অনুবাদঃ ময়ূৰ চেতিয়া
১৯১৭ চনৰ ফ্রেব্রুৱাৰী মাহলৈকে ৰাছিয়া ৰোমানভ
ৰাজতন্ত্রৰ অধীনত আছিল। তাৰ ঠিক আঠ মাহ পাছত এটা শ্রমিক দল – বলচেভিক পার্টি - দেশৰ
শাসক হিচাপে অধিষ্ঠিত হল। শাসনত অধিষ্ঠিত হোৱাৰ কেইমাহমান আগলৈকে খুউব কম সংখ্যক লোকেহে
বলচেভিকসকলৰ বিষয়ে জানিছিল; শেষ মূহুর্ত পর্যন্ত পার্টিৰ নেতৃবৃন্দ দেশদ্রোহৰ গোচৰত
অভিযুক্ত আছিল। ইতিহাসৰ এনে তীব্র পট-পৰিবর্তন খুউব কমেই ঘটা দেখা যায়। মনত ৰখা
ভাল – এই পৰিবর্তন ঘটিছিল ১৫ কোটি লোকেৰে ভৰা এখন বিশাল দেশৰ ভূ-ভাগত। কাজেই ১৯১৭
চনৰ ঘটনাৱলী এক অধ্যয়নযোগ্য বিষয়, তেহেলৈ ঘটনাৱলীৰ চৰিত্র সম্পর্কে আপুনি যিয়েই
সিদ্ধান্তত উপনীত নহওঁক কিয়।
আন আন ইতিহাসৰ দৰেই বিপ্লৱৰ ইতিহাসেও প্রথমে দুটা প্রশ্নৰ উত্তৰ দি লোৱা উচিতঃ কি ঘটিছিল আৰু
কেনেদৰে ঘটিছিল। পিছে ইয়েই যথেষ্ঠ নহয়। ঘটনাৱলীৰ বর্ণনাৰ জৰিয়তে ইতিহাসবিদজনে লগতে
এয়াও দর্শাব লাগিব যে কিয় ঘটনাৱলীয়ে এই ৰূপ ললে আৰু কিয় তাৰ কোনো বিকল্প সম্ভৱপৰ
নাছিল। ইতিহাস কোনো আকস্মিক ঘটনাৱলীৰ সমাহাৰ নহয়, ই কোনো পূর্বকথিত নৈতিক গাঁথাৰ পুষ্টিকৰণো
নহয়। বৰং ঐতিহাসিক ঘটনাৱলীয়ে নিজস্ব কেতবোৰ নিয়ম মানি চলে। এই নিয়মসমূহ আৱিষ্কাৰ কৰাটো
ইতিহাসবিদৰ কর্তব্য।