আগকথা
মূলঃ নিবেদিতা মেনন
অনুবাদঃ ময়ূৰ চেতিয়া
............
আপুনি
বাৰু কেতিয়াবা ‘ন্যুড মেকআপ’ৰ কথা শুনিছেনে?
কেতিয়াও শুনা নাই? তেনেহলে শুনকঃ
‘ন্যুড মেকআপ হৈছে এনে এবিধ কৌশল যাৰ দ্বাৰা আপোনাৰ ছালখন
সতেজ আৰু আর্দ্র যেন দেখুৱাব পৰা যায়।
কেইবিধমান বিশেষ সঁজুলি – এই ধৰক আইলাইনাৰ,
মাস্কাৰা, ন্যুড লিপষ্টিক, ব্লাছ আদি প্রয়োগ কৰি আপুনি আপোনাৰ ছালখন প্রাকৃতিকভাৱেই যেন সতেজ – এনে এক ইমেজ সৃষ্টি কৰিব
পাৰে! আপোনাৰ সমুখৰ ব্যক্তিজনে
গমেই নেপাব যে আচলতে আপুনি মেকআপ কৰি আহিছে!’
আন কথাতঃ ঘণ্টাৰ পাছত ঘন্টা ধৰি আপুনি নিজৰ মুখখনত ৰং ঘঁহি
থাকক যাতে মানুহে ভাবিবলৈ বাধ্য হয় – আপোনাৰ ছালখন স্বাভাৱিকভাৱেই ধুনীয়া আৰু আপুনি
কোনো মেকআপ কৰা নাই!
আমাৰ সামাজিক ব্যৱস্থাসমূহকো
ন্যুড মেকআপৰে নামান্তৰ বুলি কব পাৰি। অন্যায় আৰু অবিচাৰেৰে পৰিপূর্ণ সামাজিক
ব্যৱস্থা একোটাক স্বাভাৱিক বা প্রাকৃতিক
যেন প্রতীয়মান কৰিবলৈ কেতবোৰ বিশেষ সঁজুলিৰ ব্যৱহাৰ কৰা হয়। কেতবোৰ বিশেষ পৰম্পৰা
অহৰহভাৱে পালন কৰি যোৱা হয়; প্রায়েই
সিবিলাক হয় অদৃশ্যমান। সাংস্কৃতিক পুনঃউৎপাদনৰ অসংখ্য জটিল নেটৱর্ক কেৱল এই
কামটোৰ বাবেই সর্বদা ব্রতী হৈ ৰয় বুলি কব পাৰি। পিছে এই আটাইবোৰৰে অন্তিম লক্ষ্য
হৈছে একেটাইঃ সমাজখনৰ অন্যায় অবিচাৰসমূহক স্বাভাৱিক বা প্রাকৃতিক যেন প্রতীয়মান কৰা।