হীৰেন গোহাঁই
আধা শতিকা পূর্বে দুর্গা পূজা এক আকাংক্ষিত, প্রত্যাশিত উৎসৱ আছিল কঠোৰ জীৱন সংগ্রামক এক সুফলা পৰিসমাপ্তি আনিব পৰা এক অনুষ্ঠান হিচাপে। ৰদ-বৰষুণে
কৃষকৰ দেহ আৰু পথাৰৰ মাটি গচকি যোৱাৰ পাছত আদৰি লোৱা, কিঞ্চিত জিৰণি লোৱাৰ আৰু ধান পকাৰ বতৰলৈ
বাট চোৱাৰ বতৰ। নানা উৎসৱ-পার্বণে পৰিশ্রান্ত দেহ-মন জুৰ পেলাইছিল, দেৱী শক্তিৰ ওচৰত প্রার্থনাও কৰা হৈছিল পৰিশ্রমৰ জোখাৰে
ফলপ্রাপ্তিৰ বাবে। তাহানিৰ চহৰীয়া জীৱনতো ছাঁ পৰিছিল এই গ্রামীণ
বাস্তৱতাৰ। আজি চহৰীয়া জীৱনেহে গাৱঁৰ জীৱনৰ ওপৰত বেছি প্রভাৱ পেলাইছে।
চহৰীয়া জীৱন এতিয়া অহর্নিশে ধন উৎপাদনত নিমগ্ন, বিৰাম-বিশ্রামৰ নিয়ম নমনা এক জীৱন-যাত্রা। প্রতি পদে পদে
অপাৰ আশাৰ লগতে
উৎকণ্ঠা, সপোনৰ সতে মিহলি আতংক। পৰিবেশৰ পৰা সময়ে-অসময়ে ভাহি আহে নিঃসীম নৈৰাশ্য,
আত্মহত্যা অথবা অন্ধ আক্রোশ আৰু হিংসা, অন্তহীন হৃদয়হীনতা আৰু নিষ্ঠুৰতাৰ
বার্তাবাহী শব্দ তথা দৃশ্যৰ তৰংগ। সেয়ে শাৰদীয় উৎসৱো সেই যন্ত্রণাৰ পৰা সমূহীয়া পলায়নৰ এটা চেলু হৈ পৰিছে। উপভোগত
মন-প্রাণ সঁপি সেই মৰুময়তা দূৰলৈ ঠেলি দিয়াৰ এক সাময়িক প্রচেষ্টা। আশী ফুট ওখ
দুর্গাই ষাঠি ফুট দৈর্ঘ-প্রস্থৰ মহিষাসুৰৰ বক্ষ বিদীর্ণ কৰাৰ উত্তেজনাত যেন
দৈনন্দিন জীৱনৰ অসহনীয় ৰূঢ়তা তল পেলাব পাৰি, তাৰ বাবে যেন কি এক অধীৰ
বাসনা। পূজা মণ্ডপৰ বিজ্ঞাপন-বিকিৰিত আলোকমালাই তাৰ বাবেই সকলোকে হাতবাউল দি মাতে।
এই অচিন ৰম্যপুৰীত মানুহৰ আত্মাই বাট হেৰুৱায় নেকি? যি আনন্দই
মানুহৰ চকু-মুখ উজলাই ৰাখে,
হৃদয়ৰ গভীৰলৈ নিগৰি-নিজৰি সি শান্তি
আৰু তৃপ্তি আনেনে? আমি নাজানো। কেৱল জানো সেই সকলোৱেই মানুহ। নিজৰ অজ্ঞাতে সকলোৱে বিচাৰে সেই হেৰুৱা আনন্দৰ ঠিকনা – যেন ঘোপমৰা অৰণ্যৰ কোনোবাখিনিত বৈ থকা নির্মল, নির্ভয়
নিজৰাৰ কলধ্বনি।
অস্বীকাৰ কৰি লাভ নাই যে অপ্লাৱিত ধন-ঐশ্বর্যৰ আকাংক্ষাই টানি নিয়া সমাজখন আজি সংকটগ্রস্ত।
তাৰেই পৰিণামত আমাৰ কেউফালে উফৰি-ছিটিকি পৰিছে হেজাৰ আশাভংগ, প্রতাৰণা, নিপীড়ন, হিংসাৰ
টুকুৰা, যেন এক অন্তহীন যেন লগা বোমা বিস্ফোৰণৰ অগ্নিপিণ্ড। কিন্তু মানুহে নিৰলে কান্দিবলৈ
পাহৰি গলেও পাহৰা নাই, যে সি আন কিবা বিচাৰিহে এইপিনে আহিছিল। আৰু বহুজনৰ সংগ্রাম,
ব্যর্থতা, নৈৰাশ্যৰ পিচতো অনন্ত জনপ্রবাহে জীয়াই ৰাখে সেই সন্ধানৰ আকূতি। যৌৱনৰ অফুৰন্ত শক্তিয়ে বাৰে বাৰে খুন্দা মাৰে ৰূদ্ধ দেৱালত। জীয়াই থাকে আশাৰ স্বর্গীয় বন্তিগছি- নিশ্ছিদ্র এন্ধাৰৰ মাজতো।
নৰকৰ দুৱাৰত সেয়েহে মহাকবি ডাণ্টেই
দেখিছিল সেই বাক্যষাৰি –
‘Abandon all
hope, you who enter here.’
(‘অসমীয়া প্রতিদিন’ কাকতত প্রথম প্রকাশিত)
No comments:
Post a Comment