মূলঃ সৰোজ মিশ্ৰ
https://kafila.online/2024/01/02/rams-ayodhya-saroj-mishra/
অনুবাদঃ ময়ূৰ চেতিয়া
কোৱা হয় - ৰামৰ
জন্ম অযোধ্যাত হৈছিল, তাতেই খেলা-ধুলা কৰিছিল, ডাঙৰ-দীঘল হৈছিল, তাৰ পৰাই নিৰ্বাসনলৈ
পঠোৱা হৈছিল, তথা উভতি আহি তেওঁ তাতেই শাসন
কৰিছিল। এসময়ত তেওঁৰ জীৱনৰ প্ৰতিটো মুহূৰ্তক স্মৰণ কৰি একো-একোটা
মন্দিৰ নিৰ্মাণ কৰা হল। তেওঁ য’ত খেলিছিল, তাত
নির্মিত হ’ল গুলেলা মন্দিৰ।
পঢ়া-শুনা কৰা ঠাইখনত নির্মান কৰা হ’ল বশিষ্ঠ মন্দিৰ। তেওঁ
য'ত বহি শাসন কৰিছিল, তাতো এটা মন্দিৰ
নির্মান কৰা হ’ল। য’ত খাদ্য খাইছিল, সেয়া
হ’লগৈ সীতা ৰচুই। ভৰতে য’ত বাস কৰিছিল, তাত নির্মাণ কৰা হ’ল ভৰত মন্দিৰ। লগতে নির্মাণ কৰা হ’ল হনুমান
মন্দিৰ, কোপ
ভৱন, সুমিত্ৰা মন্দিৰ, দশৰথ ভৱন। সম্প্রতি
অযোধ্যাত এনে বিশটা মন্দিৰ আছে, যিবিলাকক ৪০০-৫০০
পূর্বে নির্মাণ কৰা হৈছিল।
অৰ্থাৎ ভাৰতবৰ্ষত মোগল বা মুছলমানৰ শাসন চলি থকাৰ সময়তে এই মন্দিৰসমূহ
নিৰ্মাণ কৰা হৈছিল।
আচহুৱা নহয়নে! মুছলমান শাসকসকলে কেনেকৈ এই মন্দিৰবিলাক
নিৰ্মাণ কৰিবলৈ দিলে? তেওঁলোকেতো কেৱল মন্দিৰ ভঙাৰেই কথা আছিল! মন্দিৰ ভঙাৰ অভিযোগৰ বাবেইতো
আজি তেওঁলোকক স্মৰণ কৰা হয়! তেওঁলোকৰ
কাৰ্যকালত এখন সম্পূৰ্ণ চহৰ “মন্দিৰৰ চহৰ”লৈ ৰূপান্তৰিত হৈছিল আৰু তেওঁলোকে
একোৱেই কৰা নাছিল! সেয়া কেনে কথা? মন্দিৰৰ বাবে মাটি দান কৰা মুছলমান শাসক –সিহঁত দেখোন আততায়ী হোৱাৰহে কথা
আছিল! মানুহে কয় – য’ত গুলেলা মন্দিৰ নিৰ্মাণ কৰা হৈছিল, সেইখিনি মাটি মুছলমান শাসকে দিছিল। মানুহে নিশ্চয় মিছাকৈয়ে তেনেকৈ কয়! দিগম্বৰ আখ’ৰাত সংৰক্ষণ কৰি ৰখা সেই দলিলখনো নিশ্চয়কৈ
মিছা, য’ত লিখা আছে যে মুছলমান ৰজাই মন্দিৰ নিৰ্মাণৰ বাবে ৫০০ বিঘা
মাটি দিছিল। নবাব ছিৰাজ-উদ-দৌলাই নিৰ্মোহী আখ’ৰাৰ বাবে মাটি
দিয়াৰ কথাও নিশ্চয়কৈ মিছা। সত্য মাথোঁ বাবৰ আৰু তেওঁৰ দ্বাৰা নিৰ্মিত বাবৰি মছজিদ!
এতিয়া ১৫২৮ চনৰ আশে-পাশে জন্ম লোৱা তুলসী দাসেও মিছা মতা
যেন অনুভৱ হব ধৰিছে।
মানুহে কয় যে ১৫২৮ চনত বাবৰে ৰাম মন্দিৰ ভাঙি বাবৰি মছজিদ নিৰ্মাণ কৰিছিল।
তুলসীয়ে নিশ্চয় সেই বিষয়ে জানিছিল বা শুনিছিল। বাবৰে ৰামৰ জন্মস্থান ধ্বংস কৰি আছিল আৰু তুলসীয়ে লিখি
আছিল – “মাংগ কে খাইবো, মচিত মেই চোইবো।” আৰু তাৰ পিছত সেইজন মানুহেই “ৰামচৰিত মানস” লিখিলে! ৰাম মন্দিৰ ভাঙি
বাবৰি মছজিদ নিৰ্মাণ কৰা বাবে তুলসীৰ অকনো আক্ষেপ নহল নে?
তেওঁ ক’তো এনে আক্ষেপৰ কথা লিখি নগ’ল কিয়?
অযোধ্যাত আজি সত্য আৰু মিথ্যাৰ অৰ্থ হেৰাই গৈছে। তাত মুছলমানসকলে পাঁচ প্ৰজন্ম ধৰি ফুলৰ খেতি কৰি আহিছে।
তেওঁলোকৰ ফুলবোৰ সকলো মন্দিৰত, তাত বাস কৰা দেৱতাসকলৰ গাত, ৰামৰ শৰীৰত তর্পন কৰি অহা হৈছে। মুছলমানসকলে
বহুদিনৰ পৰাই তাত খৰম নিৰ্মাণৰ পেছাত জড়িত হৈ আহিছে। সন্যাসী, ঋষি, ৰামভক্ত – চবেই এই মুছলমানে বনোৱা খৰম পিন্ধি আহিছে। সৌ সিদিনালৈকে সুন্দৰ
ভৱন মন্দিৰৰ সামগ্ৰিক পৰিচালনা চাৰি দশক পর্যন্ত এজন মুছলমানৰ হাতত আছিল। ১৯৪৯
চনত ইয়াৰ কমাণ্ড লোৱা মুন্নু মিয়া ১৯৯২ চনৰ ২৩ ডিচেম্বৰলৈকে ইয়াৰ মেনেজাৰ হৈ আছিল। যেতিয়াই
মানুহ কম হয়, আৰু আৰতিৰ সময়ত মুন্নু মিয়াই নিজে খৰতাল বজাবলৈ
থিয় হয়, তেতিয়া তেওঁ ভাবিছিলনে -
অযোধ্যাৰ সত্য কি আৰু মিথ্যা কি?
আগৰৱালাসকলে নিৰ্মাণ কৰা মন্দিৰটোৰ প্ৰতি চপৰা ইটাতে ৭৮৬ বুলি লিখা আছে। তাৰ বাবে সকলো ইটা দিছিল ৰাজা
হুছেইন আলী খানে। কোনটো সঁচা? কোনটো মিছা?
মন্দিৰ নিৰ্মাণ কৰা সেই আগৰৱালাসকল পাগল আছিল
নেকি?
মন্দিৰৰ বাবে ইটা দিয়া হুছেইন আলী খান পাগল আছিল
নেকি?
এই মন্দিৰটোলৈ হিন্দু মুছলমান চবেই আহে, আশীষ বিচাৰি। মাত্র এটা নম্বৰে - ৭৮৬ য়ে - মন্দিৰটোক চবৰে কৰি তুলিলে। সত্য কি কেৱল ১৯৯২
চনৰ ৬ ডিচেম্বৰেই নির্ধাৰণ কৰিব?
১৯৯২ চনৰ ৬ ডিচেম্বৰৰ পিছত অযোধ্যাৰ অধিকাংশ মন্দিৰ চৰকাৰে নিজৰ দখলত লৈ ললে। দর্জাত তলা লাগিল। আৰতি বন্ধ
হৈ গ’ল। মানুহৰ গতিবিধি ৰূদ্ধ হৈ পৰিল। বন্ধ দুৱাৰৰ
আঁৰত বহি থকা দেৱ-দেৱীসকলে গম্বুজত উঠি ৰামক স্পৰ্শ কৰিবলৈ স্পর্ধা
কৰাসকলক কেতিয়াবা বাৰু শোকত গালি পাৰেনে? জনশূণ্য
হনুমান মন্দিৰ অথবা সীতা ৰচুইত বাৰু সেই তেজৰ গোন্ধ পোৱা যাইনে, যি তেজ ৰামৰ নামত অযোধ্যা তথা সমগ্র ভাৰতত বোৱাই দিয়া হল?
অযোধ্যা হৈছে এখন
চহৰ ইছ্যুলৈ পৰিণত হোৱাৰ কাহিনী।
অযোধ্যা হৈছে এক সংস্কৃতিৰ মৃত্যুৰ
কাহিনী।