Wednesday, June 24, 2015

কার্ল মার্ক্সৰ বিপ্লৱী চিন্তাধাৰাঃ ষষ্ঠ অধ্যায়: 'পুঁজিবাদ' (দ্বিতীয় অংশ)

Original: 'Revolutionary Ideas of Karl Marx' by Alex Callinicos
Translation: Mayur Chetia
২) উদ্বৃত্ত মূল্য আৰু শোষণ
পুঁজিবাদী উৎপাদন ব্যৱস্থা একোটাত দুই ধৰণৰ পৃথকীকৰণ(separation) দেখা যায়ঃ ইয়াৰে প্রথমটো
অর্থাৎ উৎপাদন ইউনিটসমূহৰ পৃথকীকৰণ সম্পর্কে আমি ইতিমধ্যেই আলোচনা কৰিছোঁ; পুঁজিবাদী ব্যৱস্থাটোৰ অধীনত উৎপাদকসকল ইজন সিজনৰ পৰা পৃথক, পৰস্পৰ-নির্ভৰশীল, তথা প্রতিদ্বন্দ্বী উৎপাদকলৈ পৰিণত হয়। পিছে প্রতিটো উৎপাদন ইউনিটৰ মাজতে আকৌ আন এটা গুৰুত্বপূর্ণ বিভাজন থাকেঃ  এফালে উৎপাদন সমলৰ মালিকসকল তথা আনফালে প্রত্যক্ষ উৎপাদকসকল – অর্থাৎ এফালে পুঁজিপতিসকল আৰু আনফালে মজুৰী শ্রমিকসকল।

পুঁজিবাদৰ অবিহনেও পণ্যৰ অস্তিত্ব থাকিব পাৰেটকা আৰু বাণিজ্যৰ উপস্থিতি প্রাক-পুঁজিবাদী সমাজসমূহতো দেখিবলৈ পোৱা যায়। পিছে এনে সমাজসমূহত পণ্যৰ বিনিময় মূলতঃ ব্যৱহাৰ মূল্য লাভ কৰিবলৈকে কৰা হৈছিল। অর্থাৎ এটা পণ্যৰ বিনিময় আন এটা পণ্য লাভ কৰিবলৈকে কৰা হৈছিল। এই সমাজসমূহত পণ্য প্রবাহ (commodity circulation) ৰ ৰূপ আছিল এনেধৰণৰ – C-M-C (Commodity-Money-Commodity) অর্থাৎ পণ্য-টকা-পণ্য। প্রতিজন উৎপাদকেই নিজৰ পণ্য বজাৰলৈ লৈ গৈছিল আৰু তাৰ বিনিময়ত টকা লাভ কৰিছিল। এই টকাৰে তেওঁ নিজৰ ব্যৱহাৰৰ বাবে আন কোনো পণ্য ক্রয় কৰিছিল। অর্থাৎ টকাই  মাথো লেন-দেনৰ  মাধ্যম হিচাপে ক্রিয়া কৰিছিল। পণ্য আছিল মূল; টকা আছিল গৌণ।

কার্ল মার্ক্সৰ বিপ্লৱী চিন্তাধাৰাঃ ষষ্ঠ অধ্যায়: 'পুঁজিবাদ' (প্রথম অংশ)



Original: 'Revolutionary Ideas of Karl Marx' by Alex Callinicos
Translation: Mayur Chetia


ডাচ কেপিটেল বা পুঁজি গ্রন্থখনি মার্ক্সৰ জীৱনৰ সর্বোত্তম কৃতিত্ব বুলি কব পৰা যায়। গ্রন্থখনিৰ প্রথম
খণ্ডৰ পাতনিত মার্ক্সে এনেদৰে লিখিছেঃ  ‘আধুনিক সমাজৰ অর্থনৈতিক ক্রিয়া-পদ্ধতিসমূহ আৱিষ্কাৰ কৰাটোৱেই হৈছে এই গ্রন্থখনিৰ লক্ষ্য’ (Capital, Vol.1, p.92) মার্ক্সৰ পূর্বৰ চিন্তাবিদসকলে পুঁজিবাদী ব্যৱস্থাটোৰ দুই এটা দিশ সম্পর্কে আলোকপাত কৰিছিল সঁচা, পিছে সামগ্রিকভাৱে ব্যৱস্থাটোৰ ক্রিয়াপদ্ধতিসমূহ বুজাৰ ক্ষেত্রত তেওঁলোকে বিশেষ অগ্রগতি লাভ কৰিব পৰা নাছিল। পূর্বৰ অধ্যায়কেইটাত আমি ইতিমধ্যেই উনুকিয়াইছো যে বুর্জোৱা চিন্তাবিদসকলে পুঁজিবাদী ব্যৱস্থাটোক প্রকৃতি-প্রদত্ত বা ইতিহাসৰ অন্তিমটো পর্যায় হিচাপেই গণ্য কৰিছিল। সিবিলাকৰ বিপৰীতে মার্ক্সে পুঁজিবাদক ঐতিহাসিকভাৱে সংক্রমণশীল এটি ব্যৱস্থাৰ ৰূপতহে বিশ্লেষণ কৰাৰ ওপৰত গুৰুত্ব প্রদান কৰিলে, যাৰ আভ্যন্তৰীণ অন্তর্বিৰোধসমূহে এসময়ত তাক বিনাশৰ পথেৰে লৈ যাব।

অর্থনীতিবিদ্যাৰ দৰে (থমাচ কার্লাইলৰ ভাষাত) ‘শোচনীয় বিজ্ঞান’ৰ সৈতে ভালকৈ পৰিচিতি নথকা পাঠকৰ বাবে এইখিনিতে অধ্যায়টোৰ মূল বিষয়বস্তু সম্পর্কে এটি ৰূপৰেখা প্রদান কৰি লোৱাটো ভাল হব। আমি প্রথমতেই পুঁজিৰ কেন্দ্রীয় তত্ত্ব অর্থাৎ মূল্যৰ শ্রম তত্ত্ব সম্পর্কে আলোচনা কৰিম। এই মূল্যৰ শ্রম তত্ত্ব মতে, ‘পণ্য’ - অর্থাৎ বজাৰত বেচা-কিনা কৰিব পৰা সামগ্রীসমূহক – সিবিলাকৰ উৎপাদনত খৰচ হোৱা সামাজিকভাৱে প্রয়োজনীয় শ্রম সময় অনুসৰি বিনিময় কৰা হয়। আমি পাছলৈ দেখিম যে কেনেদৰে মার্ক্সে পুঁজিবাদী শোষণৰ প্রক্রিয়াটো বিশ্লেষণ কৰিবলৈ এই তত্ত্বটোকেই কেন্দ্রীয়ভাৱে ব্যৱহাৰ কৰিছে। শ্রমিকে সৃষ্টি কৰা উদ্বৃত্ত মূল্যয়েই হৈছে পুঁজিপতিৰ মুনাফাৰ উৎস, যাৰ ভৰষাত সমগ্র ব্যৱস্থাটো বর্তি আছে। আটাইতকৈ অধিক পৰিমাণে উদ্বৃত্ত মূল্য হাছিল কৰিবলৈ পুঁজিপতিহঁতৰ মাজত প্রতিযোগিতা সৃষ্টি হয়। এই প্রতিযোগিতাৰ ফলত মুনাফাৰ সাধাৰণ হাৰ এটি অস্তিত্বলৈ আহে। মন কৰিব লগীয়া যে মুনাফাৰ এই সাধাৰণ হাৰে মূল্যৰ শ্রম তত্ত্বৰো এটি পৰিবর্তন ঘটায়। ফলত আপাত দৃষ্টিত মূল্যৰ শ্রম তত্ত্ব ক্রিয়াম্বিত নোহোৱা যেনেই অনুভৱ হয়। সি যি কি নহওঁক, প্রতিযোগিতাৰ ফলত মুনাফাৰ হাৰ নিম্নগামী হোৱাৰ প্রৱণতা (tendency for the rate of profit to fall) এটা সৃষ্টি হয় আৰু মূলতঃ ইয়াৰ বাবেই বাৰম্বাৰ আর্থিক সংকটে পুঁজিবাদী অর্থনীতিখনক ছানি ধৰে

ৰামৰ অযোধ্যা

  মূলঃ সৰোজ মিশ্ৰ https://kafila.online/2024/01/02/rams-ayodhya-saroj-mishra/ অনুবাদঃ ময়ূ ৰ চেতিয়া   কোৱা হয় -   ৰামৰ জন্ম অযোধ্য...