Friday, August 26, 2016

জীৱনৰ শেষপ্রহৰত নিকোলাই বুখাৰিন


মূলঃ ‘Bukharin’s Last Years’,  Roy Medvedev,  New Left Review, May-June 1978
অনুবাদঃ ময়ূৰ চেতিয়া




অনুবাদকৰ টোকাঃ

এই প্রৱন্ধটোত কোনো তাত্ত্বিক আলোচনা নাই; সাধাৰণ ৰাইজেও তাক সহজতে বুজি পাব। প্রৱন্ধটোৰ  বিষয়বস্তু হৈছে বলছেভিক দলৰ অন্যতম নেতা নিকোলাই বুখাৰিনৰ জীৱনৰ অন্তিম সময়খিনি। কেনেধৰণৰ এক ট্রেজিক পৰিস্থিতিৰ মাজত তেওঁ মৃত্যুমুখত পৰিব লগা হল – এই বিষয়ে লেখকে বিতংকৈ আলোচনা কৰিছে আৰু ইয়েই স্তালিনবাদী ব্যৱস্থাটোৰ ভয়াবহ দিশটোও উদঙাই দিছে। প্রৱন্ধটোৰ লেখক ৰয় মেডভেদেভ হৈছে ৰুছ দেশৰ এজন বয়োবৃদ্ধ মার্ক্সবাদী বুদ্ধিজীৱি। তেওঁ এতিয়াও জীয়াই আছে। স্তালিনবাদৰ বিভিন্ন ৰেকর্ড সম্পর্কে তেওঁ ১৯৭২ চনতেই ‘Let History Judge’ বোলা এখন বৃহৎ গ্রন্থ প্রণয়ন কৰিছিল। কিছুবছৰ পূর্বে গ্রন্থখনৰ এক পৰিবর্ধিত সংস্কৰণো প্রকাশ পাইছে।

স্তালিনবাদ বিষয়ক কোনোধৰণৰ নির্মোহ আলোচনা আজিও অসমীয়া ভাষাত দেখা পোৱা নাযায়। এই বিষয়ক প্রাথমিক ঘটনাৱলী সম্পর্কেই ৰাইজ অৱগত নহয়; কাজেই এনে পৰিস্থিতিত কোনো গম্ভীৰ আলোচনাও সম্ভৱপৰ নহয়। ভৱিষ্যতে স্তালিনবাদ বিষয়ক বিভিন্ন বিশ্লেষণ অসমীয়ালৈ অনুবাদ কৰাৰ এটা পৰিকল্পনা আমি কৰিছোঁ। কিন্তু তাৰ আগেয়ে হাড়-মাংসৰ স্তালিনবাদ বোলা বস্তুটোনো কি আছিল, মানুহে কেনেদৰে তাক অনুভৱ কৰিছিল, এই বিষয়েও পাঠক কিছু পৰিমাণে অৱগত হোৱাৰ প্রয়োজন আছে। এই দিশটোৰ প্রতি লক্ষ্য কৰিয়েই মেডভেদেভৰ বর্তমান প্রৱন্ধটো অনুবাদ কৰাৰ কথা ভবা হল।

Thursday, August 25, 2016

নাৰীবাদী দৃষ্টিৰে পৃথিৱীখন ৫

মূলঃ নিবেদিতা মেনন
অনুবাদঃ ময়ূ চেতিয়া

( যোৱা সংখ্যাৰ পাছৰ পৰা )

হিন্দু পৰিয়ালৰ পৰিবর্তিত ৰূপবোৰ
আজিৰ দিনত পৰিয়াল বুলিলে কেনেধৰণৰ ছবি এখন আমাৰ মনলৈ আহে? ১) এই পৰিয়ালটো হব এক একক (nuclear) পৰিয়াল – অর্থাৎ যত স্বামী, স্ত্রী তথা তেওঁলোকৰ সন্তান থাকিব ২) ই হব এক পিতৃতান্ত্রিক (patriarchal) পৰিয়াল - অর্থাৎ য’ত পৰিয়ালৰ মূৰব্বীজন সাধাৰণতেই এজন পুৰুষ হোৱা দেখা যায়। ৩) ই হব এক পিতৃজাত(patrilineal) পৰিয়াল অর্থাৎ যত পৰিয়ালৰ বংশবৃক্ষদালৰ শিপা পূর্বমাতৃসকলৰ বিপৰীতে পূর্বপূৰুষসকলৰ হিচাপ কৰি উলিওৱা হয় [মোৰ দেউতা, তাৰ আগেয়ে মোৰ ককা, তাৰ আগেয়ে আজোককা ইত্যাদি; এইক্ষেত্রত মোৰ মা, আইতা তথা আজোআইতা কোনটো বংশ বা পৰিয়ালৰ আছিল – সেয়া মূখ্য বিষয় নহয়। মা বা আইতাৰ নামেৰে মোৰ বংশ পৰিয়ালৰ চিনাকী নির্ধাৰিত হব নোৱাৰে - অনুবাদক]পিতৃজাত পৰিয়ালৰ আন এক অর্থ হৈছে – পৰিয়ালৰ সম্পত্তিৰ স্থানান্তৰণ ইটো প্রজন্মৰ পুৰুষসকলৰ পৰা সিটো প্রজন্মৰ পুৰুষসকললৈ কৰা হয় [পুৰুষ হিচাপে মোৰ দেউতাৰ সম্পত্তি মই লাভ কৰিম; মোৰ পাছত মোৰ পুত্র সন্তানে লাভ কৰিব - অনুবাদক]

আমোদজনজভাৱে, পৰিয়ালৰ এই আদর্শ ছবিখন কিন্তু মুঠেও প্রাকৃতিক, স্বাভাৱিক বা সার্বজনীন বুলি কব পৰা নাযায়; আচলতে বৃটিছ অহাৰ আগলৈকে ভাৰতৰ বহুতো অংশত পৰিয়ালৰ এই ৰূপটো দেখিবলৈকে পোৱা নগৈছিল। কেনেদৰে আজিৰ দিনৰ একক, পিতৃতান্ত্রিক তথা পিতৃজাত হিন্দু পৰিয়ালৰ ধাৰণাটো ঔপনিবেশিক কালৰ সময়ত নির্মান কৰা হৈছিল, কেনেদৰে পৰিয়ালৰ এই বিশিষ্ট ৰূপটোকেই এসময়ত স্বাভাৱিক, আদর্শ তথা প্রাকৃতিক ৰূপ বুলি ঘোষণা কৰা  হল - সম্প্রতি এই বিষয়েই আমি আলোচনা কৰিম।

Thursday, August 11, 2016

বিহংগম দৃষ্টিৰে বিংশ শতিকা

ৰিক হবছবম
ভাবানুবাদঃ ময়ূ চেতিয়া

(এয়া হৈছে এৰিক হবছবমৰ ‘এজ অব এক্সট্রিমছঃ দা চর্ট টুৱেন্টিয়েথ চেঞ্চুৰিঃ ১৯১৪-১৯৯১’ শীর্ষক বিখ্যাত গ্রন্থখনৰ প্রস্তাৱনামূলক অধ্যায়। গ্রন্থখন ১৯৯৪ চনত প্রকাশিত হৈছিল। ইয়াত লেখকে বিংশ শতিকাৰ প্রতি এক বিহংগম দৃষ্টি নিক্ষেপ কৰিছে আৰু কেতবোৰ সাধাৰণ সিদ্ধান্ত বিকশিত কৰিছে। অধ্যায়টোক এক সুকীয়া প্রৱন্ধ হিচাপেও পঢ়িব পৰা যায়হবছবমক অনুবাদ কৰা সহজ নহয়। জার্মানমূলৰ অন্যান্য লেখকৰ দৰেই হবছবমেও অতিশয় দীঘল দীঘল বাক্য লিখে। বুজাত সহজ হোৱাকৈ আমি ইয়াত দীঘল বাক্যবোৰ যতসম্ভৱ সৰল কৰিবলৈ চেষ্টা কৰিছোঁ। প্রয়োজনবিশেষে কেতবোৰ অতিৰিক্ত তথ্যপাতিৰো যোগান ধৰিছোঁ। কাজেই এই অসমীয়া সংস্কৰণটোক অনুবাদ বোলাতকৈ ভাবানুবাদ বোলাটোহে অধিক শুদ্ধ হবঅসমীয়া পাঠক লেখনীটো পঢ়ি ভাল পাব বুলি আশা কৰা হল   – অনুবাদক)

১৯৯২ চন ২৮ জুন। ফ্রাঞ্চ ৰাষ্ট্রপতি মিতেঁহই হঠাতে সিদ্ধান্ত ললে যে তেওঁ চাৰাজেভো চহলৈ যাব। য়ুগোশ্লাভিয়া দেশৰ অন্যতম মূল চহৰ চাৰাজেভো তেতিয়া গৃহযুদ্ধৰ আৱর্তত। চৌদিশে মৰামৰি, কটাকটি। যুদ্ধৰ ফলত ইতিমধ্যেই লাখ লাখ মানুহৰ মৃত্যু ঘটিছে। এনে এক অৰাজক পৰিস্থিতিত  হিলৈ আৰু বৰতোপৰ গুলীৰ মাজত ফ্রাচোঁৱা মিতেঁহ  চাৰাজেভোলৈ যোৱাৰ উদ্দেশ্য কি আছিল?

মিতেঁহই আচলতে য়ুগোশ্লাভিয়াৰ সংকট সম্পর্কে বিশ্বৰ অন্যান্য দেশবোৰ যে অতিশয় গম্ভীৰ - এই কথাটো স্থানীয় নেতাসকলক বুজাবলৈ গৈছিল। তেওঁৰ দৰে এজন অশীতিপৰ, বৃদ্ধ তথা সন্মানীয় ৰাজনেতাই  মৃত্যু আশংকাকো নেওচা দি ৰণথলীলৈ এনে সৎ উদ্দেশ্যেৰে যাত্রা কৰাৰ কথাটো বাতৰি কাকতবোৰত বেছ গুৰুত্বসহকাৰে প্রকাশ কৰা হৈছিল তেওঁৰ সাহসক প্রশংসাও কৰা হৈছিল। পিছে মিতেঁহৰ চাৰাজেভো যাত্রাৰ আন এটাও দিশ আছিল। তেওঁ গমন কৰিবলৈ চয়ন কৰা দিনটো আছিল ১৮ জুন; বিশ্ব ইতিহাসত এই দিনটোৰ এক বিশেষ তাৎপর্য আছিল। পিছে কাকত-আলোচনীবোৰে তাৰ তাৎপর্য বুজিবই নোৱাৰিলে। এই দিশটো সম্পর্কে কাকতবোৰ নিমাত হৈয়েই ৰল।

ৰামৰ অযোধ্যা

  মূলঃ সৰোজ মিশ্ৰ https://kafila.online/2024/01/02/rams-ayodhya-saroj-mishra/ অনুবাদঃ ময়ূ ৰ চেতিয়া   কোৱা হয় -   ৰামৰ জন্ম অযোধ্য...