Saturday, October 26, 2013

কার্ল মার্ক্সৰ বিপ্লৱী চিন্তাধাৰাঃ প্রথম অধ্যায়ঃ এক সংগ্রামী জীৱন (চতুর্থ খণ্ড)

Original: Part 4, Chapter 1, 'revolutionary Ideas of Karl Marx' by Alex Callinicos
Translation: Mayur Chetia

ডাছ কেপিটেল আৰু প্রথম ইন্টাৰনেছনেল 

মার্ক্সে পূর্বানুমান কৰাৰ দৰেই ১৮৫৭ চনত বিশ্ব অর্থনীতিয়ে সংকটৰ এটা নতুন পর্যায়ত প্রবেশ কৰিলেসমগ্র ইউৰোপৰ ষ্টক এক্সচেঞ্জ সমূহত হাহাকাৰ  লাগি গল এংগেলছে মার্ক্সলৈ লিখিলে, ‘মোৰ আকস্মিক ফূর্তি দেখি [ষ্টক এক্সচেঞ্জৰ]  বেটাহঁতে বৰ ভয় খাইছে!’ সংকটৰ আগমনে মার্ক্স-এংগেলছৰ মনত পুণৰ আশাৰ সঞ্চাৰ কৰিলেঃ হয়তো অচিৰেই বিপ্লৱৰ পুনর্গমন ঘটিব।   এংগেলছে লিখিলে ‘১৮৪৮ তেই আমি কৈছিলো, এতিয়া আমাৰ সময় আহিছে; এক সীমিত অর্থত ই আহিছিলেও। পিছে এইবাৰ ই সর্বগ্রাসী ৰূপ লৈ আহিব; এইবাৰৰ যুঁজখন হব জীৱন-মৰণৰ যুঁজ। মোৰ মিলিটেৰী বিষয়ক অধ্যয়ন সমূহ  অৱশেষত বাস্তৱক্ষেত্রত প্রয়োগ কৰাৰ সুযোগ পোৱা যাব’ (মার্ক্সলৈ এংগেলছৰ পত্রঃ ১৫ নবেম্বৰ, ১৮৫৭ চন)

Monday, October 21, 2013

কার্ল মার্ক্সৰ বিপ্লৱী চিন্তাধাৰাঃ প্রথম অধ্যায়ঃ এক সংগ্রামী জীৱন (তৃতীয় খণ্ড)

Original: Part 3, Chapter 1, 'Revolutionary Ideas of Karl Marx' by Alex Callinicos
Translation: Mayur Chetia


দেশান্তৰ আৰু কষ্টকৰ জীৱন সংগ্রাম

আগষ্ট ব্লাংক
জার্মানীৰ পৰা দেশান্তৰিত হোৱাৰ পাছত মার্ক্স কিছুদিনৰ বাবে পেৰিছলৈ আহে আৰু অৱশেষত ১৮৪৯ চনত লণ্ডনলৈ যায়। প্রথমতে তেওঁ দেশান্তৰৰ কাল চোৱা চমু হব বুলিয়েই আশা কৰিছিল। তেওঁ অন্তঃকৰণেৰে বিশ্বাস কৰিছিল – বিপ্লৱৰ তুঁহ জুইকুৰা অতি সোনকালেই পুনৰ দপদপাই জ্বলি উঠিব। আনফালে মার্ক্সৰ দৰেই এংগেলছেও ১৮৪৮ৰ বিপ্লৱত সকলোখিনি সমর্পণ কৰি দিছিল পিছে ১৮৪৯ চনৰ শেহৰ ফাললৈ প্রতিক্রিয়াশীল প্রুছিয়ান সেনাৰ হাতত বিপ্লৱৰ অন্তিমটো দুর্গ পেলেটিনেট অঞ্চলৰ পতনৰ পাছত এংগেলছৰ সমুখতো জার্মানীত কৰিবলগীয়া একো বাকী নাথাকিল(পেলেটিনেটৰ প্রতিৰক্ষা সংগ্রামত এংগেলছে সোঁ-শৰীৰেৰে অংশগ্রহণ কৰিছিল)কিছুদিনৰ পাছত তেৱোঁ  লণ্ডন চহৰত উপস্থিত হলগৈ

Thursday, October 17, 2013

কার্ল মার্ক্সৰ বিপ্লৱী চিন্তাধাৰাঃ প্রথম অধ্যায়ঃ 'এক সংগ্রামী জীৱন' (দ্বিতীয় খণ্ড)

Original: Part 2, Chapter 1, Revolutionary Ideas of Karl Marx by Alex Callinicos
Translation: Mayur Chetia

বন্ধুত্ব আৰু বিপ্লৱ
১৮৪৪ চনৰ আগষ্ট মানত কিছু কাম সংক্রান্তত এংগেলছ পেৰিছ চহৰলৈ আহেএই সময়- ছোৱাতে তেওঁ মার্ক্সৰ সৈতে দীঘলীয়াকৈ কথা পতাৰ সুযোগ পালেমার্ক্স-এংগেলছৰ এই সাক্ষাতেই জীৱন যোৰা বন্ধুত্বৰ ৰূপ ললে

সেই সময়ত এংগেলছৰ বয়স তেইছ বছৰ; মার্ক্সতকৈ তিনি বছৰ কম। পিছে এই বয়সতেই এংগেলছে নিজকে এজন আমূল-পৰিবর্তনকামী সাংবাদিক তথা বিপ্লৱী তৰুণ-হেগেলবাদী ৰুপে পৰিচয় দিবলৈ সক্ষম হৈছিল। Rheinische Zeitung কাকতখনত এংগেলছেও দুই এটা প্রবন্ধ লিখিছিল। অৱশ্যে সেই সময়ত মার্ক্সে তেওঁক বিশ্বাসত লোৱা নাছিল। বার্লিনৰ আন আন বক্তৃতাসর্বস্ব তৰুণ হেগেলবাদীৰ দৰেই এংগেলছকো তেওঁ ‘ফ্রী’ সকলৰ এজন বুলি ভাবিছিল।.এংগেলছৰ পৰিয়ালটোৰ পেছা আছিল ব্যৱসায়; ১৮৪২ চনৰ নৱেম্বৰত পৰিয়ালৰ বিজনেছ ফার্ম ‘আর্মেন এণ্ড এংগেলছ’ৰ কামত মানচেষ্টাৰ চহৰলৈ আহোঁতে এংগেলছে চহৰৰ ঔদ্যোগিক বিপ্লৱৰ আৱহাৱা নিজ চকুৰে প্রত্যক্ষ্য কৰিছিল। লগতে তেওঁ প্রত্যক্ষ্য কৰিছিল শ্রমিক জনগণৰ দুর্বিষহ জীৱন ধাৰা আৰু তেওঁলোকৰ প্রতিনিয়ত প্রতিবাদ আৰু সংগ্রাম। এংগেলছ মানচেষ্টাৰলৈ অহাৰ মাত্র কিছুদিনৰ আগতে ঐতিহাসিক চার্টিষ্ট আন্দোলনে সমগ্র অঞ্চলটো চুই গৈছিল। এই সমূহ অভিজ্ঞতাৰ ভিত্তিত এংগেলছে ৰছনা কৰিছিল The Condition of the Working Class in England গ্রন্থখনি। মার্ক্সৰ দৰেই এংগেলছেও শ্রমিক শ্রেণীৰ বিপুল বৈপ্লৱিক সম্ভাৱনীয়তাসমূহ সঠিককৈ চিহ্নিত কৰিছিল। আন কথাত- দুয়োজনৰে চিন্তাৰ সাদৃশ্য আছিল অভূতপূর্ব। 

Saturday, October 12, 2013

কার্ল মার্ক্সৰ বিপ্লৱী চিন্তাধাৰাঃ প্রথম অধ্যায়ঃ এক সংগ্রামী জীৱন (প্রথম খণ্ড)

Original:  Part 1, Chapter 1,  Revolutionary Ideas of Karl Marx by Alex Callinicos

Translation: Mayur Chetia


ত্রায়াৰ চহৰস্থিত মার্ক্সৰ জন্ম-গৃহ
১৮১৮ চনৰ ৫ মে তাৰিখে  জার্মানীৰ ৰাইনলেণ্ড অঞ্চলৰ ত্রায়াৰ চহৰত এক মধ্যবিত্তীয় পৰিয়ালত কার্ল মার্ক্সৰ জন্ম হয়তেওঁৰ পিতৃ-মাতৃ হেনৰিখ আৰু হেনৰিয়েট মার্ক্স দুয়োজনেই ইহুদী ধর্মযাজক পৰিয়ালৰ বংশধৰ আছিল। কিন্তু ১৮১৭ চনত তেওঁলোকে ইহুদী ধর্ম পৰিত্যাগ কৰি খৃষ্টান ধর্ম গ্রহণ কৰেসেইসময়ত প্রুছিয়াৰ ইহুদী বিৰোধী চৰকাৰী নিয়ম-কানুন সমূহ আছিল যথেষ্ঠ কাঢ়া; আনকি ইহুদী সকলে চৰকাৰী চাকৰি কৰাৰ ক্ষেত্রতো নিষেধাজ্ঞা আৰোপণ কৰা হৈছিল। এই যাতীয় বাধা সমূহৰ পৰা ৰক্ষা পাবলৈকে মার্ক্স দম্পত্তীয়ে ইহুদী ধর্ম পৰিত্যাগ কৰিছিল বুলি জনা যায় অৱশ্যে প্রতিক্রিয়াশীল প্রুছিয়ান সাম্রাজ্যৰ আন আন অঞ্চলৰ বিপৰীতে ৰাইনলেণ্ড ৰাজনৈতিক আৰু অর্থনৈতিক ভাৱে যথেষ্ঠ আগবঢ়া আছিল।  বিশেষকৈ ফৰাচী বিপ্লৱৰ আমূল পৰিবর্তনকামী চিন্তা চর্চাই অঞ্চলটো দকৈ ছুই গৈছিল এনে এক তুলনামূলকভাৱে মুক্ত পৰিবেশতে মার্ক্সৰ শৈশৱ অতিবাহিত হৈছিল

ৰামৰ অযোধ্যা

  মূলঃ সৰোজ মিশ্ৰ https://kafila.online/2024/01/02/rams-ayodhya-saroj-mishra/ অনুবাদঃ ময়ূ ৰ চেতিয়া   কোৱা হয় -   ৰামৰ জন্ম অযোধ্য...