Sunday, July 31, 2016

গুৰুপত্নী সত্যা আই

মনোৰমা দাস মেধি

সত্যা আই বৈষ্ণৱ সাহিত্যৰ কোনো অলৌকিক চৰিত্ৰ নহয়। নিতান্তই সাধাৰণ এজনী মানুহ। কথা গুৰু চৰিতৰ শেষৰপিনে ‘হৰিহৰ আতাৰ চৰিত’ শীর্ষক এটা অধ্যায় আছে। সেই হৰিহৰ আতাৰে বিবাহিতা পত্নী সত্যা আই‌। পিতৃৰ নাম সত্য বৰদলৈ‌। চৰিত পুথিত সাধাৰণতে বৈষ্ণৱ গুৰু দুজনাৰ কাৰ্য-কলাপসমূহ ভক্তি সহকাৰে বৰ্ণনা কৰা হয়। শঙ্কৰদেৱৰ তিৰোধানৰ পিছত মাধৱদেৱে চৈধ্য প্রসংগৰ সময়ত গুৰুজনাৰ চৰিত চর্চা কৰিবলৈ আৰম্ভ কৰে। এই চর্চা চলিছিল আলাপ আলোচনাৰ ৰূপত। শঙ্কৰদেৱৰ সোঁহাত-স্বৰূপ আছিল তেওঁৰ প্রিয় শিষ্য মাধৱদেৱ। গতিকে অন্যান্য ভকতসকলৰ তুলনাত তেওঁ শঙ্কৰদেৱক ঘনিষ্ঠভাৱে জানিছিল আৰু বুজিছিল। বিভিন্ন পৰিস্থিতিত শঙ্কৰদেৱৰ ভূমিকা বা কাৰ্য-কলাপসমূহ তেওঁ যেনেভাৱে নিৰীক্ষণ কৰিছিল, তেনেভাৱে ভকতসকলৰ আগত বর্ণনা কৰি তেওঁ নিশ্চয় গুৰুৰ মাহাত্ম্য প্রচাৰত ব্ৰতী হৈছিল। মাধৱদেৱৰো যেতিয়া তিৰোধান ঘটিল, তেতিয়া ভকতসকলে শঙ্কৰদেৱৰ লগতে মাধৱদেৱৰো চৰিত চর্চা কৰিবলৈ ধৰে। পৰৱৰ্তী কালৰ ভকতসকলে আলাপ-আলোচনাৰ মাজেদি চৰিত চর্চা কৰাৰ উপৰিও এইবোৰ লিপিৱদ্ধ কৰিবলৈ ল'লে। সেইয়া বোধহয় সপ্তদশ শতিকাৰ দ্বিতীয়-তৃতীয় দশকমানৰ কথা। এই কাৰণেই চৰিত-পুথিৰ বৰ্ণনা-ৰীতিত স্বাভাৱিক কথন-ভঙ্গীমাটো থাকি গ’ল।

যিহেতু ‘হৰিহৰ আতাৰ চৰিত’ নামৰ অধ্যায় এটা কথা ‘গুৰু চৰিত’ৰ শেষৰ পিনে আছে, গতিকে বুজা যায় যে, হৰিহৰ এগৰাকী প্রভাৱশালী বৈষ্ণৱ গুৰু আছিল। তেওঁৰো গুণমুগ্ধ ভকতসকল আছিল। তেওঁৰ মাহাত্ম্য বা চৰিতৰ বিষয়ে চৈধ্য প্রসঙ্গৰ সময়ত ভক্তিভাৱে শ্ৰৱণ-কীৰ্ত্তন কৰা হৈছিল। সম্ভৱতঃ তেওঁ কেৱল বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰকাৰ্যতে ব্ৰতী আছিল আৰু শাস্ত্রৰ ব্যাখ্যা বা ধর্ম-তত্ত্বৰ ব্যাখ্যাত অতি পাৰদৰ্শী ব্যক্তি আছিল। কাব্য বা নাট ৰচনা কৰাহেঁতেন, তেওঁৰ নামটো নিশ্চয় অসমীয়া সাহিত্যৰ বুৰঞ্জীত পোৱা গ'লহেঁতেন। হৰিদেৱ নামৰ এগৰাকী বৈষ্ণৱ কবিৰ নাম অৱশ্যে আছে, যিয়ে বৰপেটাত থাকি ভাগৱতৰ ৫ম স্কন্ধৰ পদ ৰচনা কৰিছিল। হৰিহৰ দেৱ বা কেৱল হৰিহৰ নামৰ কোনো বৈষ্ণৱ সাহিত্যিকৰ উল্লেখ পোৱা নাযায়।

ৰামৰ অযোধ্যা

  মূলঃ সৰোজ মিশ্ৰ https://kafila.online/2024/01/02/rams-ayodhya-saroj-mishra/ অনুবাদঃ ময়ূ ৰ চেতিয়া   কোৱা হয় -   ৰামৰ জন্ম অযোধ্য...