মূলঃ পার্থ চেটার্জী
লেখক পৰিচিতিঃ পার্থ চেটার্জী কলম্বিয়া বিশ্ববিদ্যালয়ৰ নৃতত্ত্ব বিভাগৰ অধ্যাপক।
(‘ইকনমিক এণ্ড পলিটিকেল ৱিকলী’ৰ ১৯ এপ্রিল, ২০০৮ সংখ্যাত প্রকাশিত)
(অনুবাদকৰ টোকাঃ 'কৃষক মুক্তি সংগ্রাম সমিতি'ৰ আন্দোলনৰ বিষয়ে বহুতো আলোচনা দেখিবলৈ পোৱা যায় । কিন্তু কেনে ধৰণৰ পৰিৱর্তিত পৰিস্থিতিৰ পটভূমিত আন্দোলনটো গঢ় লৈ উঠিছে, এই বিষয়ে মন নকৰাৰ ফলত বেছিভাগ বিশ্লেষণেই আন্দোলনটোৰ তাৎপর্য, সম্ভাৱনীয়তা তথা প্রত্যাহবানসমূহ চিনাক্ত কৰাত ব্যর্থ হয়। পার্থ চেটার্জীৰ এই প্রৱন্ধটোত এনে পৰিৱর্তিত পৰিস্থিতিৰ এক বিশ্লেষণ পোৱা যায়। অসমীয়া পাঠক উপকৃত হব বুলি তাৰ এটা অনুবাদ আগবঢ়োৱা হল।)
“চাবলটার্ণ ষ্টাডিজ”ৰ প্রথমটো খণ্ড প্রকাশিত হৈছিল ১৯৮২ চনত। বিভিন্ন নিম্ন শ্রেণীৰ, বিশেষকৈ কৃষকসকলৰ দৃষ্টিকোণেৰে ভাৰতীয় আধুনিকতাৰ সমালোচনামূলক পর্যালোচনা কৰিবলৈ চেষ্টা কৰা ৰনজিৎ গুহ নেতৃত্বাধীন এই গোটটোৰ ময়ো সম্পাদকীয় সদস্য আছিলোঁ। এয়া প্রায় ২৫ বছৰ আগৰ কথা। এই ২৫ বছৰীয়া সময়ছোৱাত উত্তৰ-ঔপনিবেশিক ভাৰতীয় পৰিস্থিতিৰ এক মৌলিক পৰিবর্তন দেখা পোৱা গৈছে। পুঁজি, পণ্য আৰু মানুহৰ গোলকীয় প্রবাহ নিয়ন্ত্রিত কৰা এক নতুন পৰিস্থিতিৰ জন্ম হৈছে – অনেক জটিল পৰিঘটনাৰ এই নব্য সংমিশ্রণক বহুতে গোলকীকৰণ বুলিও অভিহিত কৰিছে। ই ভাৰতীয় শাসক শ্রেণীসমূহৰ বাবে একেসময়তে বহুতো নিত্য-নতুন সুবিধা তথা প্রতিবন্ধকতাৰ সৃষ্টি কৰিছে। ৬০ৰ দশকৰ বিপৰীতে, ঔপনিবেশিক শোষণ আৰু অনগ্রসৰতাৰে জর্জৰিত তৃতীয় বিশ্বৰ এক সামগ্রিক ধাৰণা বর্তমানৰ সময়ত পুৰণি হৈ পৰা যেন অনুভৱ হৈছে। এছিয়াৰ দেশসমূহৰ অর্থনৈতিক বিকাশৰ গতিপথ আফ্রিকাৰ অধিকাংশ দেশৰ গতিপথতকৈ আমূলভাৱে ভিন্ন হৈ পৰিছে। বর্তমানৰ সময়ত বিশ্বৰ সবাতোকৈ জনাকীর্ণ দুখন কৃষিমূলক দেশ- ভাৰত আৰু চীনৰ অভূতপূর্ব অর্থনৈতিক বিকাশে সামাজিক পৰিবর্তনৰ এক নতুন প্রক্রিয়া ত্বৰাম্বিত কৰি তুলিছে যাৰ গতি আৰু ব্যাপ্তি হয়তো সমগ্র মানব ইতিহাসতে নজিৰবিহীন।