰিছে, কেতিয়াবা সিবিলাকে বাধাৰ ৰূপ লৈছে। এই কাহিনীটোক এক পৰীকথা বুলিও কব পাৰি, কিন্তু ই সচাকৈয়ে সংঘটিত হৈছিল; অন্ততঃ আংশিকভাৱে। ই আছিল এক বিশিষ্ট ৰাছিয়ান পৰীকথা, যাৰ আৰম্ভনি ঘটিছিল উনবিংশ শতিকাত।
পশ্চিমীয়া সাধুকথাবোৰৰ আৰম্ভনি হয় আন এটা সময়ৰ উল্লেখেৰে; যেনে – “এসময়ত এজন ৰজা আছিল” – অর্থাৎ কাহিনীটো আজিৰ সময়ৰ নহয় – আন কেতিয়াবাৰ কাহিনী। পিছে ৰুছ সাধুকথা বা স্তাজকি বোৰ আৰম্ভ হয় আন এখন ঠাইৰ বিষয়ে উল্লেখ কৰি – যেনে “এখন দেশত এজন ৰজা আছিল”। পিছে আন ঠাই বুলি কলেও আচলতে এই কাহিনীবোৰ হৈছে ৰাছিয়াৰে কাহিনী। তাত সদায়েই কাঠৰ দেৱালেৰে আৱৰা এখন চহৰ থাকিব, তাৰ গীর্জাঘৰবোৰৰ চূড়াবোৰ পিয়াঁজৰ আকাৰৰ হব। তাৰ ৰজাজন সদায়েই কোনোবা জাৰ, ইভান বা ভ্লাডিমিৰ হব। মাটি হব কলা, দিগন্ত হব অসীমঅর্থাৎ বিৰাট ৰাছিয়াখনৰ দৰেই সাধুকথাৰ দেশখনো ৰাছিয়াৰে কোনো সংস্কৰণ হব। পিছে এয়া হৈছে সাধু কথাৰ ৰাছিয়া, প্রকৃত ৰাছিয়া নহয়। সপোনৰ পৰা বাস্তৱৰ যিমান দূৰত্ব, প্রকৃত ৰাছিয়াখনৰ পৰা সপোনৰ ৰাছিয়াখনৰো সিমানেই দূৰত্ব। বাস্তৱ ৰাছিয়াখনত যিবোৰ বস্তুৰ অভাৱ, সাধুকথাৰ ৰাছিয়াখনত সিবিলাকৰ উভৈনদী দেখা যায়

বাস্তৱ ৰাছিয়াৰ কৃষকে অতি কষ্টৰে  বাজৰা আৰু ৰাইৰ খেতি কৰেসাধুকথাৰ ৰাছিয়াখনত যাদুকৰী টেবুলক্লথ একোখনে সীমাহীন ভোজ-ভাতৰ যোগান ধৰেবাস্তৱ ৰাছিয়াৰ আলিপথবোৰ বোকা আৰু গেলাপছাৰে ভর্তি। সাধুকথাৰ ৰাছিয়াখনত উৰন্ত দলিচাৰে মানুহে অহাযোৱা কৰেবাস্তৱ ৰাছিয়াত সামাজিক শ্রেণীবিভাজন আৰু পদানুক্রম অত্যাধিক কঠোৰসাধুকথাৰ ৰাছিয়াখনত কমবয়সীয়া তৰুণে দূৰণীৰ সপোন কুঁৱৰীক জগাই তুলিবলৈ দুঃসাহসী অভিযান কৰেসাধুকথাবোৰে বাস্তৱৰ সমস্ত আৱর্জনা আঁতৰাই পেলায় আৰু এখন নির্মল পৃথিবীৰ কল্পনা কৰেগধুলি বেলিকা জুইৰ আগত বহি সাধুকথা কোৱা মানুহজনে আৰু লগতে তেওঁৰ শ্রোতাসকলে জানে যে এই কাহিনীবোৰ কোনো দূৰ ৰাছিয়াতহে সম্ভৱপৰ

কিন্তু বিংশ শতিকালৈ আহি ৰাছিয়াৰ মানুহে স্তাজকি কোৱা বন্ধ কৰিলে। একে সময়তে তেওঁলোকক কোৱা হল – এতিয়া স্তাজকিবোৰ বাস্তৱলৈ পৰিণত হব। ইতিমধ্যেই উৰন্ত দলিচাৰ বাবে ব্যৱহৃত ৰাছিয়ান শব্দ - চামোলেট – উৰাজাহাজ বুজাবলৈ ব্যৱহাৰ কৰা হৈছিল। ৰেডিঅ’ৰ নতুন কণ্ঠবোৰে, চিনেমা আৰু টিভিয়ে ইতিমধ্যেই কবলৈ আৰম্ভ কৰিছিল – অতি সোনকালেই যাদুকৰী টেবুলক্লথ – ‘চামব্রাংকা’খনো বাস্তৱায়িত হব; মানুহৰ সমস্ত ক্ষুধা আৰু ভোক নিবাৰণ কৰা হব। “আমাৰ দিনত” - ১৯৫৯ চনৰ ২৮ চেপ্তেম্বৰত ৰুছ নেতা নিকিতা খ্রুচেভে মস্কোৰ লেনিন ষ্টেডিয়ামত সমবেত ৰাইজক কৈছিল – “মানুহৰ পুৰণা সপোনবোৰ, যি এসময়ত পৰীকথাৰ ৰূপ লৈছিল, যিবোৰ এসময়ত মাথো ফেণ্টাচি আছিল, আজি মানুহৰ হাততে বাস্তৱায়িত হবলৈ আৰম্ভ কৰিছে”।

খ্রুচেভে প্রাচুর্যৰ পুৰণা সপোন – অর্থাৎ ৰুছ সাধুকথাৰ পুৰণি সপোনবোৰৰ কথাই বুজাইছিল। যুগ যুগ কৰি মানুহে মুখামুখি হৈ অহা অভাৱ আৰু অনাটনৰ এইবাৰ সমাপ্তি ঘটিব। মানুহে বন্ধাকবিৰ চূপ খোৱা বন্ধ কৰিব, প্রাচুর্যৰ পৃথিবীত উপনীত হৈ তেওঁলোকে পেটভৰাই কেক, ব্রেড আৰু বাটাৰ খাবালৈ পাব, তাৰ লগতে থাকিব ক্রীম আৰু একোবাটি পায়স। পিছে পূর্বৰ অসাৰ কল্পনাৰ বিপৰীতে এইবাৰ এই সপোন সঁচাকৈয়ে ফলিয়াব।

খ্রুচেভে ঠিকেই কৈছিল। বিংশ শতিকাৰ কোটি কোটি জনগণৰ ক্ষেত্রত সঁচাই এয়া ঘটিছিল। পূর্বৰ সমস্ত সময়ৰ বিপৰীতে অধিক খাদ্য, অধিক প্রকাৰৰ খাদ্য পৃথিবীৰ চুপাৰমার্কেটবোৰত আৱির্ভাৱ হৈছিল। কিন্তু খ্রুচেভে ভাবিছিল – প্রাচুর্যৰ এই সপোন স্বয়ং ছোভিয়েট ৰাছিয়াতে ফলৱতী হব। ই সম্ভৱপৰ হব কিয়নো ছোভিয়েট ইউনিয়নত এনে এটা বস্তু আছে, যিটো পুঁজিবাদী দেশবোৰত দেখা পোৱা নাযায়ঃ সেয়া হৈছে পৰিকল্পিত অর্থনীতি।  যিহেতু উৎপাদন আৰু বিতৰণৰ সমস্ত ব্যৱস্থা ছোভিয়েট ৰাষ্ট্রৰ হাততে ন্যস্ত, যিহেতু সমস্ত দেশখনেই হৈছে লেনিনৰ ভাষাত ‘এটাই অফিচ, একেটাই ফেক্টৰী’, সেয়েহে পুঁজিবাদৰ বিপৰীতে মানুহৰ আটাইতকৈ বিলাসী প্রয়োজনবোৰো তীব্র বেগেৰে ৰাছিয়াত পূর্ণ কৰিব পৰা যাব। প্লেনিং হব দেশখনৰ কৃতিত্বৰ মাইলৰ খুটি, সাধুকথাৰ যাদুকৰী টেবুলক্লথ। দ্বিতীয় বিশ্বযুদ্ধৰ পূর্বৰ মহামাৰীৰ কালছোৱাতে এই পৰীকথা ৰাছিয়াৰ মানুহক শুনাবলৈ আৰম্ভ কৰা হৈছিল আৰু কমিউনিজমৰ পতন পর্যন্ত এই পৰীকথাৰ প্রচাৰ অব্যাহত আছিল। শেষপর্যন্ত সকলো মানুহেই এই পৰীকথাৰ ওপৰত বিশ্বাস হেৰুৱাই পেলাইছিল। বাস্তৱক্ষেত্রত ৬০ৰ দশকৰ শেহৰছোৱাৰ পৰা ৰুছ শাসকসকলে দেশৰ জনগণক কোনোমতে নূন্যতম উপভোগী সামগ্রী কেতবোৰ যোগান ধৰিবলৈকে যৎপৰনাস্তি কৰিছিল। প্রাচুর্যৰ ৰঙা সপোন দূৰৈতে থাকি ৰৈছিল। কিন্তু তথাপিও এসময়ত এই ৰঙা সপোন এক বাস্তৱ সপোন আছিল; তাৰ বাবে চিৰিয়াছ চেষ্টা চলোৱা হৈছিল। পুঁজিবাদক তাৰ নিজস্ব ক্ষেত্রখনতে – অর্থাৎ বজাৰৰ প্রতিযোগিতাত - পৰাস্ত কৰিবলৈ চেষ্টা কৰা হৈছিল। ছোভিয়েট নাগৰিকসকলক বিশ্বৰ আটাইতকৈ বৈভৱপূর্ণ জনগণলৈ পৰিণত কৰিবলৈ চেষ্টা কৰা হৈছিল। কিছুসময়ৰ বাবে এনে অনুভৱো হৈছিল – যেন এই সপোন সঁচাকৈয়ে ফলিয়াবলৈ গৈ আছে। এই প্রচেষ্টাত বুদ্ধিমত্তা আৰু মূর্খামি – দুয়োৰে মিলন ঘটিছিল। এটা সমস্ত প্রজন্মৰ সপোন, এটা সমস্ত প্রজন্মৰ বৌদ্ধিক ক্ষমতা তথা কর্তৃত্বশীল শাসকৰ অপৰাধবোধে একেলগে এই সপোনক পূর্ণ কৰিবলৈ চেষ্টা কৰিছিল। এই কিতাপখন ঠিক এই মুহুর্তটোৰ বিষয়েই লিখা হৈছে। ৰঙা প্রাচুর্যৰ সপোনটোৰ আটাইতকৈ কুশলী সংস্কৰণটোৰ জৰিয়তে সপোনৰ দেশখনৰ পৰা যাদুকৰী দলিচা এখন নির্মাণ কৰিবলৈ ছোভিয়েট ইউনিয়নে অথক প্রচেষ্টা চলাইছিল। প্রাচুর্যৰ আই আইডিয়াটোৱে কেনেদৰে এক এডভেঞ্চাৰপূর্ণ অভিযান চলাইছিল, কিতাপখনত তাৰ বিস্তৃত বর্ণনা কৰা  হৈছে।

কিন্তু ই ঠিক ইতিহাস নহয়; একেসময়তে ই ঠিক উপন্যাসো নহয়। ই হৈছে এটা পৰীকথা। পৰীকথাৰ দৰেই ইয়াত কল্পনাৰ ৰহন আছে; ইয়াত দায়িত্ববোধ নাই, ইয়াক সম্পূর্ণ বিশ্বাস কৰিব নোৱাৰিকিতাপখনৰ শেহত কিছুমান ফুটনোটৰ জৰিয়তে মই দেখুৱাবলৈ যত্ন কৰিছো – ঠিক কোনখিনিত কল্পনাৰ সহায় লোৱা হৈছে, কোনখিনিত প্রকৃত ঘটনাৰ বর্ণনা কৰা হৈছে। কিন্তু মন কৰা ভাল – কিতাপখনৰ কাহিনীভাগ ঠিক ছোভিয়েট ৰাছিয়াত সংঘটিত হোৱা নাছিল, বৰং ই সংঘটিত হৈছিল ৰুছ সদৃশ ‘দূৰণিৰ এখন দেশত’। বাস্তৱৰ পৰা সপোনৰ যিমান দূৰত্ব, এই দূৰৈৰ দেশখনৰো ছোভিয়েট ৰাছিয়াৰ পৰা সিমানেই দূৰত্ব।

(ক্রমশঃ)

No comments:

Post a Comment

ৰামৰ অযোধ্যা

  মূলঃ সৰোজ মিশ্ৰ https://kafila.online/2024/01/02/rams-ayodhya-saroj-mishra/ অনুবাদঃ ময়ূ ৰ চেতিয়া   কোৱা হয় -   ৰামৰ জন্ম অযোধ্য...