[ভূপেন হাজৰিকাৰ দ্বাৰা ৰচিত এই গীতটিৰ কেইবাটাও সংস্কৰণ শুনিবলৈ পোৱা যায়। ভাৰতীয় গণ নাট্য সংঘত থকা সময়তে হাজৰিকাই গীতটি ৰছনা কৰিছিল। থলুৱা সুৰ মাতেৰে প্রস্তুত কৰা গীতটিত শ্রেণী সংগ্রামৰ সুৰ সুস্পষ্ট। গণ নাট্য সংঘ এৰি অহাৰ পাছত অৱশ্যে হাজৰিকাই নিজেই গানটোৰ ৰেডিকেল অংশখিনি বাদ দি নতুনকৈ ৰেকর্ড কৰাইছিল।]
http://www.asomtube.com/audio/2510/sagar-saal-selabar-old-ipta-version
ছাগৰ ছাল চেলাবৰ ডবুৱা কটাৰী
পহুৰ ছাল চেলাবৰ মিট
দেশৰ বুঢ়া মেথা দায়ে নধৰিবা
গাই যাওঁ আজিৰে গীত
লুইতত ভুটুঙাই ওলাল শিহু
দেশৰ বুঢ়া মেথা দায়ে নধৰিবা
গাই যাওঁ আজিৰে গীত
লুইতত ভুটুঙাই ওলাল শিহু
আজি বোলে ৰঙালী বিহু বিহু
ধেমালি চাই যা, ধেমালি চা
যেন লেতেকুৰে থোক
ধেমালি চাই যা, ধেমালি চা
যেন লেতেকুৰে থোক
দলদোপ দলদোপ হেন্দোলদোপ