Thursday, November 5, 2015

হিটলাৰ আৰু নাজীবাদঃ এক প্রাথমিক পৰিচয়ঃ

অনুবাদ আৰু পৰিবর্ধনঃ ময়ূৰ চেতিয়া

১৯৪৫ চনৰ গ্রীষ্মকাল। জার্মানী।

হেলমুথ নামৰ এটি ১১ বছৰীয়া শিশুৱে ৰাতিপুৱা সাৰ পায়েই শুনা পালেঃ মাক দেউতাকে চেপা মাতেৰে কিবা গম্ভীৰ বিষয় সম্পর্কে কথা পাতি আছেহেলমুথৰ চিকিৎসক দেউতাকে মাকৰ লগত আলোচনা কৰিছেঃ “তেওঁ গোটেই পৰিয়ালটোকে মাৰি পেলোৱা উচিত, নে কেৱল নিজে আত্মহত্যা কৰা উচিত? সকলোকে মাৰি পেলাবলৈ তেওঁ ওচৰত সিমান সময় আছেনে?”  দেউতাকে লগতে কিবা প্রতিশোধৰ কথাও কৈ আছিলঃ “আগেয়ে আমি বিকলাংগ তথা ইহুদীসকলৰ সতে যেনে ব্যৱহাৰ কৰিছিলো, এতিয়া আমেৰিকা আৰু চোভিয়েট মিত্রশক্তিয়েও আমাৰ সতে তেনেকুৱাই ব্যৱহাৰ কৰিব”পিছদিনা দেউতাকে হেলমুথসহিত গোটেই পৰিয়ালটোকে পিকনিকৰ বাবে ওচৰৰ উদ্যানখনলৈ লৈ গল।  লৰা-ছোৱালী কেইটিয়ে গীত গালে, লৰা ধপৰা কৰি হাঁহি-ফুর্তি কৰিলে। শেষবাৰৰ বাবে পৰিয়ালটোৱে আনন্দেৰে দিনটো কটালে। সন্ধিয়ালৈ হেলমুথৰ দেউতাক জীয়াই নাথাকিল। নিজৰ অফিচতে মূৰত গুলিয়াই তেওঁ আত্মহত্যা কৰিলে। হেলমুথে কিছুসময়ৰ পাছত দেখিলেঃ  দেউতাকৰ তেজসিক্ত ইউনিফর্মযোৰ ঘৰৰ জুইশালিত পুৰি পেলোৱা হৈছে। এই ঘটনাৱলীয়ে হেলমুথক ইমানেই সন্ত্রসিত কৰি তুলিলে যে অনাগত ৯ বছৰৰ বাবে লৰাটিয়ে ঘৰত খাদ্য গ্রহণ কৰা বন্ধ কৰিলে। হেলমুথে ভয় কৰিছিল যে মাকে হয়তো খাদ্যত বিহ মিলাই তাক হত্যা কৰিব।

হেলমুথে সেই সময়ত বুজি পোৱা নাছিল যে তাৰ দেউতাক নাজী দলৰ সদস্য তথা হিটলাৰৰ সমর্থক আছিল। নাজী দল তথা হিটলাৰৰ বিষয়ে হয়তো আপুনি কৰবাত শুনিছে। কেনেদৰে হিটলাৰে  জার্মানী দেশখনক এক বিশ্ব শক্তিলৈ পৰিণত কৰি সমগ্র ইউৰোপখনকে জয় কৰিব বিচাৰিছিল – এই বিষয়েও হয়তো আপুনি শুনিছে। হিটলাৰে ইহুদীসকলক হত্যা কৰাৰ কথা হয়তো আপুনি কৰবাত পঢ়িছে। কিন্তু মাত্র এনে দুই এটি তথ্যৰ প্রতি আঙুলিয়াই দিয়েই নাজীবাদৰ বিষয়ে বুজিব পৰা নাযাব। বৰং নাজীবাদক এক ব্যৱস্থাৰ ৰূপত, বিশ্ব বিষয়ক এক সামগ্রিক দৃষ্টিভংগীৰ ৰূপত চালেহে সত্যৰ কিছু সম্ভেদ পোৱা যাব। হেলমূথৰ দেউতাকে কিয় আত্মহত্যা কৰিছিল, তেওঁৰ ভয়ৰ কাৰণ কি আছিল, এই বিষয়ে বুজিবলৈ চেষ্টা কৰোঁ আহক।

১৯৪৫ চনৰ মে মাহত আমেৰিকা, চোভিয়েট ইউনিয়ন তথা ইংলেণ্ডৰ নেতৃত্বত গঢ়ি উঠা মিত্রশক্তিৰ ওচৰত জার্মানীয়ে আত্মসমর্পন কৰিলে।  অনাগত ভৱিষ্যত সম্পর্কে সন্ত্রসিত হৈ এপ্রিল মাহত হিটলাৰ, তেওঁৰ  প্রচাৰ মন্ত্রী গোৱেবেলছ তথা তেওঁলোকৰ সমস্ত পৰিয়ালে সামূহিকভাৱে বার্লিনৰ এক গুপ্ত বাংকাৰত আত্মহত্যা কৰিলে। যুদ্ধৰ শেষত নিউৰেমবার্গ চহৰত এক আন্তঃৰাষ্ট্রীয় সামৰিক আদালত গঠন কৰা হল যাতে নাজী অপৰাধীসকলক বিচাৰ কৰিব পৰা যায়। এইক্ষেত্রত মূখ্য অভিযোগসমূহ আছিল এনেধৰণৰঃ শান্তিৰ বিৰূদ্ধে অপৰাধ, যুদ্ধ অপৰাধ, তথা মানৱতাৰ বিৰূদ্ধে অপৰাধ। যুদ্ধকালীন অৱস্থাত জার্মানীয়ে কৰা কার্যকলাপসমূহ – বিশেষকৈ মানৱতাৰ বিৰূদ্ধে কৰা অপৰাধসমূহ - সমগ্র বিশ্বৰ দ্বাৰা  গৰিহণাৰ বিষয় হৈ পৰিল। সিবিলাকে বহুতো নৈতিক তথা ন্যায়িক প্রশ্ন উত্থাপন কৰিলে। এই অপৰাধসমূহ কেনেধৰণৰ আছিল?

দ্বিতীয় মহাসমৰৰ আঁৰত জার্মানীয়ে এক গুপ্ত নৰমেধ যুদ্ধ(genocidal war)ৰ আয়োজন কৰিছিল। ইউৰোপৰ কোটি কোটি নিৰীহ অসামৰিক জনগণে তাৰ ফলত প্রাণ হেৰুওৱাইছিল। কেতবোৰ নির্দিষ্ট গোষ্ঠীক বিশেষ আক্রমণৰ লক্ষ্য হিচাপে বাছি লোৱা হৈছিল। এই নৰমেধ যুদ্ধত প্রাণ হেৰুৱা লোকৰ এটি পৰিসংখ্যা হৈছে এনেধৰণৰঃ ৬০ লাখ ইহুদী, ২ লাখ জিপচী, ১ লাখ পল,  মানসিক তথা শাৰীৰিকভাৱে প্রতিবন্ধী বুলি চিহ্নিত হোৱা ৭০ লাখ জার্মান ইত্যাদি।  ইয়াৰ বাহিৰেও অনেক বিৰোধী ৰাজনৈতিক দল-সংগঠনৰ সদস্যক হত্যা কৰা হৈছিল। মানুহক ব্যাপক হাৰত হত্যা কৰাৰ বাবে নাজীসকলে এক অভিনৱ পন্থা বিকশিত কৰিছিলঃ অচৱিটজ, বার্গেন-বেলচেন, ডাচাউ আদি অগণন  কনচেনট্রেচন কেম্প গঠন কৰা হৈছিল আৰু সিবিলাকত বিষাক্ত গেছ প্রয়োগ কৰি বন্দীসকলক হত্যা কৰা হৈছিল। নিউৰেমবার্গ আদালতে মাত্র ১১ জন নেতৃস্থানীয় নাজী নেতাকহে মৃত্যুদণ্ড প্রদান কৰিলে। অন্যান্য বহুতকে আজীৱন কাৰাবাসৰ শাস্তি দিয়া হল। হেমলুথৰ দেউতাকৰ দৰে বহুতেই শাস্তি পালে। কিন্তু তথাপিও নাজীসকলৰ অপৰাধ তথা অত্যাচাৰৰ তুলনাত তেওঁলোকক দিয়া শাস্তিৰ পৰিমাণ তেনেই কম আছিল। মিত্রশক্তিৰ দেশসমূহে অনুভৱ কৰিলে- প্রথম বিশ্বযুদ্ধৰ পাছত যেনেদৰে পৰাজিত জার্মানীক কঠোৰ শাস্তি দিয়া হৈছিল, তেনে শাস্তি পুণৰ নিদিয়াই ভাল। সকলোৱেই উপলব্ধি কৰিলেঃ নাজীবাদৰ বিজয়ৰ আঁৰত প্রথম বিশ্বযুদ্ধৰ পাছত জার্মানীয়ে অনুভৱ কৰা অভিজ্ঞতাৰ কিছু অৰিহণা থাকিব পাৰে।

এই অভিজ্ঞতা কি আছিল?

১ ৱেমাৰ প্রজাতন্ত্রৰ উদয়ঃ

বিংশ শতিকাৰ প্রথম ভাগলৈ এখন শক্তিশালী সাম্রাজ্যৰ ৰূপত জার্মানীয়ে আত্মপ্রকাশ কৰিছিল। প্রথম বিশ্বযুদ্ধৰ সময়ত (১৯১৪-১৯১৮) জার্মানীৰ সংগী আছিল অষ্ট্রিয়ান সাম্রাজ্য। এই পক্ষটোক কেন্দ্রীয় শক্তি নামেৰেও জনা গৈছিল। শত্রুপক্ষত আছিল যুক্ত-শক্তি (ইংলেণ্ড, ফ্রাঞ্চ আৰু ৰাচিয়া)সকলোৱেই দ্রুত গতিৰে জয়লাভৰ আশাত যুদ্ধত অংশগ্রহণ কৰিছিল। পিছে ইউৰোপীয় শাসকসকলৰ আশা ভংগ কৰি চাৰি বছৰ পর্যন্ত যুদ্ধ চলি থাকিল। ইউৰোপত ভীষণ সম্পদৰ নাটনিয়ে দেখা দিলে। যুদ্ধৰ প্রথম ভাগত জার্মানীয়ে বেছ অগ্রগতি লাভ কৰিছিল। ফ্রাঞ্চ আৰু বেলজিয়াম – দুয়োখন দেশৰ ভূ-ভাগ জার্মান সৈন্যই দখল কৰিছিল। পিছে ১৯১৭ চনত আমেৰিকাই ইংলেণ্ড আৰু ফ্রাঞ্চৰ ফলীয়া হৈ যুঁজত অংশগ্রহণ কৰাৰ পাছৰে পৰা জার্মানী আৰু তাৰ সংগী দেশসমূহৰ শক্তি কমিবলৈ ধৰিলে। অৱশেষত ১৯১৮ চনৰ নৱেম্বৰ মাহত জার্মান নেতৃত্বাধীন কেন্দ্রীয় শক্তিৰ পৰাজয় ঘটিল।

বিশ্বযুদ্ধত পৰাজয়ৰ পাছতেই জার্মান সম্রাটক শাসনাচ্যুত কৰা হল আৰু দেশখনক এক প্রজাতন্ত্র হিচাপে ঘোষণা  কৰা হল। সংসদীয় দলসমূহে জার্মানীৰ ৰাজনৈতিক ক্ষেত্রখনক পুনঃসংজ্ঞায়িত কৰাৰ এক সুযোগ পালে। ৱেইমাৰ  চহৰত এখন জাতীয় সমাবেশ আয়োজন কৰা হল আৰু তাতেই ফেডাৰেল তথা গণতান্ত্রিক আর্হিৰ এখন সংবিধান গ্রহণ কৰা হল। দেশৰ সংসদ অর্থাৎ ৰেখষ্টেগৰ প্রতিনিধিসকলক সার্বজনীন ভোটাধিকাৰৰ জৰিয়তে নির্বাচিত কৰাৰ ব্যৱস্থা কৰা গল। মহিলাসকলকো ভোটাধিকাৰৰ অধিকাৰ প্রদান কৰা হল।




পিছে স্বয়ং দেশৰ জনগনৰ চকুতেই এই প্রজাতন্ত্রখনে প্রয়োজনীয় স্বীকৃতি লাভ কৰিব নোৱাৰিলে কিয়নো বিশ্বযুদ্ধৰ পাছত চৰকাৰখনে যুক্তশক্তিৰ দেশসমূহৰ  সতে এখন অপমানজনক শান্তি-চুক্তিত স্বাক্ষৰ কৰিব লগা হল। ভার্চাই চহৰত স্বাক্ষৰিত হোৱা শান্তিচুক্তিত  জার্মানীয়ে সকলো বর্হিসামুদ্রিক উপনিবেশ, প্রায় ১০ শতাংশ জনসংখ্যা, ১৩ শতাংশ দেশৰ ভূমি, ৭৫ শতাংশ লোহা তথা ২৬ শতাংশ কয়লা ফ্রাঞ্চ, পলেণ্ড, ডেনমার্ক তথা লিথুৱানিয়াৰ হাতত হেৰুৱাব লগা হল। যুক্তশক্তিৰ দেশসমূহে জার্মানীক দুর্বল কৰিবলৈ দেশখনত অসৈন্যকৰণ(de-militarisation)ৰ চর্ত আৰোপ কৰিলে। বিশ্বযুদ্ধৰ বাবে কেৱল জার্মানীকেই দোষী সাব্যস্ত কৰা হল আৰু অন্যান্য দেশসমূহত ক্ষয়ক্ষতিৰ বাবত জার্মানীৰ পৰা ৬০০ কোটি পাউণ্ড ক্ষতিপূৰণ দাবী কৰা হল। সম্পদেৰে ভৰপূৰ ৰাইনলেণ্ড অঞ্চলটোকো যুক্তশক্তিয়ে দখল কৰি ললে। বহুতো জার্মান নাগৰিকে বিশ্বযুদ্ধত পৰাজয় তথা ভার্চাইৰ অপমানৰ বাবে ৱেমাৰ প্রজাতন্ত্রখনকেই জগৰীয়া সাব্যস্ত কৰিলে।


১.১ যুদ্ধৰ কুপ্রভাৱ

প্রথম বিশ্বযুদ্ধই সমগ্র ইউৰোপীয় মহাদেশখনকে বেয়াকৈ প্রভাৱিত কৰিলে। বিত্তীয় তথা মনস্তাত্বিক – দুয়োবিধৰে কুফল দেখা পোৱা গল। এখন ঋণদাতা মহাদেশৰ পৰা ইউৰোপ এখন ধৰুৱা মহাদেশলৈ পৰিণত হল। দুর্ভাগ্যজনকভাৱে সদ্যভূমিষ্ঠ ৱেমাৰ প্রজাতন্ত্রখনেই পুৰণা জার্মান সাম্রাজ্যৰ পাপৰ প্রায়শ্চিত্ত কৰিব লগা হল। যুদ্ধ অপৰাধীৰ গ্লানি, জাতীয় অপমানৰ বোজা তথা অহৰহ ক্ষতিপূৰণৰ দাবীৰ ফলত প্রজাতন্ত্রখন বিত্তীয় তথা মনস্তাত্বিকভাৱে দেউলীয়া হৈ পৰিল। ৱেমাৰ প্রজাতন্ত্রৰ মূল সমর্থক – চচিয়েলিষ্ট, কেথলিক তথা ডেমক্রেটসকল - ৰক্ষণশীল জাতীয়তাবাদীসকলৰ আক্রমণৰ লক্ষ্য হৈ পৰিল। তেওঁলোকক ‘নৱেম্বৰৰ অপৰাধী’ নামেৰে নামাকৰণ কৰা হল (যিহেতু নৱেম্বৰতেই ভার্চাই চুক্তি স্বাক্ষৰ কৰা হৈছিল)। ৩০ৰ দশকৰ ৰাজনৈতিক ঘটনাপ্রৱাহৰ ওপৰত এনে মানসিকতাৰ বিশেষ প্রভাৱ দেখা পোৱা গল।

বিশ্বযুদ্ধই  ইউৰোপীয় সমাজখনৰ ৰাজনীতি তথা সামাজিক বাতাবৰণ সলনি কৰি পেলালে। অসামৰিক লোকতকৈ সৈনিকসকলক উচ্চ স্থান দিয়া হল। ৰাজনীতিবিদ তথা প্রপাগাণ্ডাবিদসকলে পুৰুষসকল  আক্রামক, শক্তিশালী তথা পৌৰূষপূর্ণ হব লাগে বুলি প্রচাৰ কৰিলে। মিডিয়ায়ো সৈনিকৰ ট্রেঞ্চ জীৱনৰ ৰোমান্টিক ছবি অংকন কৰিলে। (যদিওবা প্রকৃততে এনে ট্রেঞ্চসমূহত সৈনিকসকলে অতিশয় দয়নীয় অৱস্থাত এন্দুৰ নিগনিৰ সৈতে দিন নিয়াব লগা হৈছিল)আক্রামক যুদ্ধ প্রপাগাণ্ডা আৰু জাতীয় সন্মানৰ আবেগপূর্ণ কথাবার্তাই ৰাজহুৱা ক্ষেত্রখন ছানি ধৰিলে। এনে পৰিস্থিতিত একনায়কত্বৰ প্রতি জনগণৰ সমর্থন বৃদ্ধি পাবলৈ ধৰিলে। দুই বিশ্বযুদ্ধৰ মাজৰ সময়খিনিৰ ভীষণ হেন্দোলনিৰ পৰা তৰুণ আৰু ঠুনুকা গণতন্ত্রই নিজকে ৰক্ষা কৰিব নোৱাৰিলে।

১.২ ৰাজনৈতিক ৰেডিকেলিজিম আৰু আর্থিক সংকট

প্রথম বিশ্বযুদ্ধৰ ঠিক পাছতেই ৰোজা লাক্সেমবার্গৰ নেতৃত্বত স্পার্টাকিষ্ট লীগে চোভিয়েট ৰাছিয়াৰ লেখীয়াকৈ জার্মানীতো এক শ্রমিক বিপ্লৱ সংঘটিত কৰিবলৈ চেষ্টা কৰিলে। সকলো ক্ষমতা শ্রমিক সমিতি অর্থাৎ চোভিয়েটসমূহৰ হাতলৈ হস্তান্তৰ কৰাৰ দাবী কৰা হল। বিভিন্ন চহৰত চোভিয়েট গঠন কৰা হল। পিছে বিদ্রোহ সফল নহল। বিদ্রোহৰ বিৰোধিতা কৰা শক্তিসমূহ – চচিয়েলিষ্ট, ডেমক্রেট তথা কেথলিকসকলে ৱেমাৰ প্রজাতন্ত্র গঠন কৰি বিদ্রোহ দমন কৰিবলৈ বিভিন্ন পদক্ষেপ হাতত ললে। বিশেষকৈ প্রথম বিশ্বযুদ্ধত অংশগ্রহণ কৰা সৈনিকৰ সোঁপন্থী সংগঠন ‘ফ্রী কর্পছ’সমূহক দমনৰ কামত পূর্ণোদ্যমে ব্যৱহাৰ কৰা হল। স্পার্টাকিষ্ট লীগৰ নেতা লাক্সেমবার্গ তথা লেবনেষ্টক বেআইনীভাৱে অপহৰণ কৰি হত্যা কৰা হল। পাছলৈ স্পার্টাকিষ্ট লীগৰ সদস্যসকলেই জার্মান কমিউনিষ্ট পার্টি গঠন কৰে। বিদ্রোহৰ সময়ৰ এনে সংঘাত তথা তিক্ততাৰ ফলত পাছলৈয়ো নাজীসকলৰ বিৰূদ্ধে চচিয়েলিষ্ট তথা কমিউনিষ্টসকলে এক যুক্ত-ফ্রণ্ট গঢ়ি তুলিব নোৱাৰিলে।

বাওঁপন্থী বিপ্লৱীসকল তথা সোঁপন্থী ৰেডিকেল জাতীয়তাবাদীসকল – দুয়োটা গোটেই স্থিতাৱস্থাৰ এক আমূল পৰিবর্তন বিচাৰিছিল। ১৯২৩ চনৰ আর্থিক সংকটৰ ফলত ৰাজনৈতিক ৰেডিকেলকৰণৰ এই প্রক্রিয়াটো আৰু সূদৃঢ় হবলৈ ধৰেমনত ৰখা ভাল যে জার্মানীয়ে ঋণ লৈয়েই প্রথম বিশ্বযুদ্ধত যোগদান কৰিছিল আৰু সেয়েহে যুদ্ধৰ ক্ষতিপূৰণ এতিয়া জার্মানীয়ে সোনৰ ৰূপত দিব লগা হল। দেশৰ সোনৰ ভাণ্ডাৰ কমিবলৈ ধৰিলে। ১৯২৩ চনত জার্মানীয়ে আৰু ক্ষতিপূৰণ দিব নোৱাৰে বুলি ঘোষণা কৰিলে। প্রত্যুত্তৰত ফ্রাঞ্চে কয়লা সম্পদেৰে ভৰপূৰ জার্মানীৰ ৰুৰ(Ruhr) অঞ্চলটো দখল কৰি ললে। উপায়হীন জার্মানীয়ে এইবাৰ নিয়ন্ত্রণাধীনভাৱে নোট ছপাবলৈ ধৰিলে। প্রয়োজনতকৈ নোটৰ প্রচলন অধিক বৃদ্ধি পোৱাত ভীষণ মুদ্রাস্ফীতিয়ে দেখা দিলে। ১৯২৩ৰ এপ্রিল মাহত এক ডলাৰ আমেৰিকান নোটৰ বিপৰীতে  ২৪,০০০ জার্মান ফ্রাংক পোৱা গৈছিল। আগষ্ট পর্যন্ত এই সংখ্যাটো ৪,৬২১,০০০ হলগৈ। ডিচেম্বৰ মাহত ই ত্রিলিয়নৰ সংখ্যা অতিক্রম কৰিলে! এটা পাওৰুটি কিনিবলৈ এজন জার্মান নাগৰিকে এক বস্তা ফ্রাংক দিব লগা অৱস্থা হল! অৱশেষত আমেৰিকাই হস্তক্ষেপ কৰিলে আৰু ‘ডউজ প্লেন’ অনুসৰি ক্ষতিপূৰণৰ চর্তসমূহ কিছু মোলায়েম কৰি দিয়া হল।

১.৩ আর্থিক মন্দাৱস্থাৰ বছৰকেইটাঃ

১৯২৪-১৯২৮ সময়খিনিত দেশখনলৈ কিছু সুস্থিৰতা ঘূৰি আহিল। পিছে এই সুস্থিৰতাৰ কোনো শক্তিশালী আধাৰ নাছিল। জার্মান বিনিয়োগ তথা ঔদ্যোগিক পুণৰূদ্ধাৰ সম্পূর্ণভাৱে আমেৰিকাই প্রদান কৰা স্বল্প-অৱধি ঋণ (short term loan)ৰ ওপৰত নির্ভৰশীল আছিল। পিছে ১৯২৯ চনত আমেৰিকাৰ ৱাল ষ্ট্রীট একচেঞ্জৰ পতন ঘটিল আৰু ফলত এই সমস্ত সাহার্য ঘূৰাই লোৱা হল। ৱাল ষ্ট্রীটত শ্বেয়াৰৰ দাম ভয়ংকৰ গতিৰে কমিবলৈ ধৰিলে। সন্ত্রাসগ্রস্ত হৈ মানুহে শ্বেয়াৰ বিক্রী কৰিবলৈ উথপথপ লগালে। ফলত শ্বেয়াৰৰ দাম আৰু কমি আহিল! পানীৰ দামত শ্বেয়াৰ বিক্রী হবলৈ ধৰিলে। ২৪ অক্টোবৰত একে দিনৰ ভিতৰতে ১৩ মিলিয়ন শ্বেয়াৰ বিক্রী কৰা হল। এইদৰেই বিশ্ব আর্থিক মন্দাৱস্থাৰ আৰম্ভণি ঘটিল। ইয়াৰ তিনি বছৰৰ ভিতৰত (১৯২৯-১৯৩২) আমেৰিকাৰ জাতীয় আয়ৰ প্রায় ৫০% হ্রাস পালে। ফেক্টৰীবোৰ বন্ধ হৈ পৰিল, ৰপ্তানি কমি আহিল, চট্টাবাজসকলে বজাৰৰ পৰা ধন ঘূৰাই ললে। আমেৰিকাৰ এই মন্দাৱস্থাৰ প্রভাৱ সমস্ত বিশ্বৰ ওপৰতে পৰিল।

আটাইতকৈ বেয়াকৈ প্রভাৱিত হল জার্মান অর্থনীতিখন। ১৯৩২ চনত ঔদ্যোগিক উৎপাদন ১৯২৮ৰ তুলনাত ৪০% হ্রাস পালে। শ্রমিকৰ মজুৰী কমি আহিল; বহুতেই কাম হেৰুৱালে। জার্মানীৰ পথে-ঘাটে হাতত এইদৰে পষ্টাৰ লৈ ফুৰা অসংখ্য মানুহ দেখা পোৱা গলঃ “কাম লাগে; যিকোনো কাম কৰিবলৈ প্রস্তুত।” নিয়োগহীন যুৱকসকলে কর্মসংস্থান কেন্দ্রত ভীৰ কৰি বা  দোকানৰ বেঞ্চত বহি তাছ খেলি সময় পাৰ কৰিবলৈ ধৰিলে। নিয়োগহীনতাৰ বৃদ্ধিৰ লগে লগেই অপৰাধী কার্যকলাপো বৃদ্ধি হবলৈ ধৰিলে।  নিৰাশাৰ অনুভৱে দেশৰ পৰিবেশ গোমা কৰি পেলালে।



আর্থিক সংকটে অন্যান্য বহুতো আশংকা তথা ভীতিৰো সৃষ্টি কৰিলে। টকাৰ মূল্য হ্রাস হোৱাৰ ফলত চাকৰিয়াল মধ্যবিত্ত, পেঞ্চনাৰ আদি লোকসকলৰ জমাধনৰ পৰিমাণ কমিবলৈ ধৰিলে। সৰু-সুৰা ব্যৱসায়ী, স্ব-নিয়োজিত লোক, খুছুৰা বেপাৰী আদিৰ ব্যৱসায়ৰ সর্বনাশ ঘটিল। এই পেটি-বুর্জোৱা অংশটোৰ মনত ভয় সোমাল যে পৰিস্থিতি এনেকৈয়ে থাকিবলৈ হলে তেওঁলোকো অতি সোনকালেই দুখীয়া শ্রমিকলৈ পৰিণত হব। কেৱল সংগঠিত শ্রমিকসকলেহে কিছু দূৰৈলৈ নিজকে ৰক্ষা কৰিবলৈ সক্ষম হল। কিন্তু নিবনুৱাৰ সংখ্যা বৃদ্ধি পোৱাৰ ফলত তেওঁলোকৰো দৰদাম কৰিব পৰাৰ ক্ষমতা হ্রাস পালে। বৃহৎ ব্যৱসায়সমূহ ভীষণভাৱে সংকটগ্রস্ত হল। কৃষি পণ্যৰ দাম হ্রাস পোৱাত কৃষকসকলৰ অৱস্থাও কার্হিল হৈ পৰিল। সন্তানক দুসাঁজ খুৱাব নোৱাৰি মহিলাসকল দুঃচিন্তাত নিমগ্ন হৈ পৰিল।

ৰাজনৈতিকভাৱেও ৱেমাৰ প্রজাতন্ত্রৰ গাঁথনি তেনেই দুর্বল আছিল। দেশৰ সংবিধানখনত যথেষ্ঠ আসোঁৱহ আছিল যি একনায়কত্ব স্থাপনৰ বিৰোধিতা কৰাৰ ক্ষেত্রত যথেষ্ঠ নাছিল। সমানুপাতিক প্রতিনিধিত্বৰ এক বিশেষ ব্যৱস্থাৰ ফলত কোনো দলেই নিজাববীয়াকৈ চৰকাৰ গঠন কৰাটো প্রায় অসম্ভৱ যেন আছিল যাৰ ফলত বাৰম্বাৰ মর্চা চৰকাৰ গঠন কৰিব লগা হৈছিল। আন এটা ক্রুটি আছিল ‘ধাৰা ৪৮’ যি দেশৰ ৰাষ্ট্রপতিক জৰুৰীকালীন অৱস্থা ঘোষণা কৰিব পৰাৰ ক্ষমতা প্রদান কৰিছিল; সকলো নাগৰিক অধিকাৰ খর্ব কৰিব পৰা, সংসদ বহির্ভুত আজ্ঞা(decree)ৰ জৰিয়তে শাসন কৰিব পৰা ব্যৱস্থাও ইয়াৰ অধীনত আছিল। ৱেমাৰ প্রজাতন্ত্রৰ চমূ জীৱনকালত প্রায় ২০ বাৰ কেবিনেট সলনি হৈছিল; একোখন চৰকাৰ গড়ে ২৩৯ দিনহে তিষ্টিব পাৰিছিল আৰু বাৰম্বাৰ ধাৰা ৪৮ প্রয়োগ কৰা হৈছিল। তথাপিও শেষ পর্যন্ত সংকটৰ মোকাবিলা কৰিব পৰা নগল। জনগণে সমস্যা সমাধানত বিফল গণতান্ত্রিক সংসদীয় ব্যৱস্থাটোৰ ওপৰত ভৰষা হেৰুৱাই পেলালে।

. হিটলাৰৰ ক্ষমতা দখল

এনে এক পটভূমিতে হিটলাৰৰ আৱির্ভাৱ হল। ১৮৮৯ চনত অষ্টিয়াত জন্মগ্রহণ কৰা হিটলাৰৰ শৈশৱ দাৰিদ্রৰ মাজতে অতিবাহিত হৈছিল। প্রথম বিশ্বযুদ্ধৰ সময়ত তেওঁ সৈন্যবাহিনীত নাম-ভর্তি কৰিলে। প্রথমে মিলিটেৰী ডাকোৱালৰ ভূমিকাৰ পৰা আৰম্ভ কৰি পাছলৈ তেওঁ কর্পৰেল পদ লাভ কৰিলে। যুদ্ধত সাহসী ভূমিকা লোৱাৰ বাবে তেওঁ সৈনিক-বঁটাও লাভ কৰিলে। যুদ্ধত জার্মানীৰ পৰাজয় আৰু ভার্চাইৰ অপমানে হিটলাৰক ভীষণভাৱে ক্রুদ্ধ কৰি তুলিলে। ১৯১৯ চনত জার্মান ৱর্কার্চ পার্টি নামৰ এটা সৰু দলত তেওঁ যোগদান কৰিলে। পাছলৈ দলটোৰ নেতৃত্ব কুক্ষিগত কৰি তেওঁ তাক এটা নতুন নাম দিলেঃ নেচনেল জার্মান ৱর্কাচ পার্টি অর্থাৎ চমুকৈ নাজী পার্টি। 

১৯২৩ চনত হিটলাৰে বার্লিন হস্তগত কৰাৰ পৰিকল্পনা কৰিলে। পিছে তেওঁৰ আঁচনি ব্যর্থ হল আৰু তেওঁক গ্রেপ্তাৰ কৰি কাৰাগাৰলৈ নিক্ষেপ কৰা হল। পাছলৈ অৱশ্যে তেওঁক মুকলি কৰি দিয়া হল। মন কৰিবলগীয়া যে ১৯৩০ৰ দশকৰ প্রথমচোৱা পর্যন্ত নাজীসকলে ব্যাপকভাৱে জনগণক সংগঠিত কৰিবলৈ সক্ষম হোৱা নাছিল। বিশ্ব আর্থিক মন্দাৱস্থাইহে নাজীসকলক এটি ব্যাপক গণ আন্দোলনলৈ পৰিণত কৰিলে। মন্দাৱস্থাই কেনেদৰে বিভিন্ন শ্রেণীৰ লোকসকলৰ মাজত নিৰাশাৰ সৃষ্টি কৰিছিল এই বিষয়ে আমি ইতিমধ্যেই উল্লেখ কৰিছোঁ। এনে স্থিতিত নাজী প্রচাৰে জনগণৰ মনত আশাৰ সৃষ্টি কৰিলে। ১৯২৮ চনৰ ৰেখষ্টেগ নির্বাচনত নাজীদলৰ ভোটসংখ্যা আছিল মাত্র ২.৬ শতাংশ। ১৯৩২ চনত ই ৩৭ শতাংশ পর্যন্ত বৃদ্ধি পালে। ইয়াৰ লগে লগেই নাজী পার্টি জার্মানীৰ সর্ববৃহৎ দল হিচাপে পৰিগণিত হল।

হিটলাৰ এজন শক্তিশালী বক্তা আছিল। তেওঁৰ যাদুকৰী শব্দ আৰু উত্তেজিত ভাৱভংগীয়ে জনগণক মন্ত্রমুগ্ধ কৰি ৰাখিছিল। হিটলাৰে ভার্চাই চুক্তি নাকচ কৰি জার্মান জনগণৰ হৃত সন্মান ঘূৰাই অনাৰ প্রতিশ্রুতি দিলে। তেওঁ নিয়োগহীনজনক চাকৰি তথা যুব প্রজন্মটোক সুৰক্ষিত ভৱিষ্যতৰ প্রতিশ্রুতি দিলে। তেওঁ প্রতিশ্রুতি দিলে যে পুণৰ জার্মানী এক বিশ্বশক্তি হৈ উঠিব আৰু সকলো বিদেশী ষড়যন্ত্র প্রতিহত কৰি জার্মান জাতিৰ গৌৰৱ ঘূৰাই অনা হব।

হিটলাৰে ৰাজনীতিৰ এক নতুন ষ্টাইল বিকশিত কৰিলে। জনগণক সংগঠিত কৰাৰ ক্ষেত্রত আচাৰ অনুষ্ঠান আৰু চমৎকাৰ প্রদর্শনীৰ ভূমিকাৰ কথা তেওঁ ভালকৈয়ে বুজি পাইছিল। নাজীসকলে বিয়াগোম শোভাযাত্রা তথা গনসভাৰ আয়োজন কৰিছিল যত হিটলাৰ আৰু দেশৰ নামত সমূহীয়াকৈ হাত দাঙি প্রতিজ্ঞা লোৱা হৈছিল। ৰঙা পতাকা, স্বস্তিকা চিহ্ন, বিশেষ প্রকাৰৰ নাজী চেলুট, সুসংগতভাৱে একেলগে হাত চাপৰি মৰাৰ অভিনৱ পদ্ধতি – এইবোৰ আছিল ক্ষমতা প্রদর্শনৰ বিশেষ সঁজুলি।

নাজী প্রপাগাণ্ডাই হিটলাৰক এক যুগনায়ক, এক প্রফেটৰ ৰূপত প্রক্ষেপ কৰিছিল। জনগণক সকলো অপমান, সকলো সমস্যাৰ পৰা মুক্ত কৰিবলৈকে যেন এই  যুগনায়কৰ আৱির্ভাৱ হৈছে। আর্থিক আৰু ৰাজনৈতিক সংকটেৰে ভাৰাক্রান্ত এখন দেশত জাতীয় সন্মান আৰু গর্ববোধৰ  অনুভৱৰ পৰা বঞ্চিত জনগণৰ মানসত যুগনায়কৰ এই ছবিখনে বাৰুকৈয়ে ক্রিয়া কৰিছিল।



২.১ গণতন্ত্রৰ ধ্বংসকৰণ

১৯৩৩ চনৰ ৩০ জানুৱাৰী তাৰিখে ৰাষ্ট্রপতি হিণ্ডেনবার্গে হিটলাৰক সর্বোচ্চ কেবিনেট পদ অর্থাৎ চেঞ্চেলৰশ্বিপ প্রদান কৰিলে। এই পর্যন্ত নাজীসকলে কনজার্ভেটিভ দলসমূহৰ নেতৃবৃন্দক নিজৰ পক্ষলৈ আনিবলৈ সক্ষম হৈছিল। ক্ষমতালৈ আহিয়েই হিটলাৰে গণতান্ত্রিক শাসনুষ্ঠানবোৰ ধ্বংস কৰিবলৈ আৰম্ভ কৰিলে। ফেব্রুৱাৰী মাহত ৰহস্যময়ভাৱে ৰেখষ্টেগ অর্থাৎ জার্মান সংসদ ভৱনত জুই লাগিল। ইয়াৰে সুযোগ লৈ ২৮ ফ্রেব্রুৱাৰী তাৰিখে হিটলাৰে এক আজ্ঞাৰ যোগেদি সকলো নাগৰিক অধিকাৰ, মতপ্রকাশৰ স্বাধীনতা, সংবাদমাধ্যমৰ স্বাধীনতা, মিটিং কৰাৰ স্বাধীনতা আদি নাকচ কৰিলে। ইয়াৰ পাছতেই  দেশৰ কমিউনিষ্টসকলক গ্রেপ্তাৰ কৰি সদ্যনির্মিত কনচেনট্রেচন কেম্পসমূহলৈ পঠাই দিয়া হল। কমিউনিষ্টসকলৰ এই দমন ভয়ানক আছিল। ডুছেলডর্ফ নামৰ চহৰখনত এতিয়াও বাচি থকা ৬৮০৮টা গ্রেপ্তাৰ ফাইলৰ ভিতৰত ১৪০০টা  কমিউনিষ্টসকলৰ বিষয়েই আছিল। ১৯৩৩ চনৰ ৩ মার্চ তাৰিখে কুখ্যাত ‘ইনেবলিং এক্ট’  গ্রহণ কৰা হল। এই আইন অনুসৰি দেশত এক একনায়কত্ব স্থাপন কৰা হল। আইনখনে হিটলাৰক অপৰিসীম ক্ষমতা প্রদান কৰিলে। নাজী পার্টি তথা তাৰ সংগঠনসমূহৰ বাহিৰে আন সকলো ৰাজনৈতিক দল তথা ট্রেড ইউনিয়ন নিষিদ্ধ ঘোষণা কৰা হল। অর্থনীতি, মিডিয়া, ন্যায়পালিকা আৰু সেনাবাহিনীৰ ওপৰত চৰকাৰে সম্পূর্ণ নিয়ন্ত্রণ সাব্যস্ত কৰিলে।

জনগণক নিয়ন্ত্রণ কৰিবলৈ বিশেষ সুৰক্ষা বাহিনী গঠন কৰা হল। নিয়মীয়া পুলিচ আৰু SA/ Storm Troopers(ধুমুহা বাহিনী)ৰ বাহিৰেও গেষ্টাপো (গুপ্ত পুলিচ), এচ এচ (সুৰক্ষা স্কোৱাড), অপৰাধী পুলিচ তথা চিক্রেট চার্ভিচ (SD) গঠন কৰা হল। এই নতুন বাহিনীসমূহ সম্পূর্ণভাৱে সংবিধান বহির্ভূত আছিল। সিবিলাকে জার্মান ৰাষ্ট্রখনক সম্পূর্ণভাৱে এক অপৰাধী ৰাষ্ট্রলৈ পৰিণত কৰিলে। কোনো আইনী প্রক্রিয়া অবিহনেই এতিয়া যিকোনো মানুহক গেষ্টাপোৱে গ্রেপ্তাৰ কৰিব পাৰে, নির্যাতন কক্ষত শাস্তি দিব পাৰে বা কনচেনট্রেচন কেম্পলৈ পঠাই দিব পাৰেপুলিচ বাহিনীয়ে লেকামহীন ক্ষমতা লাভ কৰিলে।

২.২ দেশৰ পুনঃনির্মাণ

হিটলাৰে অর্থনীতিবিদ য়ালমাৰ চাখটক দেশৰ অর্থনীতিৰ পুনৰুদ্ধাৰৰ দায়িত্ব দিলে। চাখট নাজী নাছিল; বিভিন্ন ধৰণৰ প্রতিবন্ধকতাৰ পৰা মুক্ত কৰি দেশৰ অর্থনীতিখনক শক্তিশালী কৰাটোৱেই তেওঁৰ উদ্দেশ্য আছিল। পূর্ণ উৎপাদন আৰু পূর্ণ  নিয়োগ হাছিল কৰাৰ উদ্দেশ্যেৰে চাখটে কেতবোৰ নিয়োগ সৃষ্টিকাৰী চৰকাৰী আঁচনি হাতত ললে। এই আঁচনিৰ অধীনতেই জার্মানীৰ সুবিখ্যাত ৰাজপথসমূহ নির্মাণ কৰা হল। লগতে নির্মাণ কৰা হল এখন ‘পিপুলছ কাৰ’- Volkswagen চাখটৰ আঁচনিসমূহ বিপুলভাৱে সফল হল। তীব্র গতিৰে দেশৰ নিবনুৱা সমস্যা কমি আহিল।  

বৈদেশিক নীতিৰ ক্ষেত্রতো হিটলাৰে তাৎক্ষণিক সফলতা লাভ কৰিলে। ১৯৩৩ চনত জার্মানী ‘লীগ অৱ নেছনছ’ৰ পৰা আঁতৰি আহিল, ১৯৩৬ চনত জার্মানীয়ে ৰাইনলেণ্ড পুণৰ দখল কৰিলে আৰু ১৯৩৮ চনত জার্মানীৰ সৈতে অষ্ট্রিয়াৰ বিলয় ঘটোৱা হল। এইক্ষেত্রত ব্যৱহাৰ কৰা শ্লগানটো আছিল এনেধৰণৰঃ ‘One people, One empire and One leader’ ইয়াৰ পাছতেই  চেকোশ্ল’ভাকিয়াৰ জার্মানভাষী চুডেণ্টলেণ্ড অঞ্চলটো ঘূৰাই লোৱাৰ অজুহাতত হিটলাৰে সমগ্র চেকোশ্ল’ভাকিয়া দেশখনকেই দখল কৰি ললে।

হিটলাৰে এইখিনিতেই ক্ষান্ত নাথাকিল। চাখটে হিটলাৰক সতর্ক কৰিবলৈ যত্ন কৰিলে যে যিহেতু অর্থনীতিখন এতিয়াও বিত্তীয় ঘাটিৰ জৰিয়তেই চলি আছে, সেয়েহে অস্ত্র-শস্ত্র নির্মাণত বেছি ধন খৰছ নকৰাই ভাল। পিছে নাজী জার্মানীত চিন্তাশীল মানুহৰ বিশেষ কাম নাছিল। চাখটক আঁতৰাই পেলোৱা হল। সন্নিকট আর্থিক সংকটৰ পৰা উদ্ধাৰ পাবলৈ হিটলাৰে যুদ্ধকেই একমাত্র উপায় হিচাপে চিহ্নিত কৰিলে। যুদ্ধৰ দ্বাৰা নতুন নতুন ভুমি দখল কৰা হব আৰু সিবিলাকৰ সম্পদসমূহ জার্মানীৰ বাবে ব্যৱহাৰ কৰা হব১৯৩৯ চনৰ চেপ্তেম্বৰ মাহত জার্মানীয়ে পলেণ্ড আক্রমণ কৰিলে। ইয়াৰ পাছতেই দ্বিতীয় বিশ্বযুদ্ধৰ শুভাৰম্ভ হয়। ফ্রাঞ্চ আৰু ইংলেণ্ডে জার্মানীৰ বিপক্ষে যুদ্ধ ঘোষণা কৰিলে। ১৯৪০ চনৰ চেপ্তেম্বৰ মাহত জার্মানী, ইটালী আৰু জাপানে  এখন ত্রিপাক্ষিক চুক্তিত স্বাক্ষৰ কৰিলেইয়াৰ ফলত হিটলাৰৰ আন্তর্জাতিক ক্ষমতা আৰু বৃদ্ধি হল। ইউৰোপৰ বিভিন্ন দেশত নাজীবাহিনীৰ সহায়ত পুতলা চৰকাৰ গঠন কৰা হল। ১৯৪০ চনৰ শেহপর্যন্ত হিটলাৰ বিশ্বৰ আটাইতকৈ শক্তিশালী নেতা হিচাপে পৰিগণিত হল।



এইবাৰ হিটলাৰে পূব ইউৰোপ দখল কৰাৰ পৰিকল্পনা কৰিলে। খাদ্যৰ যোগান তথা জার্মান লোকৰ বসবাসৰ বাবে তেওঁ এই অঞ্চলসমূহ ব্যৱহাৰ কৰিব খুজিছিল। ১৯৪১ চনৰ জুন মাহত হিটলাৰে চোভিয়েট ইউনিয়ন আক্রমণ কৰিলে। ই এক ঐতিহাসিক ভুল আছিল। ইয়াৰ ফলত যুদ্ধৰ দুটা ফ্রণ্ট সৃষ্টি হল। পশ্চিমৰ ফ্রন্টটো বৃটিছ বায়ুবাহিনীৰ আক্রমণৰ বাবে উন্মুক্ত হৈ পৰিল। আনহাতে পূবত জার্মানী শক্তিশালী চোভিয়েট সেনাবাহিনীৰ মুখামুখি হল। অশেষ কষ্ট আৰু ত্যাগৰ পাছত চোভিয়েট ৰেড আর্মিয়ে স্তালিনগ্রাডৰ যুঁজত জার্মানীক পৰাস্ত কৰিলেইয়াৰ পাছতেই জার্মানীৰ পৰাজয়ৰ গাঁথা আৰম্ভ হল। চোভিয়েট আর্মিয়ে পশ্চাদপসৰণ কৰা জার্মান সেনাক  খেদি খেদি শেহত বার্লিন জয় কৰিলে।

আনফালে জাপানে পল হার্বাৰত আক্রমণ কৰাৰ পাছত আমেৰিকাও বিশ্বযুদ্ধত জড়িত হৈ পৰিল। চোভিয়েট ইউনিয়ন, আমেৰিকা আৰু ইংলেণ্ডৰ সংযুক্ত প্রয়াসৰ ফলত অৱশেষত ১৯৪৫ চনৰ মে মাহত হিটলাৰৰ পৰাজয় ঘটিল।

দ্বিতীয় বিশ্বযুদ্ধৰ এই চমূ বিবৰণৰ পাছত এতিয়া পুণৰ হেলমুথ আৰু তেওঁৰ পিতৃৰ কাহিনীটোলৈ ঘূৰি যাওঁ আহক।

. নাজী বিশ্ববীক্ষা
নাজীসকলৰ অপৰাধসমূহ তেওঁলোকৰ দর্শন, বিশ্ববীক্ষা তথা অনুশীলনৰ সৈতে উতঃপ্রোতভাৱে জড়িত আছিল। এই বিশ্ববীক্ষাৰ মতে পৃথিবীৰ সকলো মানুহ সমান নহয়; বরং নৃগোষ্ঠী অনুসৰি সিবিলাকৰ hierarchical শ্রেণীৱদ্ধকৰণ কৰিব পাৰিএইক্ষেত্রত সোনালী চুলি, নীলা চকুৰ নর্ডিক জার্মান আর্যসকলেই হৈছে শ্রেষ্ঠ নৃগোষ্ঠী। আটাইতকৈ তলৰ নৃগোষ্ঠীটো হৈছে ইহুদীসকল। তেওঁলোক হৈছে আর্যসকলৰ চৰম শত্রু। বিশ্বৰ অন্যান্য নৃগোষ্ঠীসমূহক সিবিলাকৰ চালৰ ৰং, অৱয়ব আদি অনুসৰি এই দুয়োটা গোষ্ঠীৰ মাজত স্থান দিব পাৰি

নাজীসকলৰ এই নৃগোষ্ঠীবাদ চার্লচ ডাৰৱিন, হার্বার্ট স্পেঞ্চাৰ আদি চিন্তাবিদসকলৰ দ্বাৰা প্রভাৱিত হৈছিল। ডাৰৱিনে পশু-পক্ষী তথা গছ গছনিৰ সৃষ্টিৰ প্রশ্নটো ক্রমবিকাশ তথা প্রাকৃতিক নির্বাচনীৰ এক প্রক্রিয়াৰ জৰিয়তে বুজিবলৈ চেষ্টা কৰিছিল। স্পেঞ্চাৰে পাছলৈ ‘survival of the fittest’ বা ‘যোগ্য ভোগ্য বসুন্ধৰা’ জাতীয় ধাৰণা এটাও তাৰ সৈতে যুক্ত কৰি দিলে। এই ধাৰণা অনুসৰি - কেৱল সেইবিলাক প্রজাতিহে জীয়াই থাকিব পাৰিব যিবিলাকে জলবায়ুৰ পৰিবর্তিত পৰিস্থিতি অনুসৰি নিজকে খাপ খুৱাই লবলৈ সক্ষম হব। পিছে মন কৰা ভাল যে ডাৰৱিনে কেতিয়াও এই প্রাকৃতিক নির্বাচনৰ প্রক্রিয়াটোত মানৱ হস্তক্ষেপৰ কথা কোৱা নাছিল। কিন্তু তথাপিও তেওঁ এই ধাৰণাসমূহক গোষ্ঠীবাদী চিন্তাবিদ তথা ৰাজনীতিবিদসকলে নিজৰ সাম্রাজ্যবাদী কার্যকলাপসমূহ ন্যায্য প্রতিপন্ন কৰিবলৈ ব্যৱহাৰ কৰিবলৈ ধৰিলে। এইক্ষেত্রত নাজী যুক্তিটো আছিল তেনেই সহজঃ কেৱল শক্তিশালী মানৱ গোষ্ঠীসমূহহে জীয়াই থাকিব; নিকৃষ্ট গোষ্ঠীসমূহৰ নিপাত ঘটাটো অনিবার্য। যিহেতু আর্য গোষ্ঠীটো হৈছে আটাইতকৈ শ্রেষ্ঠ গোষ্ঠী, সেয়েহে ই তাৰ নৃগোষ্ঠীয় পবিত্রতা ৰক্ষা কৰি চলিব লাগিব, বেছি শক্তিশালী হব লাগিব আৰু পৃথিবীখন দখল কৰিব লাগিব।

নাজী মতাদর্শৰ আন এটা দিশ হৈছে লেবেনস্রউম অর্থাৎ বাস ভূমিৰ ধাৰণাটো। এই ধাৰণা অনুসৰি শ্রেষ্ঠ নৃগোষ্ঠীটোৰ বসবাসৰ বাবে নিত্য নতুন ভূমি দখল কৰিব লাগিব, নহলে সিবিলাক নিকৃষ্ট নৃগোষ্ঠীসমূহৰ হাতলৈ গুচি যাব। এনেকৈ নতুন ভূমি দখল কৰাৰ জৰিয়তে মাতৃ দেশখনৰো আকাৰ বৃদ্ধি কৰিব পৰা যাব আৰু নতুন ভূখণ্ডত বাস কৰিবলৈ অহা লোকসকলে পুৰণা ভূ-খণ্ডৰ সৈতে আন্তঃসম্পর্ক ৰক্ষা কৰি চলিব পাৰিব। এইদৰে জার্মান ৰাষ্ট্রখনৰ সম্পদ আৰু শক্তিও বৃদ্ধি হব। হিটলাৰে পূবৰ দিশেৰে জার্মানীৰ সীমা বৃদ্ধি কৰিব বিচাৰিছিল যাতে সকলো জার্মান লোককে একেখন ঠাইতে পুঞ্জীভূত কৰিব পৰা যায় এইক্ষেত্রত পলেণ্ড দেশখন হিটলাৰৰ পৰীক্ষাগাৰলৈ পৰিণত হৈছিল।

৩.১ নৃগোষ্ঠীয় ৰাষ্ট্র স্থাপন

শাসনলৈ অহাৰ লগে লগেই নাজীসকলে বিশুদ্ধ জার্মান লোকেৰে ভৰা এখন নৃগোষ্ঠীয় ৰাষ্ট্র নির্মাণ কৰিবলৈ আৰম্ভ কৰিলে। এইক্ষেত্রত অবাঞ্ছনীয় বুলি অভিহিত কৰা বহুতো লোকক আঁতৰাই পঠোৱা হল নতুবা হত্যা কৰা হল। নাজীসকলে বিশুদ্ধ তথা স্বাস্থ্যবান নর্দিক আর্য লোকেৰে গঠিত এখন দেশ নির্মাণ কৰিবলৈ বিচাৰিছিল। অর্থাৎ নাজী বিশ্ববীক্ষা মতে কেৱল এইসকল লোকৰেই সু-সম্পন্নভাৱে জীয়াই থকাৰ, সন্তান জন্ম দিয়াৰ অধিকাৰ আছিল। ইবিলাকৰ বিপৰীতে মিশ্রিত, অশুদ্ধ তথা অবাঞ্চিত বুলি ভবা বহুতো জার্মান লোককো আঁতৰাই পঠোৱা হল। হেলমুথৰ পিতৃৰ দৰে বহুতো নাজী চিকিৎসকে ‘ইউথেনেছিয়া প্রগ্রাম’ৰ অধীনত অগণন শাৰীৰিক বা মানসিকভাৱে বিকলাংগ বুলি অভিহিত জার্মান ব্যক্তিক হত্যা কৰিলে।

অর্থাৎ কেৱল ইহুদীসকলেই একমাত্র ‘অবাঞ্চিত’ বুলি গণ্য হোৱা গোষ্ঠী নাছিল। জার্মানীত বাস কৰা বহুতো কৃষ্ণাংগ ব্যক্তি তথা জিপচী জনগোষ্ঠীকো নিম্ন গোষ্ঠীৰ লোক বুলি গণ্য কৰা হৈছিল। তেওঁলোকে বিশুদ্ধ জার্মানসকলৰ সতে হলিগলি কৰি জাতিটোক অশুদ্ধ কৰি পেলোৱা বুলি অভিযোগ কৰা হল আৰু পাইকাৰী হাৰত তেওঁলোককো হত্যা কৰা হল। আনকি ৰাছিয়ান তথা পলসকলকো অর্ধ-মানৱ বুলিহে গণ্য কৰা হৈছিল। পলেণ্ড তথা ৰুছিয়াৰ একাংশ জার্মানীয়ে দখল কৰি থোৱাৰ সময়ত শত-সহস্র ৰুছ তথা পল ব্যক্তিক দাস-শ্রমিক হিচাপে কাম কৰোৱা হৈছিল। ভোক আৰু অসহনীয় কর্ম পৰিস্থিতিৰ ফলত অগণন ৰাছিয়ান আৰু পল ব্যক্তি মৃত্যুমুখত পৰিল।

আটাইতকৈ বেছি অত্যাচাৰ কৰা হল ইহুদীসকলৰ ওপৰত। ইহুদী বিৰোধী ঘৃণাৰ উৎস হয়তো পৰম্পৰাগত খ্রীষ্ট ধর্মীয় ইহুদী বিৰোধিতাৰ মাজত পোৱা যাব পাৰেইহুদীসকলক যীশু-খ্রীষ্টৰ হত্যাকাৰী তথা সুদখোৰ জনগোষ্ঠী হিচাপে গণ্য কৰা হৈছিল। মধ্যযুগৰ সময়ত ইহুদীসকল মাটিৰ মালিক হোৱাটো নিষিদ্ধ ঘোষণা কৰা হৈছিল। মূলতঃ বাণিজ্য তথা সুদখোৰীৰ জৰিয়তেই ইহুদীসকলে জীৱন নির্বাহ কৰিছিল। আন আন লোকৰ পৰা আঁতৰত সুকীয়া ঘেটোসমূহত ইহুদীসকলে বসবাস কৰিছিল। প্রায়েই তেওঁলোক সংগঠিত আক্রমণৰ বলি হৈছিল, প্রায়েই তেওঁলোকক দেশান্তৰ কৰা হৈছিল। কিন্তু হিটলাৰৰ ইহুদী ঘৃণাৰ উৎস ধর্মৰ বিপৰীতে নৃগোষ্ঠীয় আছিল। অর্থাৎ ইহুদী ব্যক্তি এজনে নিজৰ ধর্ম সলনি কৰি খ্রীষ্টান হলেও নহব; কিয়নো তেওঁৰ শৰীৰত সদায়েই ইহুদী তেজেই থাকিব। আন কথাত হিটলাৰৰ মতে ধর্মান্তৰণ ইহুদী সমস্যাটোৰ সমাধান নাছিল; ইহুদীসকলক সম্পূর্ণভাৱে নাশ কৰিলেহে সমস্যাটোৰ শেষ সমাধান সম্ভৱপৰ হব।

১৯৩৩-১৯৩৮  সময়ছোৱাত নাজীসকলে ইহুদীসকলক ভীষণ অত্যাচাৰ কৰিলে, তেওঁলোকৰ ওপৰত বিভিন্ন নিষেধাজ্ঞা জাপি দিলে, ইহুদীৰ দোকান পোহাৰ, নিয়োগ সুবিধা, শিক্ষা বন্ধ কৰি দিলে, তেওঁলোকক অন্যান্য লোকৰ পৰা বিচ্ছিন্ন হবলৈ বাধ্য কৰিলে। সৰহসংখ্যক ইহুদীয়েই জার্মানী এৰি আন দেশলৈ পলায়ন কৰিব লগা হল। দ্বিতীয়টো পর্যায়ত ১৯৩৯-৪৫ সময়ছোৱাত ইহুদীসকলক কিছুমান বিশেষ অঞ্চলত একগোট কৰা হল আৰু অৱশেষত  পলেণ্ডৰ গেছ চেম্বাৰসমূহত তেওঁলোকক ব্যাপক হাৰত হত্যা কৰা হল।



৩.২ নৃগোষ্ঠীয় ইউট’পিয়া

দ্বিতীয় বিশ্বযুদ্ধৰ আঁৰত নাজীসকলে তেওঁলোকৰ ভয়ানক নৃগোষ্ঠীয় সপোনটো পূর্ণ কৰিবলৈ উদ্যত হল। গণহত্যা আৰু যুদ্ধ – একেটা মুদ্রাৰে ইফাল সিফাল হৈ পৰিল। পলেণ্ড দেশখনক দুটা ভাগত বিভক্ত কৰা হল। উত্তৰ-পশ্চিম পলেণ্ডৰ বেছিভাগ অঞ্চল জার্মানীৰ সতে যুক্ত কৰি পেলোৱা হল। স্থানীয় পলসকলক খেদি তেওঁলোকৰ ঠাইত দখলীকৃত ইউৰোপৰ বিভিন্ন অঞ্চলৰ পৰা জার্মান লোকক আনি স্থাপন কৰা হল। পলসকলে উপায়ন্তৰ হৈ এৰি যোৱা ঘৰ-বাৰী, সা-সম্পত্তি জার্মান লোকৰ হাতত তুলি দিয়া হল। খেদি দিয়া পলসকলক দেশৰ আনটো অংশ – যাৰ নাম দিয়া হল – জেনেৰেল গৱর্মেণ্ট – তালৈ পঠাই দিয়া হল।

নাজীসকলে পল বুদ্ধিজীৱিসকলক ব্যাপক হাৰত হত্যা কৰিলে যাতে জাতিটোক বৌদ্ধিকভাৱে পদানত কৰি ৰাখিব পৰা যায়। ‘আর্য যেন দেখা’ পল লৰা-ছোৱালীহঁতক মাকৰ বুকুৰ পৰা কাঢ়ি নি ‘নৃগোষ্ঠীয় বিশেষজ্ঞ’ৰ দ্বাৰা পৰীক্ষা কৰোৱা হল। পৰীক্ষাত উত্তীর্ণ হোৱা শিশুবোৰ কোনো জার্মান দম্পত্তিৰ হাতত তুলি দিয়া হল আৰু অনুত্তীর্ণ শিশুবোৰক কোনো অনাথালয়ত ভর্তি কৰোৱা হল। এনে বেছিভাগ শিশুৱেই অৱহেলা, অনাদৰৰ ফলত মৃত্যুমুখত পৰিল। জেনেৰেল গৱর্মেন্ট অঞ্চলটো ইহুদী ঘেটো, গেছ চেম্বাৰ, কনচেন্ট্রেচন কেম্প আৰু গণহত্যাৰ সমার্থক হৈ পৰিল।

মুত্যুমুখী খোঁজ

প্রথম স্তৰ: বিচ্ছেদকৰণঃ ১৯৩৩-৩৯

‘আমাৰ সৈতে নাগৰিকৰ দৰে বসবাস কৰাৰ অধিকাৰ আপোনাৰ নাই’





১৯৩৫ চনৰ নিউৰেমবার্গ নাগৰিক আইনঃ

১) কেৱল জার্মান বা জার্মান-আত্মীয় তেজ থকা ব্যক্তিহে জার্মানীৰ নাগৰিক হব পাৰিব তথা জার্মান সাম্রাজ্যৰ নিৰাপত্তা দাবী কৰিব পাৰিব।

২) ইহুদী আৰু জার্মান ব্যক্তিৰ বিবাহ নিষিদ্ধ হব।

৩) জার্মান আৰু ইহুদী ব্যক্তিৰ বিবাহ বহির্ভুত সম্পর্ক অপৰাধ হিচাপে গণ্য কৰা হব।

৪) ইহুদীসকলে জাতীয় পতাকা উত্তোলন কৰিব নোৱাৰিব।

অন্যান্য আইনী ব্যৱস্থাঃ

-ইহুদীসকলৰ ব্যৱসায় বয়কট কৰা

- ইহুদী লোকক চৰকাৰী চাকৰিৰ পৰা বর্খাস্ত কৰা

- ইহুদী লোকৰ সম্পত্তি বলপূর্বক বাজেয়াপ্ত কৰা তথা নিলাম কৰা

সিবিলাকৰ ওপৰিও ১৯৩৮ চনৰ নবেম্বৰ মাহত ‘দা নাইট অব ব্রকেন গ্লাছ’ নামেৰে চিহ্নিত হোৱা দিনটোত ব্যাপকভাৱে অগণন ইহুদী সম্পত্তি ধ্বংস কৰা হল, ঘৰ জ্বলাই দিয়া হল, ইহুদীৰ প্রার্থনাগৃহ অর্থাৎ চিনগগসমূহ পুৰি পেলোৱা হল, তথা অজস্র লোকক গ্রেপ্তাৰ কৰা হল।


দ্বিতীয়টো স্তৰঃ ঘেটোকৰণঃ ১৯৪০-৪৪

‘আমাৰ আশে পাশে বসবাস কৰাৰ আপোনাৰ অধিকাৰ নাই’


১৯৪১ চনৰ চেপ্টেম্বৰ মাহৰ পৰা সকলো ইহুদী লোকে হালধীয়া ৰঙৰ ডেভিড ষ্টাৰ একোটা চোলাৰ ওপৰত পিন্ধাটো বাধ্যতামূলক কৰা হল। এই চিহ্নটো তেওঁলোকৰ পাচপর্ট, গৃহ তথা অন্যান্য আইনী দলিলসমূহতো ষ্টাম্প কৰি দিয়া হল। জার্মানীত ইহুদীৰ বাবে নির্দিষ্ট গৃহ তথা পূব ইউৰোপত লডজ তথা ৱার্চ’ৰ ঘেটোসমূহতহে ইহুদীসকলক বসবাস কৰাৰ অনুমতি দিয়া হল।  ইহুদীসকলে ঘেটোত থাকিবলৈ যোৱাৰ আগেয়ে তেওঁলোকৰ সমস্ত ধন-সম্পদ এৰি থৈ যাব লগা হৈছিল। দাৰিদ্রতা, ক্ষুধা, বেমাৰ-আজাৰ তথা পৰিচ্ছন্নহীনতাৰ বাবে অতি সোনকালেই এই অঞ্চলসমূহ নৰক সদৃশ হৈ পৰিছিল

তৃতীয়টো স্তৰঃ হত্যাঃ ১৯৪১ চনৰ পৰা –

‘আপোনাৰ জীয়াই থকাৰ অধিকাৰ নাই’




ইউৰোপৰ বিভিন্ন অঞ্চলৰ পৰা ইহুদীসকলক মাল কঢ়িওৱা ট্রেইনৰ জৰিয়তে  মৃত্যু শিৱিৰসমূহলৈ অনা  হৈছিল। পূব ইউৰোপৰ, বিশেষকৈ পলেণ্ডৰ বেলজেক, অচৱিটজ, চবিবৰ, ট্রেব্লিংকা চেল্মন’, মাজদানেক আদি কেম্পত  ইহুদীসকলক গেচ প্রয়োগ কৰি হত্যা কৰা হৈছিল। নাজী বিজ্ঞানৰ পাৰদর্শিতাৰ ফলত কেইমিনিট মানৰ ভিতৰতে সহস্রজনক মাৰি পেলাব পৰা গৈছিল।
 
. নাজীবাদ আৰু যুৱপ্রজন্ম

হিটলাৰে শিশু তথা কিশোৰসকলৰ প্রশ্নটো অতিশয় গুৰুত্ব সহকাৰে লৈছিল। তেওঁ অনুভৱ কৰিছিল যে নতুন প্রজন্মটোক নাজী মতাদর্শৰে ভালকৈ দীক্ষিত কৰিব পাৰিলেহে এখন শক্তিশালী নাজী সমাজ নির্মাণ কৰিব পৰা হব। সেয়েহে শিশু তথা কিশোৰসকলক বিদ্যালয়ৰ ভিতৰ আৰু বাহিৰ – দুয়োঠাইতে নিয়ন্ত্রণ কৰাটো অতিশয় প্রয়োজনীয়।

নাজীসকলৰ অধীনত বিদ্যালয়সমূহত কি ঘটিছিল? সকলো বিদ্যালয়কে ‘ইহুদী প্রদূষণ’ৰ পৰা ‘পৰিষ্কাৰ’ তথা ‘বিশুদ্ধকৰণ’ কৰা হৈছিল। আন কথাত, সকলো ইহুদী শিক্ষক তথা ৰাজনৈতিকভাৱে নির্ভৰ কৰিব নোৱৰা আন আন শিক্ষককো চাকৰিৰ পৰা বর্খাস্ত কৰা হৈছিল। ছাত্র-ছাত্রীসকলক প্রথমতে ভাগ ভাগ কৰা হৈছিল। ইহুদী আৰু জার্মান শিশুৱে একেলগে বহিব বা খেলাধূলা কৰিব নোৱাৰিছিল। পাছলৈ অবাঞ্ছনীয় শিশুসকলক অর্থাৎ ইহুদী, জিপচী তথা বিকলাংগ শিশুসকলক বিদ্যালয়ৰ পৰা বহিষ্কাৰ কৰা হৈছিল। ১৯৪০ৰ পাছত এইসকল শিশুক অৱশেষত গেছ-চেম্বাৰলৈ লৈ যোৱা হল।



 

‘আদর্শ জার্মান ছাত্র-ছাত্রী’সকলক সূক্ষ্মভাৱে নাজী মতাদর্শীয় প্রশিক্ষণ দিয়া হৈছিল। বিদ্যালয়ৰ পাঠ্যপুথিসমূহ নতুনকৈ লিখা হৈছিল। নৃগোষ্ঠীয় বিজ্ঞানৰ দ্বাৰা নাজী গোষ্ঠীবাদৰ ন্যায্যতা প্রতিপন্ন কৰা হৈছিল। ইহুদীসকলৰ বিষয়ে অজস্র পূর্বাগ্রহ আনকি গণিতৰ পুথিতো অন্তর্ভুক্ত কৰা হৈছিল। শিশুসকলক বাধ্য আৰু আজ্ঞাকাৰী হবলৈ, ইহুদীসকলক ঘৃণা কৰিবলৈ তথা হিটলাৰৰ পূজা কৰিবলৈ শিকোৱা হৈছিল। খেলাধুলাৰ জৰিয়তে ছাত্রসকলক আক্রামকতা তথা হিংস্রতাৰ শিক্ষা দিয়া হৈছিল। হিটলাৰে বিশ্বাস কৰিছিল যে বক্সিঙে লৰাহঁতক লৌহহৃদয়, শক্তিশালী তথা পৌৰূষসূলভ হোৱাৰ শিক্ষা দিয়ে। যুৱ সংগঠনসমূহৰ জৰিয়তে যুৱক-যুৱতীসকলক ‘নেচনেল চলিয়েলিজম’ৰ দীক্ষা দিয়া হৈছিল। আনকি দহ বছৰীয়ে শিশুৱেও ‘শিশুবাহিনী’ত যোগদান কৰিব লগা হৈছিল। ১৪ বছৰীয়া সকলো লৰাই ‘হিটলাৰ য়ুথ’ সংগঠনত যোগদান কৰিব লাগিছিল য’ত যুদ্ধৰ গুণগান কৰা হৈছিল, হিংসাৰ ন্যায্যতা দর্শোৱা হৈছিল, ইহুদী, কমিউনিষ্ট তথা জিপচীসকলক ঘৃণা কৰিবলৈ শিকোৱা হৈছিল। এনেদৰে এক দীর্ঘ মতাদর্শগত তথা শাৰীৰিক প্রশিক্ষণৰ পাছত ১৮ বছৰীয়া ল’ৰাহতে ‘লেবাৰ চার্ভিচ’ত যোগদান কৰিব লাগিছিল। ইয়াৰ পাছতেই তেওঁলোকে সৈন্য বাহিনী বা আন কোনো নাজী সংগঠনত যোগদান কৰিছিল। আন আন সকলো যুব সংগঠন নিষিদ্ধ ঘোষণা কৰা হৈছিল।


. নাজীসকলৰ মাতৃ সম্পর্কীয় ধাৰণা

নাজী জার্মানীৰ শিশুসকলক বাৰম্বাৰ বুজুৱা হৈছিল যে মহিলাসকল পুৰুষতকৈ সম্পূর্ণভাৱে ভিন্ন এক জাতি। বিশ্বৰ বিভিন্ন ঠাইত মহিলা আৰু পুৰুষৰ সম-অধিকাৰ দাবী কৰি যিমানবোৰ সমকালীন গণতান্ত্রিক আন্দোলন চলিব ধৰিছে সিবিলাক আচলতে সমাজৰ বাবেই ক্ষতিকৰৰাসকলক শিকোৱা হৈছিল – ‘তোমালোক আক্রামক, পুৰুষসূলভ তথা লৌহ-কঠিন হৃদয়ৰ হব লাগিব’। আনহাতে ছোৱালীহঁতক শিকোৱা হৈছিল – ‘তোমালোক ভাল মাতৃ হব লাগিব; বিশুদ্ধ আর্য সন্তান তোমালোকে জন্ম দিব লাগিব’।  ছোৱালীসকলক জাতিটোৰ বিশুদ্ধতা সুনিশ্চিত কৰিবলৈ, ইহুদীহঁতৰ পৰা আঁতৰি থাকিবলৈ, ঘৰুৱা কামবোৰ মহিলাৰ বুলি ভাবিবলৈ তথা সন্তানক নাজী মতাদর্শৰে দীক্ষিত কৰিবলৈ শিকোৱা হৈছিল। মহিলাসকলক আর্য জাতি তথা সংস্কৃতিৰ বাহক হিচাপে প্রক্ষেপ কৰা হৈছিল।

১৯৩৩ চনত হিটলাৰে এনেদৰে কৈছিলঃ ‘মোৰ ৰাষ্ট্রত মাতৃসকলেই হৈছে আটাইতকৈ গুৰুত্বপূর্ণ নাগৰিক’। কিন্তু মন কৰা ভাল – নাজী জার্মানীত সকলো মাতৃকেই সমান চকুৰে চোৱা নহৈছিল। অবাঞ্চিত জাতিৰ সন্তান জন্ম দিয়া মাতৃসকলক শাস্তি দিয়া হৈছিল, আনহাতে বিশুদ্ধ আর্য সন্তান জন্ম দিয়াসকলক পুৰষ্কৃত কৰা হৈছিল। তেওঁলোকক চিকিৎসালয়ত বিশেষ সা-সুবিধা দিয়া হৈছিল, ৰেহাই হাৰত চিনেমাৰ টিকট, বয়-বস্তু দিয়া হৈছিল,  ট্রেইনৰ ভাড়া কমকৈ লোৱা হৈছিল। বেছি সন্তান প্রসৱ কৰা মাতৃসকলক পুৰস্কৃত কৰা হৈছিল। চাৰিটা সন্তান জন্ম দিলে তামৰ ক্রচ, ছটা দিলে ৰূপালী ক্রছ তথা আঠটাতকৈ বেছি সন্তান জন্ম দিলে সোনালী ক্রছ দিয়া হৈছিল। নাজী নির্ধাৰিত সামাজিক নিয়মাৱলীসমূহ পালন কৰিবলৈ অসন্মতি জন্মোৱা নাৰীসকলক ৰাজহুৱাভাৱে অপমান কৰা হৈছিল, তেওঁলোকক ভীষণ শাস্তি দিয়া হৈছিল। ইহুদী, পল, ৰাছিয়ান ইত্যাদি জনগোষ্ঠীৰ ব্যক্তিৰ সতে কোনোধৰণৰ  সম্পর্ক ৰাখিলে তেওঁলোকৰ মূৰৰ চুলি খুৰাই চহৰৰ মাজৰাস্তাত পেৰেড কৰোৱা হৈছিল, মুখত কয়লা সানি দিয়া হৈছিল আৰু ডিঙিত এইদৰে প্লেকার্ড আওঁৰাই দিয়া হৈছিল - “মই দেশৰ সন্মান লাঘৱ কৰিছোঁ”। এনে অপৰাধৰ বাবে বহুতো মহিলা, তেওঁলোকৰ স্বামী তথা পৰিয়ালক কাৰাগাৰলৈ নিক্ষেপ কৰা হৈছিল; তেওঁলোকে সকলো নাগৰিক সা-সন্মান হেৰুৱাই পেলাইছিল।

৪.২ আর্ট আৰু প্রপাগাণ্ডা

নাজীসকলে ভাষা আৰু সংবাদ মাধ্যমৰ প্রয়োগৰ ক্ষেত্রত বিশেষ নিপুণ্যতা প্রদর্শন কৰিছিল। বিভিন্ন অপৰাধী কার্যকলাপৰ বাবে তেওঁলোকে যেনেধৰণৰ শব্দৰাজী প্রয়োগ কৰিছিল, সিবিলাক শুনিলে গা-শিয়ৰি উঠে। উদাহৰণস্বৰূপে, গণহত্যাৰ বাবে ব্যৱহাৰ কৰা শব্দকেইটামান আছিল এনেধৰণৰঃ special treatment, final solution (ইহুদী গণহত্যাৰ ক্ষেত্রত), euthanasia (প্রতিবন্ধীসকলৰ হত্যাৰ ক্ষেত্রত), selection, disinfection ইত্যাদি। Evacuation শব্দটোৰ অর্থ আছিলঃ ‘মানুহবোৰক গেছ চেম্বাৰলৈ লৈ যোৱা হৈছে’গেছ চেম্বাৰৰ বাবে ব্যৱহৃত শব্দটো আছিলঃ disinfection areas গেচ চেম্বাৰসমূহৰ ভিতৰচোৱা বাথৰূমৰ দৰে আছিল, বহুতো কৃত্রিম শ্বাৱাৰ তাত ওলোমাই ৰখা হৈছিল।

নাজীসকলে তেওঁলোকৰ মতাদর্শ প্রচাৰ তথা জনপ্রিয় কৰিবলৈ বৰ সতর্কতাৰে মিডিয়াৰ প্রয়োগ কৰিছিল। নাজী পষ্টাৰসমূহত ‘জার্মানীৰ শত্রু’ বুলি অভিহিত কৰা গ্রুপসমূহক পূর্বাগ্রহপূর্ণভাৱে চিত্রায়িত কৰা হৈছিল; তেওঁলোকক তিৰস্কাৰ, অপমান, ঠাট্টা কৰা হৈছিল, চয়তানৰ বুলি অভিহিত কৰা হৈছিল। চলিয়েলিষ্ট তথা লিবাৰেলসকলক দুর্বল আৰু স্খলিত বুলি দর্শোৱা হৈছিল। তেওঁলোকক বিদেশীৰ এজেণ্ট বুলিও অভিহিত কৰা হৈছিল। ইহুদীসকলৰ বিৰুদ্ধে ঘৃণা বিয়পাবলৈ ফিল্মো নির্মাণ কৰা হৈছিল। এনে এখন কুখ্যাত ফিল্ম হৈছেঃ The Eternal Jewফিল্মখনত ইহুদীসকল ধর্মান্ধ, দাড়িগোঁফেৰে ভোবোকাৰ, মূৰত কাফটান পিন্ধি থকা দর্শোৱা হৈছিল। কিন্তু দৰাচলতে বেছিভাগ জার্মান ইহুদীয়েই এনেদৰে সাজ-পোছাক নকৰিছিল; তেওঁলোক ইতিমধ্যেই জার্মান সমাজখনৰ সতে মিলি আন আন সাধাৰণ জার্মান লোকৰ দৰেই সাজ-পোছাক কৰিছিল। পিছে নাজীসকলৰ বাবে ইহুদীসকলক এক সম্পূর্ণ ভিন্ন সম্প্রদায় হিচাপে দর্শোৱাটো প্রয়োজনীয় আছিল। প্রায়েই ইহুদীসকলক নিগনি, এন্দুৰ, পোক পতংগ আদি  নামেৰে অভিহিত কৰা হৈছিল। নাজীসকলে জনগণৰ মস্তিষ্কত ক্রিয়া কৰি ‘অবাঞ্চিত গোষ্ঠী’সমূহৰ বিৰূদ্ধে তেওঁলোকৰ আবেগসমূহ ঘৃণাৰ ৰূপলৈ পৰিবর্তিত কৰিছিল।




. সাধাৰণ মানুহ আৰু মানৱীয়তাৰ বিৰুদ্ধে অপৰাধ

নাজীবাদৰ বিষয়ে সাধাৰণ মানুহৰ প্রতিক্রিয়া কেনেধৰণৰ আছিল?

বহুতেই নাজীসকলৰ দৃষ্টিভংগী গ্রহণ কৰি লৈছিল। নাজীসকলৰ দৰেই তেওঁলোকে কবলৈ, ভাবিবলৈ শিকিছিল। ইহুদী মানুহ এজন ৰাস্তাত দেখিলে তেওঁলোক খঙত ফাটি পৰিছিল। তেওঁলোকে ইহুদীৰ ঘৰবোৰ চিনাক্ত কৰি থৈছিল আৰু কিবা সন্দেহজনক যেন দেখিলেই কর্তৃপক্ষক খবৰ কৰিছিল। তেওঁলোকে বিশ্বাস কৰিছিল যে নাজীবাদে দেশলৈ সুখ-সমৃদ্ধি মাতি আনিব।

কিন্তু প্রতিজন জার্মান ব্যক্তি মাত্রকে নাজী নাছিল। বহুতেই নাজীসকলৰ বিৰুদ্ধে সক্রিয় প্রতিৰোধ গঢ়ি তুলিছিল, বহুতেই পুলিচৰ গুলী আৰু দমন বুকুত পাতি লৈছিল। অৱশ্যে বেছিভাগ জার্মান নাগৰিকেই মৌন তথা নির্বিকাৰ প্রত্যক্ষদর্শী হৈ ৰৈছিল। বহুতেই হয়তো প্রতিৰোধ কৰিবলৈ, মাত মাতিবলৈ, অসন্মতি জনাবলৈ ভয় কৰিছিল। তেওঁলোকে মনে মনে থকাটোৱেই শ্রেয় বুলি ভাবিছিল। পাষ্টৰ নায়মলেৰ নামৰ এজন নাজী বিৰোধী সংগ্রামীয়ে ইহুদীসকলৰ ওপৰত ভয়ংকৰ নাজী অত্যাচাৰ দেখিও মৌন হৈ ৰোৱা সাধাৰণ জার্মান ৰাইজৰ উদ্দেশ্যে এটা সুন্দৰ কবিতা লিখিছেঃ

প্রথমে সিহঁতে কমিউনিষ্টসকলক ধৰি নিলে

মই কমিউনিষ্ট নাছিলো

গতিকে মই একো নকলো।

তাৰ পাছত সিহঁতে চচিয়েল ডেমক্রেটসকলক ধৰি নিলে

মই চচিয়েল ডেমক্রেট নাছিলো

গতিকে মই একো নকলো

তাৰ পাছত সিহঁতে ইহুদীসকলক ধৰি নিলে

মই ইহুদীও নাছিলো

গতিকে মই একো নকলো

সিহতে ট্রেড ইউনিয়নিষ্টসকলক ধৰি নিলে

মই সেয়াও নাছিলো

গতিকে মই একো নকলো

তাৰ পাছত সিহঁতে মোক নিবলৈ আহিল

কোনেও একো নকলে

কিয়নো

মোৰ বাবে মাত মাতিবলৈ বাকী কোনো নাছিল।।

সাধাৰণ জার্মান নাগৰিকৰ বিপৰীতে অৱশ্যে ইহুদীসকলৰ বাবে এনে নির্বিকাৰ নিষ্ক্রিয়তা সম্ভৱপৰ নাছিল। চার্লট বেৰাটে সেইকালৰ বিভিন্ন মানুহৰ কেতবোৰ সপোন মনে মনে ডায়েৰী এখনত টুকি থৈছিল। পাছলৈ সেইখনক ‘Third Reich of Dream’ নামেৰে গ্রন্থ আকাৰত প্রকাশ কৰা হয়। বেৰাটে লিখিছে যে কেনেদৰে ইহুদীসকলে তেওঁলোকৰ বিষয়ে প্রচাৰিত নাজী পূর্বাগ্রহসমূহ বিশ্বাস কৰিবলৈ লৈছিল। তেওঁলোকে সপোনত দেখিছিল যে তেওঁলোকৰ নাকবোৰ যেন দীঘল আৰু বেঁকা হৈ পৰিছে, চুলি আৰু চকুবোৰ কলা ৰঙৰ হৈ পৰিছে, তেওঁলোকৰ চাল-চলন, শৰীৰৰ গঠন সাইলাখ ‘ইহুদী’যেন হৈ পৰিছে। নাজীসকলে প্রচাৰ কৰা ইহুদীৰ পূর্বাগ্রহপূর্ণ ছবিসমূহে এই দুর্ভগীয়া মানুহখিনিক ইমানেই বেয়াকৈ প্রভাৱিত কৰিছিল যে সপোনতো তেওঁলোকে সিবিলাকৰ পৰা উদ্ধাৰ পোৱা নাছিল। পলেণ্ডৰ গেছ চেম্বাৰত প্রবেশ কৰাৰ বহু আগেয়েই ইহুদীসকলে বাৰম্বাৰ মৃত্যুবৰণ কৰিব লগা হৈছিল।

হল’কাষ্টৰ স্মৃতি আৰু সামগ্রীঃ

গণহত্যা শব্দটোৱে যেন হলকাষ্ট(Holocaust)ৰ অর্থটো সম্পূর্ণভাৱে প্রকাশ কৰিব নোৱাৰেসমগ্র ইউৰোপজুৰি লাখ লাখ ইহুদীক হত্যা কৰি নাজীহঁতে এখন ইহুদীমুক্ত পৃথিবীৰ সপোন দেখিছিল। সেই সপোন পূর্ণ নহল। কিন্তু পূব ইউৰোপৰ বহুতো দেশ – যত যুগ যুগ ধৰি ইহুদীসকলে বসবাস কৰিছিল – ইহুদী শূণ্য হৈ পৰিল।

নাজী জার্মানীৰ শেহৰ ফাললৈ ইহুদী হত্যাৰ বিষয়ে টুকুৰা-টুকুৰ খবৰ বিশ্বৰ কাণত পৰা আৰম্ভ হৈছিল। কিন্তু যুদ্ধৰ শেহতহে হলকাষ্টৰ সম্পূর্ণ সত্য পোহৰলৈ আহিল। কথিত আছে যে হলকাষ্টৰ শীর্ষ সময়ত ঘেটোৰ এজন নিৱাসীয়ে তেওঁৰ বন্ধু এজনক হেনো কৈছিলঃ ‘তেওঁ যুদ্ধ শেষ হোৱাৰ মাত্র আধা-ঘণ্টা পর্যন্ত জীয়াই থাকিব বিচাৰে’হয়তো তেওঁ নাজী জার্মানীৰ প্রকৃত ছবিখনৰ কথাই বিশ্বক জনাব খুজিছিল। ঘেটো আৰু কেম্পসমূহৰ বহুতো নিৱাসীয়েই ডায়েৰী লিখিছিল, টোকাবহীত দৈনন্দিন ঘটনাৱলী টুকি ৰাখিছিল, এইদৰেই হলকাষ্টৰ আর্কাইভ নির্মিত হৈছিল। আনহাতে আসন্ন পৰাজয়ৰ সম্ভাৱনা দেখি নাজী নেতৃবৃন্দই তেওঁলোকৰ অপৰাধৰ দলিলসমূহ পুৰি পেলাবলৈ তলৰ কর্মচাৰীসকলক পেট্রলৰ যোগান ধৰিছিল।


কিন্তু তথাপিও হলকাষ্টৰ স্মৃতি আৰু ইতিহাস মোহাৰি পেলাব পৰা নগল। আজিও সিবিলাক স্মৃতিগ্রন্থ, কবিতা, উপন্যাস, ডকুমেণ্টৰী, মেমৰিয়েল আৰু মিউজিয়ামৰ ৰূপত বর্তি আছে। যিসকলে হলকাষ্টৰ বিৰোধিতা কৰিছিল – তেওঁলোকৰ প্রতি এই স্মৃতিচিহ্নবোৰ শ্রদ্ধাঞ্জলিসদৃশ। আনহাতে যিসকলে নাজী অত্যাচাৰত সহযোগিতা কৰিলে বা মৌন হৈ ৰল- তেওঁলোকৰ প্রতি ইবিলাক হৈছে এক কঠোৰ সাৱধান-বাণী।

No comments:

Post a Comment

ৰামৰ অযোধ্যা

  মূলঃ সৰোজ মিশ্ৰ https://kafila.online/2024/01/02/rams-ayodhya-saroj-mishra/ অনুবাদঃ ময়ূ ৰ চেতিয়া   কোৱা হয় -   ৰামৰ জন্ম অযোধ্য...