লৈংগিক
শ্রম বিভাজন
ইউৰোপ আমেৰিকাৰ বহুতো বন্ধুৱে মোক প্রায়েই আচৰিত হৈ
সোধেঃ “তোমালোকৰ দেশত এতিয়াও এৰেঞ্জড মেৰিজ আছে যে? কথাটো কি?” মই মাজেসময়ে ভাবোঁ –
এৰেঞ্জড মেৰিজ হওঁক, লাভ মেৰিজ হওঁক – মেৰিজতো মেৰিজেই! এটা পর্যায়ৰ পাছত দুয়োটায়েতো বিবাহ বোলা
অনুষ্ঠানটোক ন্যায্যতা প্রদান কৰে? বহুতে ভবাৰ দৰে প্রেমবিবাহ সঁচাকৈয়ে ইমান ৰেডিকেল
বস্তুনে? শেহত গৈ ইয়োতো বিবাহ বোলা [অবাঞ্ছনীয়] অনুষ্ঠানটোকেই মজবুত কৰে?
বিবাহ অনুষ্ঠানটোৰ এটা মূল বৈশিষ্ট হৈছে লৈংগিক শ্রম
বিভাজন। মহিলাসকলকেই ঘৰুৱা কামৰ বাবে জগৰীয়া কৰা হয়; অর্থাৎ শ্রম শক্তিৰ
পুণঃউৎপাদনৰ বাবে প্রয়োজনীয় শ্রমখিনি নাৰীসকলেই সমাপন কৰে। ব্যক্তি একোজনক দিনৰ পাছত দিন ধৰি কর্মক্ষম কৰি ৰাখিবলৈ
প্রয়োজন হোৱা চর্তখিনি – (যেনে খাদ্য, পৰিষ্কাৰ ঘৰ, পৰিষ্কাৰ কাপোৰ আদিৰ
প্রয়োজনসমূহ) মহিলাসকলেই পূৰণ কৰে। মহিলাসকলে হয়বা নিজেই এই কামখিনি কৰিব লাগিব নতুবা
কোনো বনকৰা মহিলাৰ দ্বাৰা এইখিনি কৰোৱাই লব লাগিব । অর্থাৎ
যেনেকৈয়ে নহওঁক কিয় – শেহপর্যন্ত ঘৰৰ কামখিনি সমাপন কৰাটো মহিলা একোগৰাকীৰ মূখ্য
দায়িত্ব বুলি ভবা হয়। আনকি যিসকল মহিলাই ঘৰ-পৰিয়ালৰ
বাহিৰত, কোনো অফিচ আদিত কাম কৰে, তেওঁলোকৰো মূল দায়িত্ব ঘৰুৱা কামখিনি বুলিয়েই
গণ্য কৰা হয়। গৃহকর্মী নিয়োগ কৰি মধ্যবিত্তীয় মহিলাগৰাকীয়ে হয়তো এই হেঁচাৰ পৰা
কিছু পৰিমাণে সাময়িক সকাহ লাভ কৰিব পাৰে কিন্তু তাৰ পৰা সম্পূর্ণ নিষ্কৃতি তেৱো
লাভ কৰিব নোৱাৰে।[বনকৰা মহিলাগৰাকীয়ে মালিকৰ ঘৰত কাম কৰে বাবে তেওঁৰ কর্মস্থলীক
ফেক্টৰীৰ দৰে প্রকৃত কর্মস্থলী বুলি গণ্য কৰা নহয়। সেয়েহে শ্রমিকৰ প্রাপ্য বহুতো
সামাজিক সুৰক্ষা যেনে নূন্যতম বেতন, কামৰ সুৰক্ষা আদিৰ পৰা তেওঁক বঞ্চিত কৰা হয়।
আনহাতে বন কৰা মহিলাগৰাকীয়ে ভালকৈ কাম কাজ কৰিছেনে নাই – সেয়া চোৱাচিতা কৰাৰ
দায়িত্ব মালিকনী অর্থাৎ মধ্যবিত্তীয় মহিলাগৰাকীৰ ওপৰতেই এৰি দিয়া হয়। কিবা গণ্ডগোল
হলে মধ্যবিত্তীয় মহিলাগৰাকীকেই স্বামীয়ে দায়ী সাব্যস্ত কৰে। ঘৰুৱা কামৰ দায়িত্বৰ
হেঁচাৰ পৰা এতিয়াও মধ্যবিত্তীয় মহিলাগৰাকীয়ে সম্পূর্ণ মুক্তি নাপায় কিন্তু বনকৰা
শ্রমিক নিয়োগ কৰি তেওঁ কিছু সকাহ নিশ্চয় লাভ কৰে। এইদৰেই পিতৃতন্ত্রৰ কিছু বোজা
মধ্যবিত্তীয় মহিলাগৰাকীৰ পৰা বনকৰা মহিলাগৰাকীলৈ স্থানান্তৰিত কৰা হয়। আনহাতে
মালিকনী আৰু বনকৰা মহিলাগৰাকীৰ মাজৰ দ্বন্দ্ব বৃদ্ধি হয়। কথাখিনি ঠিক শ্রমিক আৰু
চুপাৰভাইজাৰৰ মাজত থকা দ্বন্দ্বৰ দৰে। শেহ পর্যন্ত চুপাৰভাইজাৰজনেও সুচল জীৱন
উপভোগ কৰিব নোৱাৰে। শেষ অর্থত পুঁজিপতিৰ দ্বাৰা শ্রমিক আৰু চুপাৰভাইজাৰ – দুয়ো
শোষিত হয়। কিন্তু সংকীর্ণ দৃষ্টিৰে চালে শ্রমিক আৰু চুপাৰভাইজাৰৰ দ্বন্দ্বই মূল
দ্বন্দ্ব যেন প্রতিভাত হয়। পুঁজিপতিৰ ভূমিকাৰ কথাটো তল পৰে - অনুবাদক] ।