Tuesday, February 3, 2015

কার্ল মার্ক্সৰ বিপ্লৱী চিন্তাধাৰাঃ পঞ্চম অধ্যায়: 'ইতিহাস আৰু শ্রেণী সংগ্রাম'

Original: Revolutionary ideas of Karl Marx
Translation: Mayur Chetia



ইতিহাস বিষয়ক বেছিভাগ প্রচলিত ধাৰণাই শিশুসূলভ বুলি কব পাৰি। এই ধাৰণাবোৰৰ মতে ইতিহাস হৈছে ৰজা মহাৰজা, ৰাজনৈতিক নেতা-পালিনেতা, সেনাপতি, ধর্মগুৰু, বিয়াগোম শিল্পী অথবা ফিল্ম তাৰকা আদিৰ কৃতিত্বৰ লেখা-জোখা মাথো। ইতিহাস বিষয়ক এই ধাৰণাবোৰৰ উৎস হয়তো মধ্যযুগৰ বুৰঞ্জীবিদসকলৰ মাজত পোৱা যাব পাৰে যি ৰজা-মহাৰজাৰ প্রশস্তি লিখিয়েই পেট প্রবর্তন কৰিছিল। দুর্ভাগ্যজনকভাৱে, টেলিভিছন আৰু টেবলয়ডৰ কৃপাত আজিৰ তথ্য-প্রযুক্তিৰ যুগতো এনে ধাৰণাসমূহ অতিশয় সুলভ।


অৱশ্যে এনে শিশুসুলভ ধাৰণাসমূহৰ বিৰোধীৰ সংখ্যাও কম নহয়। এই বিৰোধীসকলে অতীতৰ পৰাই  যুক্তি দর্শাই আহিছে যে ঘটনা প্রবাহৰ আকস্মিকতাৰ আঁৰত কেতবোৰ নিয়মমাফিক ক্রিয়াপদ্ধতি আছে। মধ্যযুগত গীর্জাৰ মতাদর্শগত প্রভুত্বৰ ফলস্বৰূপে এই ক্রিয়াপদ্ধতিসমূহক ধর্মীয় দৃষ্টিৰে বিশ্লেষণ কৰা হৈছিল; মানুহৰ কর্মৰ আঁৰত ভগবানৰ ইচ্ছাই ক্রিয়া কৰে বুলি ভবা হৈছিল। মানুহে নিজ ইচ্ছা আৰু বাসনাবোৰ পূর্ণ কৰোঁতে সিবিলাকে অচেতনভাৱেই ভগবান সৃষ্ট ব্রহ্মাণ্ডৰ ক্রিয়াপদ্ধতি অনুসৰিয়েই আগবাঢ়ে বুলি ভবা হৈছিল। সেই অর্থত হেগেলক অন্তিমজন খ্রীষ্টিয় দার্শনিক বুলি কব পাৰি; তেওঁৰ মতে ইতিহাস হৈছে এনে এটি প্রক্রিয়া যাৰ বিকাশৰ দ্বাৰা পৰমাত্মাই চেতনা লাভ কৰে

১৭ শতিকাৰ বৈজ্ঞানিক বিপ্লৱৰ ফলস্বৰূপে ইতিহাস বিষয়ক কিছু চেকুলাৰ দৃষ্টিভংগী বিকশিত হ’ল। এই নতুন দৃষ্টিভংগীৰ অন্তর্ভাগত ভগবানৰ কোনো স্থান নাছিল। কিন্তু  তথাপিও ‘ইতিহাস মানেই মানসিক বিকাশৰে অগ্রগতি’ বুলি ভবাৰ পৰম্পৰা আলোকপ্রাপ্তিয়ে এৰিব নোৱাৰিলে। অর্থাৎ ঘটনা প্রবাহৰ আকস্মিকতাৰ আঁৰত যদি কোনো প্রাথমিক ক্রিয়াপদ্ধতি আছে, সেয়া মানসিক বিকাশৰ বাহিৰে আন একো নহয়। আলোকপ্রাপ্তিৰ এই দৃষ্টিভংগী মতে বুদ্ধি(reason)ৰ অহৰহ বিকাশৰ কাহিনীয়েই হৈছে ইতিহাস; বাৰম্বাৰ এই বুদ্ধিয়ে বিভিন্ন সামাজিক অন্ধবিশ্বাসৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছে, সিবিলাকক পৰাজিত কৰি ই ক্রমশঃ উচ্চতৰ অৱস্থালৈ গতি কৰিছে। অর্থাৎ ইতিহাস বিষয়ক আলোকপ্রাপ্তিৰ এই ধাৰণা ভাববাদী হোৱাৰ লগতে আশাবাদীও কিয়নো ই চিন্তা-চর্চাকেই ইতিহাস পৰিবর্তনৰ মূল কাৰণ হিচাপে গ্রহণ কৰে তথা এইবুলি মতপোষণ কৰে যে ব্যক্তিসকল আলোকপ্রাপ্ত/প্রবুদ্ধ হোৱাৰ লগে লগেই সমাজখনো প্রগতিৰ দিশেৰে ধাৱমান হ’ব।
১৮ তথা ১৯ শতিকাৰ সময়ছোৱাত আলোকপ্রাপ্তিৰ এই আশাবাদী ধাৰণাসমূহ সহজাত যেন অনুভৱ হৈছিল কিয়নো এই সময়ছোৱাতেই ইউৰোপীয় সমাজসমূহে ভীষণ বৈষয়িক তথা বৈজ্ঞানিক প্রগতি লাভ কৰিছিল। কিন্তু বিংশ শতিকাৰ প্রথম ভাগৰে পৰা দেখা গল – ইতিহাসে যেন ওলোটা দিশেৰেহে গতি কৰিছে। দুখনকৈ বিশ্বযুদ্ধ, নাজীবাদৰ ইহুদী নৰসংহাৰ, যোচেফ স্তালিনৰ শ্বাসৰুদ্ধকাৰী আমোলাতান্ত্রিক সমাজবাদ, এফালে পশ্চিমীয়া দেশসমূহৰ চৰম ঐশ্বর্য, আনফালে খাদ্যাভাৱত তৃতীয় বিশ্বৰ মহামাৰী ইত্যাদি অজস্র ঘটনা প্রবাহে আলোকপ্রাপ্তিৰ এই আশাবাদ  ভৰিৰে মোহাৰি পেলালে। বৈজ্ঞানিক প্রগতিৰ ফলত মানৱ জীৱন স্বয়ংক্রিয়ভাৱে উন্নততৰ হোৱাৰ বিপৰীতে, আণৱিক বোমা আদিৰ আৱিষ্কাৰে পৃথিবীখনক ধ্বংসৰ পথেৰেহে লৈ যোৱা যেন পৰিলক্ষিত হল।

ইতিহাসৰ এনে চলনাত হতাশগ্রস্থ হৈ বহুলোকে এইবুলিয়েই যুক্তি দর্শোৱা আৰম্ভ কৰিলে যে দৰাচলতে ইতিহাসৰ  কোনো নিয়মমাফিক ক্রিয়াপদ্ধতি নাই। ই হৈছে বিভিন্ন আকস্মিক তথা ট্রেজিক ঘটনাৰ খিচিৰি মাথো; উদাৰবাদী ৰাজনীতিবিদ হার্বার্ট ফিছাৰৰ মতে, ‘ইটোৰ পাছত সিটোকৈ বিভিন্ন জৰুৰীকালীন অৱস্থাৰ ধাৰাবাহিকতাই হৈছে ইতিহাস’। কবি জেমছ জয়েছৰ এটি চৰিত্রৰ ভাষাত, ‘ইতিহাস হৈছে এটা দুঃস্বপ্ন; মই তাৰ পৰা সাৰ পাবলৈকে চেষ্টা কৰি আছোঁ।’ বহু লোকেই  এই বক্তব্যৰ সৈতে সহমর্মিতা অনুভৱ কৰিলে। যিহেতু ইতিহাসৰ কোনো  নিয়মমাফিক ক্রিয়াপদ্ধতি নাই, সেয়েহে ইতিহাস সলনি কৰিবলৈ চেষ্টা কৰাটোও মূর্খামি মাত্র। অর্থাৎ ইতিহাসৰ দুঃস্বপ্নৰ পৰা ৰক্ষা পাবলৈ ব্যক্তিগত প্রেম আদিৰ মাজতেই আশ্রয় লোৱা উচিত। নতুবা ব্যক্তিবিশেষৰ যদি কিছু প্রতিভা তথা টকা-সিকা আছে, তেনেহলে তেওঁ ব্যক্তিগত কৃতিত্বৰ মাজতেই শান্তি বিচাৰিবলৈ চেষ্টা কৰিব পাৰে

মার্ক্সৰ লেখনীত আলোকপ্রাপ্তিৰ  নিৰীহ আশাবাদ আৰু বিংশ শতিকাসদৃশ ঘোৰ নিৰাশাবাদ – এই দুয়োটাৰে সমালোচনা দেখা পোৱা যায়। মার্ক্সে লিখিছে যে ইতিহাসৰ কেতবোৰ নিয়মমাফিক ক্রিয়াপদ্ধতি নিশ্চয়েই আছে। কিন্তু সেইবুলি কোনো ‘মানৱ মানসৰ অহৰহ বিকাশ’ৰ ৰূপত তাৰ চিনাক্তকৰণ কৰিব নোৱাৰি। বৰঞ্চ মার্ক্সৰ আৰম্ভণি বিন্দুটোৱেই হৈছে যে ‘বাস্তৱিক  মানুহ, তেওঁলোকৰ বাস্তৱিক কাম-কাজ, তেওঁলোকৰ জীৱনধাৰণৰ প্রকৃত স্থিতি...আদি অধ্যয়ন কৰিয়েই  ইতিহাসৰ ক্রিয়াপদ্ধতি সন্ধান কৰিব লাগিব’ (Collected Works, Vol. V, 31) 

ৰামৰ অযোধ্যা

  মূলঃ সৰোজ মিশ্ৰ https://kafila.online/2024/01/02/rams-ayodhya-saroj-mishra/ অনুবাদঃ ময়ূ ৰ চেতিয়া   কোৱা হয় -   ৰামৰ জন্ম অযোধ্য...