Thursday, June 9, 2016

ভাৰতৰ আঞ্চলিক বাওঁপন্থী চৰকাৰসমূহঃ এক তুলনামূলক অধ্যয়ন


ময়ূৰ চেতিয়া

তথাকথিত “বুর্জোৱা-লেণ্ডলর্ড” ব্যৱস্থাটোৰ ভিতৰতে জনগণক কিছু সকাহ দিবলৈ চিপিএম দলটোৱে অন্যান্য দলৰ লগত মিলি দেশৰ তিনিখন ৰাজ্যত বিভিন্ন সময়ত আঞ্চলিক চৰকাৰ গঠন কৰি আহিছে। কিছুদূৰৈলৈ তেওঁলোক সফলো হৈছে – পশ্চিমবংগত আধিয়াৰসকলে উৎপাদিত সামগ্রীৰ ওপৰত বেছ কিছু অধিকাৰ লাভ কৰিলে, কেৰালাত যথেষ্ঠ পৰিমাণে ঘৰমাটি দুখীয়া কৃষকে লাভ কৰিলে, ত্রিপুৰাত নৃগোষ্ঠীয় সংঘাত বহুখিনি হ্রাস পালে। বিভিন্ন সামাজিক সূচক – যেনে শিক্ষা, স্বাস্থ্যসেৱা, খোৱাপানী  আদিৰ ক্ষেত্রত কেৰালা আৰু ত্রিপুৰাৰ ৰেকর্ড আজি দেশৰ ভিতৰতে অন্যতম। অৱশ্যে পশ্চিমবংগৰ  ৰেকর্ড সিমানখিনি ভাল নহয়। এইক্ষেত্রত এখন এখনকৈ চিপিএমশাসিত ৰাজ্যসমূহৰ ৰেকর্ড চোৱা যাওঁক।

১) কেৰালাঃ

কেৰালা  চৰকাৰৰ এক বিশেষত্ব হৈছে যে বিভিন্ন চৰকাৰী কার্যসূচী – যেনে শিক্ষাৰ প্রসাৰ, স্বাস্থ্য বিষয়ক সচেতনতা বৃদ্ধি আদি কার্যসূচীৰ লগত পার্টি তথা ননপার্টি বিভিন্ন সামাজিক সংগঠন  যুক্ত হৈ আহিছে। এইক্ষেত্রত “কেৰালা শাস্ত্র সাহিত্য পৰিষদ”ৰ নাম বিশেষভাবে উল্লেখযোগ্য। এক সচেতন নাগৰিক সমাজ বিকশিত কৰাৰ ক্ষেত্রত কেৰালাৰ বিশেষ নাম আছে। কোনো চিকিৎসালয়ত যদি ডাক্টৰ সময়মতে অহা নাই, অথবা শিক্ষকে যদি ক্লাছ কৰা নাই, তুৰন্তেই স্থানীয় জনগণে সমবেত হৈ সংশ্লিষ্ট কর্তৃপক্ষক আপত্তি জনাব। কেৰালাত উচ্চমানৰ শিক্ষা আৰু স্বাস্থ্যসেৱাৰ প্রসাৰৰ ক্ষেত্রত নাগৰিক সমাজ তথা সংগঠনসমূহৰ বেছ ভূমিকা আছে।

বিভিন্ন সামাজিক সূচকসমূহৰ ক্ষেত্রত ইউৰোপীয় দেশসমূহৰ সতে কেৱল কেৰালাকেই তুলনা কৰিব পৰা যায়। ১৯৯১ চনতে ৰাজ্যখনক ১০০ শতাংশ সাক্ষৰ বুলি ঘোষণা কৰা হৈছিল। অৱশ্যে সম্প্রতি এই স্তৰ কিছু তললৈ নামি আহিছে। ব্যক্তিৰ গড় আয়ুস ৰাজ্যখনত দেশৰ আয়ুসতকৈ প্রায় ১০ বছৰ অধিক। শিশু মৃত্যুৰ হাৰ দেশৰ গড় হাৰতকৈ  পাঁচ গুণ কম। মহিলাৰ সংখ্যা ৰাজ্যখনত পুৰুষতকৈ অধিকঃ প্রতি এহেজাৰ পুৰুষৰ বিপৰীতে ১০২০ গৰাকী নাৰী আছে। ভাৰতৰ দৰে দেশত ই এক অভুতপূর্ব ঘটনা। ৰাজ্যখনৰ জন্ম-মৃত্যুৰ হাৰ দেশীয় হাৰতকৈ বহুখিনি কম।

পিছে এটা সময়ৰ পাছত বিভিন্ন সামাজিক সূচকসমূহত লাভ কৰা কৃতিত্বসমূহেই ৰাজ্যখনত বিভিন্ন দ্বন্দ্ব সৃষ্টি কৰিবলৈ আৰম্ভ কৰিলে।  শিক্ষাৰ প্রসাৰৰ ফলত  কেৰালাৰ গ্রাম্যাঞ্চলৰ লৰা ছোৱালীৰ মাজত কম উৎপাদনহীন কৃষিৰ প্রতি আগ্রহ নোহোৱা হল – ভূমিহীন কৃষকো শিক্ষিত হোৱাৰ ফলত অনাকৃষিগত নিয়োগৰ প্রতিহে তেওঁলোকৰ ধাউতি বৃদ্ধি হল [এইক্ষেত্রত অৱশ্যে  কৃষকক বা শিক্ষাৰ প্রসাৰক দোষ দিলে নচলিব! মূল সমস্যা হৈছে কৃষিৰ নিম্ন উৎপাদনশীলতা]। কৃষিশ্রমিকৰ পাৰিশ্রমিক ভীষণ গতিৰে বৃদ্ধি পালে আৰু মজলীয়া তথা দুখীয়া কৃষকে খেতিত লগাব পৰাকৈ কম দৰৰ কৃষিশ্রমিকৰ অভাৱে দেখা দিলে। ফলত দেশৰ অন্যান্য অঞ্চলৰ বিপৰীতে কেৰালাত মজলীয়া আৰু ক্ষুদ্র কৃষকে লাভজনকভাৱে খেতি কৰাটোৱেই টান হৈ পৰিল। ভূমি সংস্কাৰে যিমানখিনি উৎপাদন বৃদ্ধি কৰিব বুলি ভবা হৈছিল – সিমানখিনি নহল। কিছুসময়ৰ ভিতৰতে ই স্তবিৰতাৰ দিশেৰেহে গতি কৰিলে।

চৰকাৰৰ সমুখত এই সমস্যাৰ আজিপর্যন্ত কোনো সমাধান নাই। আচলতে ইয়েই প্রমাণিত কৰে যে কেৰালাত কৃষি প্রশ্নটোৱে ইতিমধ্যেই বুর্জোৱা স্তৰৰ সীমনা পাৰ হৈ সমাজবাদী স্তৰ লাভ কৰিলে। অর্থাৎ এতিয়া কৃষিসমবায় নির্মাণেই হৈছে কৃষি প্রশ্নটো সমাধান কৰাৰ একমাত্র সম্ভৱপৰ পথ।

দুর্ভাগ্যজনকভাবে, মাজেসময়ে ৰাজ্যখনত কৃষিসমবায় নির্মাণ সম্পর্কে কিছু প্রস্তাৱ উত্থাপিত হয় যদিও এইসম্পর্কীয় কোনো সুচিন্তিত চৰকাৰী আঁচনি দেখিবলৈ পোৱা নাযায়। এইক্ষেত্রত চৰকাৰৰ বিপৰীতে বিভিন্ন সামাজিক সংগঠনৰহে অধিক ভূমিকা দেখিবলৈ পোৱা যায়।  কৃষি সমবায়ৰ প্রশ্নটো চিপিএমে এতিয়াও ভৱিষ্যতৰ প্রশ্ন অর্থাৎ সমাজবাদী বিপ্লৱৰ প্রশ্ন বুলিয়েই গণ্য কৰে। ফলত স্থানীয় উদ্যোগত বহুতো অঞ্চলত কৃষি সমবায় নির্মাণ হৈছে যদিও সিবিলাক চিপিএমৰ ৰণনীতিৰ অংশবিশেষ নহয়। বৰং উপস্থিত সংকটৰ পৰা ৰক্ষা পাবলৈ লোৱা কেতবোৰ বিক্ষিপ্ত পদক্ষেপ বুলিহে কব পৰা যায়। তত্ত্ব আৰু সামাজিক বাস্তৱৰ মাজত দেখা পোৱা ব্যৱধানৰ ই এক প্রধান উদাহৰণ।

কৃষিৰ বিপৰীতে উদ্যোগিক খণ্ডটোৰ পিনে লক্ষ্য কৰিলে দেখা যায় যে অতিশয় শিক্ষিত এই ৰাজ্যখনত শিক্ষিত ব্যক্তিৰ সংখ্যাৰ বিপৰীতে নিয়োগৰ সুবিধা তেনেই কম। সৌভাগ্যজনকভাৱে আশীৰ দশকৰ পৰাই মধ্যপ্রাচ্যৰ দেশসমূহলৈ কেৰালাৰ শ্রমিকৰ প্রব্রজন বৃদ্ধি হল। আজি ৰাজ্যখনৰ মুঠ আয়ৰ প্রায় এক তৃতীয়াংশ মধ্যপ্রাচ্যৰ তেলনগৰীসমূহত কাম কৰা প্রব্রজিত শ্রমিকসকলৰ পৰা আহে। আর্থিক দৃষ্টিৰ পৰা  ই মুঠেও স্বাস্থ্যকৰ কথা নহয়। বর্হিদেশৰ পৰা অহা টকাসমূহ মূলতঃ বিনিয়োগ কৰা হয় ৰিয়েল ইষ্টেট খণ্ডত। আজিৰ দিনত ৰাজ্যখনত দ্রুত গতিৰে বিকশিত হোৱা একমাত্র খণ্ডটোৱেই হৈছে ৰিয়েল ইষ্টেট। ৰাজ্যখনৰ বিভিন্ন জলবায়ুগতভাৱে স্পর্শকাতৰ অঞ্চলতো এই ৰিয়েল ইষ্টেটৰ ধুমুহাই চুবলৈ আৰম্ভ কৰিছে। ভয়ংকৰ গতিৰে বালি খনন, শিল খনন আদি উদ্যোগ বিকশিত হৈছে আজিৰ দিনত কেৰালাৰ এক বৃহৎ সমস্যা হৈছে- যধেমধে বিল্ডিং, পার্ক নির্মাণ, বালি খনন কৰাৰ ফলত ভয়ংকৰ গতিৰে বৃদ্ধি পোৱা পৰিবেশ প্রদুষণ  এনে অস্বাস্থ্যকৰ বিকাশৰ বিৰুদ্ধে স্বয়ং চিপিএমৰ ভাতৃসংগঠনসমূহেই চৰকাৰৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰিছে।

চিপিএম নেতৃত্বই কথাবোৰ নুবুজা নহয়। পার্টিৰ মাজভাগলৈকো যে ৰিয়েলটৰ, ডেভেলপাৰ আদি বিভিন্ন দুর্নীতিগ্রস্ত উপাদানৰ প্রবেশ ঘটিছে, সেয়া নেতৃত্বই নিজেই স্বীকাৰ কৰে। পিছে সিবিলাকক বাধা দিয়াৰ কোনো উপায় পার্টিয়ে বিচাৰি পোৱা নাই। পার্টিৰ পতনৰ এক উদাহৰণ ২০১২ চনত দেখা গল যেতিয়া  দলীয় কর্মকর্তাৰ বিপৰীতে কঢ়িকট পার্টি কংগ্রেছ আয়োজনৰ ঠিকা এক ব্যক্তিগত কর্পৰেট ইভেণ্ট মেনেজমেণ্ট কোম্পানীক কোটি কোটি টকাৰ বিনিময়ত দিয়া গল!

কেৰালা চিপিএম আজিৰ দিনত এক বেছ ধনী দল। ৰাজ্যিক পার্টিৰ হেডকোৱার্টাৰটো কোনো থ্রি-ষ্টাৰ হোটেলৰ দৰেই বিশাল, ব্যয়বহুল তথা বিভিন্ন সুবিধাৰে ভৰা। পার্টি আজিৰ দিনত বহুতো  চিনেমা হল, বিনোদন কেন্দ্র, থীম পার্ক, ম’ল, মাল্টি স্পিচিয়েলিটি হস্পিটেল, বাতৰি কাকত তথা টেলিভিছন চেনেলৰ মালিক। পিছে পূর্বৰ সময়ত যেনেদৰে পার্টিয়ে লাইব্রেৰী ক্লাব, পথৰ নাটক, সাংস্কৃতিক দল আদি গঠনৰ জৰিয়তে এক বৈকল্পিক সাংস্কৃতিক আন্দোলন গঢ়ি তুলিব পাৰিছিল, সেয়া আজিৰ দিনত মুঠেও কৰিব পৰা নাই। পূর্বৰ সাংস্কৃতিক সংগঠনসমূহ আজিৰ দিনত মৃতপ্রায়।  পার্টি ক্রমবর্ধমান গতিৰে মুখ্যধাৰাৰ দিশেৰেহে ধাৱমান হৈছে। পার্টিৰ মালিকানাত থকা টিভি চেনেলসমূহতো কোনো প্রগতিশীল চিৰিয়েল, অনুষ্ঠান আদি পৰিবেশন কৰাৰ বিপৰীতে পৰম্পৰাগত ৰক্ষণশীল শাহু-বোৱাৰী মার্কা চিৰিয়েলেই পৰিবেশন কৰা হয়।
  
অধিক গুৰুত্বপূর্ণভাৱে, নব্য-উদাৰবাদী মডেলটোৰ বিপৰীতে কেৰালা চিপিএমে বৈকল্পিক বিকাশৰ কোনো মডেল বিকশিত কৰি তুলিবলৈ সক্ষম হোৱা নাই। এইক্ষেত্রত অন্তিমটো পদক্ষেপ লোৱা হৈছিল ১৯৯৬ চনত, ই এম এছ নম্বুদিৰিপাদৰ নেতৃত্বত। ৰাজ্যৰ বিকাশ পুঁজিৰ ৪০ শতাংশ গাওঁ পঞ্চায়তসমূহৰ মাজত বিলাই দিয়াৰ এক আঁচনি লোৱা হৈছিল  – যাতে পঞ্চায়তসমূহে নিজৰ বিকাশৰ গতি আৰু ৰূপ নিজেই ঠিক কৰি লব পাৰে। আঁচনিখনৰ নাম দিয়া হৈছিল Peoples Plan Campaign। পিছে তাতো আশানুৰূপ সফলতা দেখা পোৱা নগল। তাৰ পাছৰবাৰ চৰকাৰলৈ অহাৰ পাছত চিপিএমে নিজেই এই আঁচনিখন ত্যাগ কৰিলে।

আজিৰ দিনত কেৰালা চিপিএমে কেনেকৈ ৰাজ্যখনত ব্যক্তিগত পুঁজিৰে উদ্যোগীকৰণ কৰিব পৰা যায় – তাৰেই চিন্তাত আছে। কোকা কোলাৰ প্লাণ্টৰ বাবে মাটি দখল কৰিবলৈ গৈ চৰকাৰ কৃষকৰ ক্রোধৰো বলি হব লগা হৈছে। পিছে কেৰালাৰ নিচিনা এখন জনবহুল ৰাজ্যত – যত উদ্যোগ স্থাপনৰ বাবে খালী মাটি নাই বুলিয়েই কব পাৰি – ব্যক্তিগত পুঁজিক আকর্ষণ কৰিব পৰাটো সহজ কথা নহয়।

২) পশ্চিমবংগঃ

কেৰালাৰ বিপৰীতে ভূমি সংস্কাৰৰ ফলত ১৯৯০ৰ দশক পর্যন্ত বংগৰ কৃষিখণ্ডত বেছ প্রগতি দেখা পোৱা গৈছিল। পিছে তাৰ পাছতেই বংগতো স্তবিৰতাই দেখা দিলে। জনসংখ্যা বৃদ্ধি তথা বজাৰ অর্থনীতিৰ প্রভাৱত সৰু সৰু খেতিমাটিৰ টুকুৰাবোৰ আৰু সৰু হৈ পৰিল। সিবিলাকত খেতি কৰি জীয়াই থকাটোৱেই মুস্কিল হৈ পৰিল। এনেস্থলত চৰকাৰে কৃষকৰ producer cooperative বা marketing cooperative গঢ়ি তোলাৰ কথা ভাবিব পাৰিলেহেঁতেন। পিছে চিপিএমৰ তত্ত্বমতে বৃহৎ হাৰত সমবায় নির্মাণ  যিহেতু সমাজবাদী বিপ্লৱৰ অংশবিশেষ, যাৰ সময় জনগনতান্ত্রিক বিপ্লৰ পাছতহে আহিব - সেয়েহে এই কার্যৰ প্রতি চৰকাৰে বিশেষ কোনো মনকান নিদিলে।

সামাজিক সূচকবোৰৰ ক্ষেত্রত পশ্চিমবংগৰ ৰেকর্ড বৰ ভাল নহয়। নব্বৈৰ দশকত  ৰাজ্যখনৰ প্রায় ৫৬ শতাংশ লোক দৰিদ্র সীমাৰেখাৰ তলত বাস কৰিছিল (ভাৰত ৩৬ শতাংশ)। ১৯৯৯ চনত ৰাজ্যখনৰ প্রায় ৭৮ শতাংশ শিশু এনামিয়াত ভূগি আছিল (ভাৰত ৭৪)। গ্রাম্য স্বাস্থ্য সেৱা কেন্দ্রসমূহৰ অৱস্থা ৰাজ্যখনত বেছ শোচনীয় (সম্প্রতি মমতা বেনার্জী চৰকাৰখনৰ জনপ্রিয়তাৰ এক কাৰণ হৈছে স্বাস্থ্য খণ্ডৰ প্রতি মনোযোগঃ হস্পিটেলবোৰৰ অৱস্থা ভাল হৈছে তথা ঔষধো সময়ত পোৱা গৈছে)। চিপিএমে ক্ষমতা এৰালৈকে ৰাজ্যখনৰ সাক্ষৰতাৰ আছিল  ৬৯ শতাংশ – অথচ ২০০১ চন পর্যন্ত ই ৮০ শতাংশতকৈ অধিক আছিল। ৰাজ্যখনৰ ২৫ শতাংশ ঘৰতেই পানী যোগান, টয়লেট তথা বিদ্যুত সংযোগ – তিনিওটাৰে এটাও সেৱা নাই।

এনৰেগা আচনিখন ৰূপায়ন কৰাৰ ক্ষেত্রতো চিপিএম চৰকাৰ বেয়াকৈ ব্যর্থ হৈছিল। ৰাজস্থানৰ ৩২ দিন শ্রমদিৱসৰ বিপৰীতে বংগই মাত্র ৮ দিন শ্রমদিৱসহে উলিয়াই দিবলৈ সক্ষম হৈছিল। আশ্বর্যকৰভাৱে ৰাজহুৱা যোগান(PDS)ৰ ক্ষেত্রত চৰকাৰখন সম্পূর্ণভাৱে ব্যর্থ হৈছিল। ২০০০-১০০৮ সময়ছোৱা ৰেছন সামগ্রীৰ প্রায় ৭০ শতাংশই কলা বজাৰত প্রবেশ কৰিছিল।  

আশীৰ দশকমানৰ পৰাই বংগৰ পৰম্পৰাগত উদ্যোগ – যেনে মৰাপাট আদিৰ উদ্যোগসমূহ লোকচানৰ সমুখিন হবলৈ আৰম্ভ হৈছিল। এই জনবহুল ৰাজ্যখনত কেনেকৈ উদ্যোগ স্থাপন কৰিব পৰা যায়, এই লৈ পার্টি চিন্তিত হৈ পৰিছিল। আমোদজনকভাৱে, ১৯৯০ৰ দশকৰ উদাৰীকৰণ নীতিয়ে পার্টিক এক নতুন পথৰ সন্ধান দিলে। আগেয়ে দেশী-বিদেশী পুঁজি ৰাজ্যলৈ আনিবলৈ কেন্দ্রীয় চৰকাৰৰ ওচৰত অনুৰোধ কৰিব লগা হৈছিল; পিছে এতিয়া ৰাজ্যসমূহে নিজেই প্রাইভেট পুঁজি মাতি অনাৰ অধিকাৰ লাভ কৰিলে। তদুপৰি ইতিমধ্যেই চোভিয়েট ইউনিয়নৰ পতন ঘটিছিল আৰু চীনৰ ‘বজাৰ-সমাজবাদ’ চকুত লগাকৈ বিকশিত হৈ উঠিছিল।

এইখিনি সময় চিপিএমৰ বাবে সন্ধিক্ষণৰ সময় আছিল। যি উদাৰীকৰণ নীতিক পার্টিৰ কেন্দ্রীয় নেতৃত্বই তুলাধুনা দিছিল, সেই একেই নীতিকে এইবাৰ বংগৰ ৰাজ্য চৰকাৰে গ্রহণ কৰাৰ পাং পাতিলে। নন্দীগ্রাম, চিংগুৰৰ বহু আগেয়েই আচলতে পার্টিৰ দৃষ্টিভংগী সলনি হৈছিল। ১৯৯৫ চনত বংগৰ চিপিএম চৰকাৰে পার্টিৰ পৰা কোনো অনুমতি নোলোৱাকৈয়ে নতুন উদ্যোগিক নীতি ঘোষণা কৰিলে যত ব্যক্তিগত পুঁজিৰ ভিত্তিত উদ্যোগীকৰণৰ লক্ষ্য ঘোষণা কৰা গল।

পিছে সমস্যাটো হৈছে যে  বংগৰ কমিউনিষ্ট চৰকাৰৰ বিপৰীতে চীন দেশত সমগ্র ৰাষ্ট্রযন্ত্রটোৱেই আছে পার্টিৰ হাতৰ মুঠিত [চীন আজিৰ দিনত কমিউনিষ্ট হয় নে নহয় – সেয়া আন এক প্রসংগ]। গতিকে কোন অঞ্চলত, কোন খণ্ডত, কেনেকৈ ব্যক্তিগত বিনিয়োগ চলমান কৰা হব – সেয়া পার্টিয়ে নির্ধাৰণ কৰিব পাৰে। ভাৰতত পিছে বিভিন্ন ৰাজ্যসমূহৰ মাজত ব্যক্তিগত পুঁজিৰ সন্ধানত খোৱাকামোৰাহে দেখা পোৱা যায়।  ভালতকৈ ভাল সুবিধা বিচাৰি পুঁজিয়েও ৰাজ্যিক চৰকাৰসমূহক ব্লেকমেইলিং কৰিব পাৰে। নেনো কাৰ নির্মাণৰ বাবে বংগৰ চৰকাৰে যদি যথেষ্ঠ পৰিমাণে টেক্স ৰিলিফ দিয়া নাই, যদি ভালতকৈ ভাল মাটিখিনি দিয়া নাই, তেতিয়া উদ্যোগ গুজৰাটলৈ গুচি যাব। আচলতে নেনো কাৰৰ ক্ষেত্রত ঠিক এইটোৱেই ঘটিল। তদুপৰি চীনৰ বিপৰীতে ভাৰত হৈছে এখন গণতন্ত্র। মাটি দখল কৰি ললে কৃষকে বিদ্রোহ কৰাটো সহজ ঘটনা। এনে পৰিস্থিতিত সুস্থ উদ্যোগীকৰণ গঢ়ি তোলাটো অতিশয় কঠিন কাম।

কেৰালা চিপিএমৰ বিপৰীতে বংগৰ চিপিএমৰ ভাতৃ সংগঠনসমূহে কেতিয়াও স্বায়ত্ব বিকাশৰ সুবিধা নেপালে।  নব্বৈৰ দশকৰ স্তবিৰতাৰ পাছত ইলেকচনত জিকাটোকেই মূল লক্ষ্য হিচাপে ধৰি লোৱা হল আৰু ফলত ক্রিয়া সংঘ, সাংস্কৃতিক সংঘ আদি বিভিন্ন নাগৰিক সংগঠনসমূহক পার্টিয়ে গ্রাস কৰি পেলালে। স্কুলত নাম ভর্তি কৰা, স্কলাৰশ্বিপ লাভ কৰা, মেডিকেল স্কুলত চীট লোৱা, বিয়াৰ ৰেজিষ্ট্রেচন কৰা আদি কামবোৰৰ বাবেও চিপিএমৰ ‘নমেনক্লেটুৰা’ৰ জৰিয়তে জনগণ যাব লগাত পৰিল। গণতন্ত্রৰ বিকাশৰ বাবে ই মুঠেও সুবিধাজনক নাছিল। দ্বৈপায়ন ভট্টাচার্যই বংগৰ সমাজখনক “পার্টি-চচাইটি” বুলি অভিহিত কৰিছে - অর্থাৎ যত সামাজিক জীৱনৰ প্রতিটো ক্ষেত্রতে পার্টিৰ সর্বগ্রাসী অস্তিত্ব আৰু ভূমিকা স্পষ্ট। চিপিএমৰ এই পৰম্পৰাটোকে মমতা বেনার্জীয়েও অনুসৰণ কৰিছে।

আজিৰ দিনত  চিপিএমৰ বংগৰ ইউনিটটোক পার্টিৰ এক কেঞ্চাৰগত অংগ বুলি অভিহিত কৰিব পৰা যায়। শাসনচ্যুত হোৱাৰ পাছতো পার্টিৰ নীতিৰ কোনো পৰিবর্তন নঘটিল। বৰং যোৱাটো নির্বাচনত চিংগুৰ অঞ্চলত নেনো কাৰ লৈ পার্টি প্রত্যাশীজনে প্রচাৰ চলোৱা দেখা গল! কথা হৈছে যে ব্যক্তিগত পুঁজিনির্ভৰ উদ্যোগীকৰণেই যদি পার্টিৰ মূল লক্ষ্য, তেনেহলে জনগণেনো কমিউনিষ্ট পার্টি এটাক কিয় ভোট দিব লাগে? তাতকৈ দেখোন বুর্জোৱা পার্টি এটাক ভোট দিয়াই ভাল?

৩) ত্রিপুৰাঃ

ত্রিপুৰা এখন সৰু দুখীয়া ৰাজ্য আৰু তাৰ জনসংখ্যাৰ পৰিমাণো কেৰালা বা বংগতকৈ বহু কম (মাথো ৩৭ লাখ)। এইক্ষেত্রত মাণিক চৰকাৰৰ কৃতিত্বসমূহ সকলোৱেই মানি লোৱা দেখা যায়। ত্রিপুৰা ভাৰতৰ আটাইতকৈ কম দুর্নীতিবান ৰাজ্য বুলি জনা যায়; মাণিক চৰকাৰ হয়তো সমগ্র দেশৰে আটাইতকৈ দুখীয়া মূখ্যমন্ত্রীজন হব।  ১৯৮১ চনত ৰাজ্যখনত সাক্ষৰতাৰ হাৰ আছিল ৫০ শতাংশ, ৯১ চনত ৬০ শতাংশ, ২০১১ চনত ৮৭.৭৫ শতাংশ তথা ২০১৩ চনত ই ৯৫.১৬ শতাংশ হৈছেগৈ। অচিৰেই ৰাজ্যখন ১০০ শতাংশ সাক্ষৰ ৰাজ্য বুলি ঘোষিত হব।  ৰাজ্যখনত ব্যক্তিৰ গড় আয়ুস ভাৰতীয় গড় আয়ুসতকৈ প্রায় ১০ বছৰ অধিক – ৭১ পুৰুষ তথা ৭৪ মহিলাৰ বাবে।  স্বাস্থ্য, পুষ্টি, শিক্ষা,  মানৱ সুৰক্ষা আদিৰ ক্ষেত্রতো ৰাজ্যখন বেছ আগবাঢ়ি আছে।  ৰাজ্যখনত চেক্স অনুপাত  অর্থাৎ প্রতি হেজাৰ পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা হৈছে ৯৬১ (ভাৰত  ৯৪০)। শিশু মৃত্যুৰ হাৰ হৈছে প্রতি  হেজাৰত ২৮ (ভাৰত ৪২)। প্রায় ৮৬ শতাংশ ব্যক্তিৰ ঘৰত নিজা টইলেট আছে (ভাৰত - ৪৭)। অর্থাৎ স্বচ্ছ ভাৰত জাতীয় কোনো হৈ হাল্লা নকৰাকৈয়ে চৰকাৰখনে এই কার্য বহু আগেয়েই পূর্ণ কৰিছে। এনৰেগা, জংগল অধিকাৰ আইন আদিৰ ৰূপায়নৰ ক্ষেত্রতো ত্রিপুৰাৰ ৰেকর্ড অতিশয় ভাল।  জংগল অধিকাৰ আইনৰ অধীনত ২০১৩ চন পর্যন্ত চৰকাৰে প্রায় ১ লাখ ২০ হাজাৰটা মাটিৰ স্বত্ত্ব কৃষকক প্রদান কৰিছে (মুঠ দাবীৰ প্রায় দুই তৃতীয়াংশ)। ২০০৫-২০১০ সময়ছোৱাত দাৰিদ্রতাৰ হাৰ গাওঁ তথা চহৰাঞ্চলত ক্রমে ২৪.৭ আৰু ১২.৫ শতাংশ পইণ্ট হ্রাস হৈছে।  ত্রিপুৰাত কিছুসময় পূর্বে গেছৰ ভাণ্ডাৰ আৱিষ্কাৰ হৈছে আৰু আজিৰ দিনত ৰাজ্যখনৰ বিজুলী উৎপাদন চাহিদাতকৈ অধিক। ই প্রায় ১০০ মেগাৱাট বিজুলী সম্প্রতি বাংলাদেশক বিক্রী কৰে!

পিছে জনজাতি আৰু বঙালীসকলৰ মাজত চলা সংঘাত এতিয়াও চৰকাৰখনে সম্পূর্ণকৈ নিৰাময় কৰিব পৰা নাই। ৰাজ্যখনত আদিবাসীৰ সংখ্যা ১৯৪১ চনত ৫০% আছিল। ই ১৯৬১ চনত  ৩১.৫% তথা ১৯৮১ চনত   ২৮.৪% লৈ  হ্রাস পালে। অৱশ্যে সম্প্রতি  ২০১১ চনত ই ৩১.৮%  লৈ বৃদ্ধি পাইছে।  এই দ্রুত হ্রাসৰ কাৰণ হৈছে বংগীয় প্রব্রজনকাৰীৰ প্রবেশ। ১৯৪৭-৭১ সময়ছোৱাত ৬ লাখ বংগীয় ব্যক্তিয়ে ৰাজ্যখনত প্রবেশ কৰিছিল।  ১৯৭১ৰ যুদ্ধৰ পাছত ১৭ লাখ বংগীয় লোকক ৰাজ্যখনে আশ্রয় দিব লগাত পৰিল! অথচ সেইসময়ত ৰাজ্যখনৰ মুঠ জনসংখ্যা আছিল মাত্র ১৬ লাখ!

ৰাজ্যখনৰ বেছিভাগ মাটিয়েই জনজাতিসকলে বঙালীৰ হাতত হেৰুৱাইছে। এইক্ষেত্রত সমস্যা হৈছে যে ঝুম খেতি কৰাৰ ফলত বেছিভাগ জনজাতীয় লোকৰ হাততেই মাটিৰ স্বত্ত্ব সম্পর্কীয় কোনো কাগজ পাতি নাই। ১৯৮০ৰ দশকত আদিবাসীসকলৰ মাজত মাটি বিতৰণ কৰিব নোৱাৰি হতাশ হৈ বাওঁ চৰকাৰৰ ভূমি সংস্কাৰ মন্ত্রী বিৰেন দত্তই পদত্যাগো কৰিছিল।  বিগত দশকটোত জনজাতীয় লোকসকলৰ মাজত ঝুমৰ সলনি ৰবৰ খেতিৰ প্রচলন কৰি বেছ সুফল পোৱা গৈছে। চৰকাৰী তথ্য মতে প্রায় ৫০ হেজাৰ লোক দাৰিদ্র সীমাৰেখাৰ পৰা ওপৰলৈ উধাব পাৰিছে। সম্প্রতি গাহৰি পালন, হর্টিকালচাৰ, দুগ্ধপালন আদিৰ বিকাশৰ বাবেও চেষ্টা কৰি থকা হৈছে।

পিছে ত্রিপুৰাৰ ইতিহাসৰ এক কলা অধ্যায় হৈছে নব্বৈৰ দশকৰ শেহৰছোৱা। জনজাতীয় সশস্ত্র সংগ্রাম ৰোধ কৰিবলৈ চৰকাৰখনে সশস্ত্র বাহিনী বিশেষ সুৰক্ষা আইনখন ১৯৯৭ চনত ৰাজ্যখনত প্রচলন কৰিছিল। অসমৰ ছালফা সৃষ্টি তথা গুপ্ত হত্যাৰ দৰেই ত্রিপুৰাতো এনে এছোৱা সময় গৈছিল। এখন প্রগতিশীল চৰকাৰৰ পৰা এনে পদক্ষেপ নিশ্চয়েই আশা কৰিব পৰা নাযায়। অৱশ্যে ২০১৫ চনত ৰাজ্যখনৰ পৰা আইনখন প্রত্যাহাৰ কৰা হৈছে।

জনজাতিসকলৰ ককবৰক ভাষাটো সুৰক্ষিত তথা বিকশিত কৰিবলৈও চৰকাৰে আৰু বহুখিনি কাম কৰাৰ প্রয়োজনীয়তা আছে। এফালে উগ্র জাতীয়তাবাদী বঙালী সংগঠন “আমৰা  বাঙ্গালী” আৰু আনফালে জনজাতীয় সশস্ত্র সংগ্রাম – এই দুয়োৰে মাজত চৰকাৰখনে সদায়েই সামঞ্জস্য ৰক্ষা কৰিব পাৰিছে বুলি কব নোৱাৰি।

সুবীৰ ভৌমিকৰ মতে ১৯৭৬ চনত ত্রিপুৰাস্থিত গুমটি জলবিদ্যুত বান্ধটো নির্মাণ কৰোতে প্রায় ১০,০০০ ট্রাইবেল লোকক বিস্থাপিত কৰিব লগা হৈছিল। অথচ আজিৰ দিনত ৩০ মিটাৰ ওখ এই বান্ধটোৱে মাত্র ৭ মেগাৱাট বিজুলীহে উৎপাদন কৰে। বান্ধটো ডি-কমিচন কৰিলে প্রায় ৪৫ বর্গকিলোমিটাৰ সাৰুৱা মাটি পোৱা যাব যত প্রায় আটাইখিনি ভূমিহীন ট্রাইবেল ব্যক্তিৰ পুণঃর্বসন দিয়া যাব পাৰে।

চহৰ বিকাশৰ ক্ষেত্রত চৰকাৰে বিশেষ কোনো বিকল্প প্রস্তুত কৰিব পাৰিছে বুলি কব নোৱাৰি। ভাৰতৰ অন্যান্য চহৰৰ দৰেই ব্যক্তিগত হাউচিং, ব্যক্তিগত যাতায়াত তথা তথা ব্যক্তিগত শিক্ষানুষ্ঠানৰ আধাৰতেই চহৰবোৰ গঢ়ি উঠিছে। এইক্ষেত্রত ভৱিষ্যতে বাওঁ চৰকাৰে কোনো বিকল্প গঢ়ি তুলিব পাৰিব নে নাই, সেয়া সময়েহে কব।

সামৰণিঃ
কেৰালা আৰু ত্রিপুৰাত সামাজিক সূচকসমূহৰ ক্ষেত্রত বাওঁপন্থী চৰকাৰকেইখনে ভাল ফল দেখুৱাবলৈ সক্ষম হৈছে। আনহাতে এটাইকেওখন ৰাজ্যতে সীমিত ভূমি সংস্কাৰৰ ফলাফল যথেষ্ঠ মিশ্রিত বুলিয়েই কব পাৰি। এটা কথা স্পষ্ট যে ৱিষ্যতে ভূমি-সংস্কাৰৰ দ্বাৰা উৎপাদিকা শক্তি বৃদ্ধি কৰাৰ সম্ভাৱনা যথেষ্ঠ কম। এনেস্থলত নিয়োগ বৃদ্ধিৰ বাবে বাওঁ চৰকাৰকেইখনে কিছু কার্যসূচী লবই লাগিব। পিছে এনে কার্যসূচীৰ স্বৰূপ কি হব? এইটো আজিৰ দিনত এটা লাখটকীয়া প্রশ্ন।

এটা কথা স্পষ্ট যে নব্য-উদাৰবাদী এই যুগত সুস্থ উদ্যোগীকৰণ গঢ়ি তোলাটো অতিশয় কঠিন কাম – বিশেষকৈ জনবহুল গণতান্ত্রিক একোখন দেশত। আন আন বুর্জোৱা চৰকাৰৰ দৰেই বাওঁপন্থী আঞ্চলিক চৰকাৰসমূহেও যদি কর্পৰেট পুঁজিৰ ভৰষাতেই উদ্যোগীকৰণৰ বাট লয়, তেতিয়া তেওঁলোকৰ সতে আন আন দলৰ কোনো পার্থক্য থাকিবনে? জনগনক কষ্ট নিদিয়াকৈ কর্পৰেট উদ্যোগীকৰণ আজিৰ ভাৰতত সম্ভৱপৰনে? কর্পৰেট উদ্যোগীকৰণৰ বিপৰীতে কৃষক উৎপাদিত সামগ্রীৰ সমবায়মূলক উৎপাদন, বিপনন আদিৰ পৰীক্ষণ কৰি চাব পৰা যায়নে?

মন কৰিবলগীয়া যে আজিও ভাৰতৰ ৯৪ শতাংশ লোকেই অনানুষ্ঠানিক খণ্ডটোত কাম কৰে। অতি তীব্র বেগেৰে কর্পৰেট খণ্ডৰ বিকাশ ঘটিলেও এই ৯৪ শতাংশৰ অধিকাংশক যে কর্পৰেট খণ্ডত খপাব পৰা যাব – তাৰ আশা দুৰূহ। তেনেস্থলত অনানুষ্ঠানিক খণ্ডৰ ফার্মসমূহক নকৈ সমবায়ভিত্তিক ৰূপত গঢ়াৰ কথা ভাবিব পাৰিনে?

চিপিএম নেতৃত্বই হয়তো কব – আমূল সংস্কাৰ সাধন কৰিবলৈ হলে প্রথমতে কেন্দ্রত এখন বাওঁ চৰকাৰ প্রয়োজনীয় হব।  তাৰ বাবে ভাৰতৰ অন্যান্য অঞ্চল – বিশেষকৈ হিন্দীভাষী অঞ্চলত বাওঁপন্থীসকল প্রসাৰিত হব পাৰিব লাগিব।  জনগণৰ বিভিন্ন স্বার্থমূলক বিষয় লৈ আন্দোলন কৰিহে এইফেৰা কাম কৰিব পৰা যাব। পিছে বংগ আৰু কেৰালাৰ আঞ্চলিক চৰকাৰসমূহে যদি ইতিমধ্যেই নব্য উদাৰবাদী কর্পৰেট উদ্যোগীকৰণতে মন দিয়ে, তেনেস্থলত একেটা পার্টিৰ গনসংগঠনসমূহে কি মুখেৰে নব্য-উদাৰবাদৰ বিৰোধিতা কৰি হিন্দী প্রদেশত আন্দোলন কৰিব? চিংগুৰ নন্দীগ্রামৰ পাছত দেখা গৈছিল – অন্ধ্রপ্রদেশ, মহাৰাষ্ট্র আদি ৰাজ্যত চিপিএমৰ কর্মীসকল হতাশ হৈ পৰিছে; কর্পৰেটৰ দ্বাৰা সেই ৰাজ্যসমূহত কৃষকৰ মাটিৰ কুক্ষিগতকৰণৰ বিৰুদ্ধে তেওঁলোকে আন্দোলন কৰাৰ উৎসাহ হেৰুৱাই পেলাইছে!

আন কথাত, বাওঁপন্থীসকলে – বিশেষকৈ চিপিএমে আজি ঠিৰাং কৰিব লাগিব যে অনাগত সময়ছোৱাত তেওঁলোকৰ অগ্রাধিকাৰ কোনখিনিত থাকিব – সর্বভাৰতীয় পর্যায়ত গণআন্দোলন গঢ়ি তোলা – নে তিনিওখন ৰাজ্যত কেনেবাকৈ বুর্জোৱাৰ সতে বুজাবুজি কৰি হলেও শাসন বর্তাই ৰখা? চিপিএমৰ এই সিদ্ধান্তৰ ওপৰতেই ভাৰতীয় সংসদীয় বাওঁধাৰাৰ ভৱিষ্যত নির্ভৰ কৰিছে।

(লেখনীটোত ব্যৱহৃত অধিকাংশ তথ্য প্রফুল বিদৱাইৰ শেহতীয়া গ্রন্থ “দা ফিনিক্স মমেণ্ট”ৰ পৰা লোৱা হৈছে)



2 comments:

  1. বহুত ভাল লাগিল। এনে এটা তুলনাত্মক লেখা পঢ়িবলৈ খুৱ মন আছিল, কিন্তু পঢ়িবলৈ পাম বুলি আশা কৰা নাছিলোঁ। ভাল লাগিল।

    (লগতে বেলেগ এটা সৰু কথাও মনলৈ আহিছে, যিটো কথা কেনেকৈ হয় মই বুজি নাপাওঁ। এই যে মহিলা-পুৰুষ অনুপাতটো, এইটোত যে চৰকাৰৰ কৃতিত্বৰ কথা কোৱা হয়, ইয়াত চৰকাৰৰ প্ৰভাৱ কেনেকৈ থাকিব পাৰে?? ধৰক, এহাল অশিক্ষিত(অৱশ্যে স্বাক্ষৰ) পুৰুষ-মহিলাই ৮টা সন্তান জন্ম দিলে, তাৰে ২টা ল'ৰা, ৬জনী ছোৱালী; কাৰণ ডাঙৰ সন্তানকেইটা ছোৱালী হোৱা বাবে মানুহহালে ল'ৰা দুটামান বিচাৰি সন্তান জন্ম দিয়েই আছিল...। গতিকে যদি ইয়াৰ ফলতো নাৰী-পুৰুষৰ অনুপাতটো বাঢ়ি গৈছে; তেতিয়া কি বুলি কোৱা হ'ব? নে স্বাস্থ্যখণ্ডৰ উন্নতি কৰা বাবে প্ৰসুতীৰ মৃত্যু কম হৈছে বাবেই অনুপাতটো বাঢ়িছে বুলি ধৰি ইয়াত চৰকাৰক কৃতিত্ব দিয়া হয়? নে আন কাৰণ থাকে? কথাটো হয়তো বহুখিনি পৰিসংখ্যাৰ ভিত্তিত বেলেগ প্ৰবন্ধৰ বিষয়ো হ'ব পাৰে।)

    ReplyDelete
  2. সুন্দৰ লেখা ৷

    ReplyDelete

ৰামৰ অযোধ্যা

  মূলঃ সৰোজ মিশ্ৰ https://kafila.online/2024/01/02/rams-ayodhya-saroj-mishra/ অনুবাদঃ ময়ূ ৰ চেতিয়া   কোৱা হয় -   ৰামৰ জন্ম অযোধ্য...